সংগীতা ঘোষ
| সংগীতা ঘোষ | |
|---|---|
২০১৪ চনত মুম্বাই আৰক্ষী আৰু বেচৰকাৰী সংস্থাৰ শিশুৰ অনুষ্ঠানত ঘোষ | |
| জন্ম | ১৮ আগষ্ট, ১৯৭৬ (৫০ বছৰ) শিৱপুৰী, মধ্য প্ৰদেশ, ভাৰত |
| পেচা | মডেল, অভিনেত্ৰী, নৃত্যশিল্পী, দূৰদৰ্শন উপস্থাপিকা |
| সক্ৰিয় হৈ থকা সময় | ১৯৮৬–বৰ্তমান |
| দাম্পত্যসঙ্গী | শৈলেন্দ্ৰ সিং ৰাথোড় (বি. ২০১১) |
| সন্তান | ১ |
সংগীতা ঘোষ (ইংৰাজী: Sangita Ghosh; জন্ম: ১৮ আগষ্ট ১৯৭৬[1]) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ তথা দূৰদৰ্শন অভিনেত্ৰী আৰু মডেল।[2] তেওঁ বিশেষকৈ দেচ মে নিকলা হ'গা চান্দ ধাৰাবাহিকত পাম্মী নামৰ চৰিত্ৰটোত কৰা অভিনয়ৰ বাবে জনাজাত।[3] তেওঁ কেইবাটাও বঁটা বিতৰণী অনুষ্ঠান আৰু দূৰদৰ্শন শৃংখলাৰ আঁত ধৰিছে। তেওঁ চব্বিৰ আহলুৱালিয়াৰ সৈতে নাচ বলিয়ে অনুষ্ঠানটো পৰিচালনা কৰিছিল, য'ত তেওঁ কেইবাটো নৃত্য প্ৰদৰ্শন কৰিছিল।[4] তেওঁ দিব্য দৃষ্টিত পিশাচিনী চৰিত্ৰত কৰা অভিনয়ৰ বাবেও পৰিচিত।
কৰ্মজীৱন
[সম্পাদনা কৰক]ঘোষে দহ বছৰ বয়সতে হাম হিন্দুস্তানী নামৰ এখন ধাৰাবাহিকৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰিছিল।[2] তেওঁ ডনিয়াৰ চুটিন আৰু নিৰ্মাৰ দৰে ব্ৰেণ্ডৰ বাবে যথেষ্ট মডেলিং কৰিছে। ১৯৯৬ চনত তেওঁ মহাবিদ্যালয়ৰ পঢ়া-শুনা শেষ কৰে আৰু "মেহেণ্ডি তেৰে নাম কী", সংসাৰ (ধীৰজ কুমাৰৰ নব্বৈৰ দশকৰ আৰম্ভণিৰ ধাৰাবাহিক), কুৰুক্ষেত্ৰ, অধিকাৰ, অজীব দাস্তান আৰু দৰাৰৰ দৰে ধাৰাবাহিকত অভিনয় কৰে। দৰাৰৰ পিছত তেওঁক দেচ মে নিকলা হ'গা চান্দত পাম্মী চৰিত্ৰৰ বাবে নিৰ্বাচিত কৰা হয়। ২০০৬ চনত তেওঁ জনপ্ৰিয় টিভি শ্ব' বিৰাসতত প্ৰিয়ংকা খাৰবান্দা / প্ৰিয়ংকা ৰাহুল লাম্বাৰ চৰিত্ৰত অভিনয় কৰিছিল।
২০১০ চনত তেওঁ ৰিয়েলিটী ডান্স শ্ব' জৰা নাচকে দিখা ২ত ছোৱালী দলৰ অধিনায়ক হিচাপে অংশগ্ৰহণ কৰিছিল। বিৰাসতৰ পিছত প্ৰায় ছয় বছৰৰ বিৰতি লৈ ২০১৩ চনৰ ১৫ আগষ্টত তেওঁ অভিনেতা ৰুছলান মুমতাজৰ বিপৰীতে কেহতা হ্যায় দিল জী লে জৰা ধাৰাবাহিকত ছাঞ্চী হিচাপে পুনৰ অভিনয়লৈ উভতি আহে।[5][6] অনুষ্ঠানটো ইয়াৰ সতেজ আৰু অনন্য ধাৰণাৰ বাবে প্ৰশংসিত হৈছিল আৰু মুমতাজৰ সৈতে থকা ঘোষৰ ৰসায়নৰ বাবে তেওঁ ব্যাপক সমাদৰ লাভ কৰিছিল। এই অনুষ্ঠানটো ২০১৪ চনৰ মাজভাগত সমাপ্ত হয়।[7]
ইয়াৰ পিছত তেওঁ ধাৰাবাহিক পৰৱৰিশৰ দ্বিতীয় ছিজনত অভিনয় কৰে।[8] তেওঁ ষ্টাৰ প্লাছৰ থ্ৰিলাৰ ধাৰাবাহিক ৰিশতোঁ কা চক্ৰবেহুত সুধা নামৰ নেতিবাচক চৰিত্ৰটোত অভিনয় কৰিছিল। ২০১৯ চনৰ ফেব্ৰুৱাৰীত তেওঁক টিভি শ্ব' দিব্য দৃষ্টিত নেতিবাচক চৰিত্ৰ সাচিনী হিচাপে দেখা গৈছিল। সাচিনী হিচাপে তেওঁৰ অভিনয়ে ব্যাপক প্ৰশংসা লাভ কৰে আৰু শ্ব'টো ব্যাৱসায়িকভাৱে সফল হয়। এবছৰ ধৰি চলাৰ পিছত ২০২০ চনৰ ফেব্ৰুৱাৰীত এই শ্ব'টো শেষ হয়।[9]
২০২৫ চনৰ নৱেম্বৰ মাহৰপৰা তেওঁ কালাৰ্ছ টিভিৰ তু জুলিয়েট জট দিত গুলাব চৰিত্ৰত অভিনয় কৰিছে।[10]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]প্ৰাৰম্ভিক কালত ঘোষে মুম্বাইৰ এয়াৰপোৰ্ট হাইস্কুলত পঢ়া-শুনা কৰিছিল। ২০১১ চনত এক ব্যক্তিগত অনুষ্ঠানত ঘোষে জয়পুৰৰ প’ল’ খেলুৱৈ ৰাজৱী শৈলেন্দ্ৰ সিং ৰাথোড়ৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[11] ২০২২ চনৰ জুলাই মাহত ঘোষে প্ৰকাশ কৰে যে তেওঁ আৰু তেওঁৰ স্বামী এগৰাকী কন্যা সন্তানৰ পিতৃ-মাতৃ। দম্পতীহালে তেওঁলোকৰ কন্যাৰ নাম দেৱী ৰাখিছে।[12][2][13]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Happy Birthday: Des mein nikla hoga chand fame Sangita Ghosh turns 39". Dainik Bhaskar. 18 August 2015. http://daily.bhaskar.com। আহৰণ কৰা হৈছে: 22 June 2016.
- 1 2 3 Mulchandani, Amrita (16 September 2013). "I refrain from watching myself on TV: Sangita Ghosh". The Times of India. http://timesofindia.indiatimes.com। আহৰণ কৰা হৈছে: 23 June 2016.
- ↑ Unnikrishnan, Chaya (26 August 2013). "Oh my Ghosh!". Daily News & Analysis. http://www.dnaindia.com। আহৰণ কৰা হৈছে: 28 August 2013.
- ↑ Chattopadhyay, Sudipto (22 February 2006). "I want a contractual marriage with Shabbir" (en ভাষাত). DNA India. https://www.dnaindia.com.
- ↑ "Sangeeta Ghosh on a learning spree". The Times of India. 24 September 2013. http://timesofindia.indiatimes.com/tv/news/hindi/Sangeeta-Ghosh-Sulbha-Deshpande-Marathi/articleshow/22999860.cms। আহৰণ কৰা হৈছে: 23 June 2016.
- ↑ Agarwal, Stuti (11 January 2017). "Amitabh Bachchan proposes to Sangeeta Ghosh". The Times of India. http://timesofindia.indiatimes.com/entertainment/bengali/movies/news/Amitabh-Bachchan-proposes-to-Sangeeta-Ghosh/articleshow/23914012.cms.
- ↑ Agarwal, Stuti (25 August 2013). "I won't mind kissing Sangeeta Ghosh: Ruslaan Mumtaz". The Times of India. http://timesofindia.indiatimes.com/tv/news/hindi/I-wont-mind-kissing-Sangeeta-Ghosh-Ruslaan-Mumtaz/articleshow/22092347.cms.
- ↑ Shrivastava, Vipra (30 November 2015). "Heres why Sangeeta Ghosh said yes to finite series Parvarrish". India Today. https://www.indiatoday.in/television/soaps/story/heres-why-sangeeta-ghosh-said-yes-to-finite-series-parvarrish-season-2-sony-tv-274982-2015-11-30.
- ↑ "Sangita Ghosh: I have done everything on TV that a heroine gets to do in a film". The Indian Express. 10 April 2019. https://indianexpress.com/article/entertainment/television/sangita-ghosh-plays-a-witch-star-plus-divya-drishti-5668786/.
- ↑ Sehgal, Chirag (27 November 2025). "Sangita Ghosh Joins Tu Juliet Jatt Di As Gulaab, Says The Role ‘Fits Naturally’" (en ভাষাত). News18. https://www.news18.com/movies/television/sangita-ghosh-joins-tu-juliet-jatt-di-as-gulaab-says-the-role-fits-naturally-aa-ws-l-9735044.html.
- ↑ Merani, Anil (17 April 2016). "Sangita Ghosh: My husband and I are still in the lovey-dovey phase of marriage". Spotboye. http://www.spotboye.com/television/tv-interviews/sangita-ghosh-my-husband-and-i-are-still-in-the-lovey-dovey-phase-of-marriage/57136420032ee7bc21f3866c। আহৰণ কৰা হৈছে: 22 June 2016.
- ↑ "I missed acting: TV actress Sangeeta Ghosh". Business Standard. Press Trust of India. 7 August 2013. http://www.business-standard.com/article/pti-stories/i-missed-acting-tv-actress-sangeeta-ghosh-113080701254_1.html.
- ↑ Sinha, Seema (21 October 2012). "Nothing is wrong with my married life: Sangeeta Ghosh". The Times of India. http://timesofindia.indiatimes.com/tv/news/hindi/Nothing-is-wrong-with-my-married-life-Sangeeta-Ghosh/articleshow/16890621.cms। আহৰণ কৰা হৈছে: 23 June 2016.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত সংগীতা ঘোষ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Sangeeta Ghosh সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Sangeeta Ghosh সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য