সমললৈ যাওক

সংগীতা মাধৱন নায়াৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সংগীতা মাধৱন নায়াৰ
জন্ম ২৫ জুলাই, ১৯৭৬ (৫০ বছৰ)
কোট্টাক্কাল, মালাপ্পুৰম জিলা, কেৰালা, ভাৰত
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৭৮–২০০০
২০১৪, ২০২৩–বৰ্তমান
দাম্পত্যসঙ্গী এস. সাৰাৱানন (বি. ২০০০)
পিতৃ-মাতৃ
  • মাধৱন নায়াৰ
  • পদ্মা
সন্তান

সংগীতা মাধৱন নায়াৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে তামিল, মালয়ালম আৰু কন্নড় চলচ্চিত্ৰত অভিনয় কৰিছে।

কেৰিয়াৰ

[সম্পাদনা কৰক]

তেওঁ ১৯৭৮ চনত মুক্তিপ্ৰাপ্ত মালয়ালম চলচ্চিত্ৰ স্নেহিক্কান ওৰু পেন্নুত শিশু শিল্পী হিচাপে অভিনয় কৰি কেৰিয়াৰ আৰম্ভ কৰে। তামিল ভাষাত শিশু শিল্পী হিচাপে তেওঁৰ প্ৰথম চলচ্চিত্ৰ আছিল এন ৰথাথিন ৰথমে (১৯৮৯), যি হিন্দী চলচ্চিত্ৰ মিষ্টাৰ ইণ্ডিয়াৰ পুনৰ্নিৰ্মাণ। নায়িকা হিচাপে তেওঁৰ প্ৰথম চলচ্চিত্ৰ আছিল ১৯৯৫ চনৰ এল্লামে এন ৰাসাথান

অভিনেতা বিজয়ৰ উল্লেখযোগ্য সফলতা লাভ কৰা চলচ্চিত্ৰ পুভে উনাক্কাগা (১৯৯৬)ত অভিনয় কৰি তেওঁ বিশেষ পৰিচিতি লাভ কৰে।

তাৰ পিছত তেওঁ তামিলৰ কেইবাখনো উল্লেখযোগ্য চলচ্চিত্ৰত অভিনয় কৰে, যেনে কালাম মাৰি পচ্চু (১৯৯৬), আলেকজেণ্ডাৰ (১৯৯৬), ভাল্লাল (১৯৯৭), পোংগালো পোংগাল (১৯৯৭), কল্যাণ বৈভোগম (১৯৯৭) আৰু এথিৰুম পুধিৰুম (১৯৯৯)।

মালয়ালম ব্যঙ্গধৰ্মী চলচ্চিত্ৰ চিহ্নাভিষ্টায়ায়া শ্যামলা (১৯৯৮)ত অভিনয়ৰ বাবে তেওঁ কেৰালা ৰাজ্য চলচ্চিত্ৰ বঁটা (শ্ৰেষ্ঠ অভিনেত্ৰী) লাভ কৰে।[1]

তেওঁ অনিয়ন বাভা চেতন বাভা (১৯৯৫), মান্ত্ৰিকুমাৰন (১৯৯৮), পল্লাভুৰ দেৱনাৰায়ণন (১৯৯৯), সাফল্যম (১৯৯৯), ভাঝুন্নোৰ (১৯৯৯) আৰু ক্ৰাইম ফাইল (১৯৯৯) আদি চলচ্চিত্ৰতো গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰে।[2]

কন্নড় ভাষাত তেওঁ ইয়াৰে নীনু চেলুভে (১৯৯৮) আৰু ইয়াৰে নী অভিমানী (২০০০) চলচ্চিত্ৰৰ বাবে জনাজাত।[3]

১৪ বছৰৰ বিৰতিৰ পিছত তেওঁ ২০১৪ চনৰ নাগৰা বৰিধি নাড়ুভিল ঞ্জান চলচ্চিত্ৰত পুনৰ অভিনয় জগতলৈ ঘূৰি আহে। ২০২৩ চনৰ চাভেৰ চলচ্চিত্ৰত দেৱী নামৰ শক্তিশালী চৰিত্ৰত অভিনয় কৰি তেওঁ পুনৰ ৰূপালী পৰ্দাত দেখা দিয়ে।[4]

২৫ বছৰৰ পাছত তেওঁ ভাৰথ অভিনীত কালিদাস ২ চলচ্চিত্ৰৰ জৰিয়তে পুনৰ তামিল চলচ্চিত্ৰত অভিনয় কৰে।[5]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

তেওঁ কোট্টাক্কাল, মালাপ্পুৰমৰ মাধৱন নায়াৰ আৰু কুঝালমান্নাম, পালাক্কাডৰ পদ্মাৰ চাৰিজন সন্তানৰ ভিতৰত কনিষ্ঠ হিচাপে জন্মগ্ৰহণ কৰে। পৰিয়ালটো পাছত চেন্নাইত বসতি স্থাপন কৰে। তেওঁৰ প্ৰাথমিক শিক্ষা চেন্নাইৰ শ্ৰী গুজৰাটি বিদ্যামেট্ৰিকুলেচন বিদ্যালয়ত সম্পন্ন হয়।[6]

তেওঁৰ দুই ভনী মল্লিকা আৰু চাৰু আৰু এজন ভাতৃ নিথীশ আছে।[7]

২০০০ চনত তেওঁ ছিনেমাট’গ্ৰাফাৰ এস. সাৰাৱাননৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু বিবাহৰ পিছত অভিনয়ৰপৰা অৱসৰ গ্ৰহণ কৰে। দম্পতীৰ এগৰাকী কন্যা আছে — সাই তেজস্বতী (জন্ম ২০০২)।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "'Chinthavishtayaya Shyamala' and Sreenivasan to come together again for a social satire". The Times of India. 21 August 2014. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/chinthavishtayaya-shyamala-and-sreenivasan-to-come-together-again-for-a-social-satire/articleshow/40504470.cms.
  2. "'Chinthavishtayaya Shyamala' still the same? Sangita Madhavan returns to silver screen with 'Chaver'". On Manorama. https://www.onmanorama.com/entertainment/entertainment-news/2023/09/24/sangita-madhavan-chinthavishtayaya-shyamala-actress-returns-chaver.html.
  3. "When the autowale grab all the limelight". The New Indian Express. https://www.newindianexpress.com/entertainment/kannada/2013/May/08/when-the-autowale-grab-all-the-limelight-475381.html.
  4. "Actress Sangeetha Madhavan Nair Returns To Malayalam Cinema After 9 Years". News 18. https://www.news18.com/movies/actress-sangeetha-madhavan-nair-returns-to-malayalam-cinema-after-9-years-8595759.html.
  5. "After 25 years, Sangita returns to Tamil cinema". The Times of India. 9 March 2025. https://timesofindia.indiatimes.com/entertainment/tamil/movies/news/after-25-years-sangita-returns-to-tamil-cinema/articleshow/118817323.cms.
  6. "16 വര്‍ഷത്തിനു ശേഷം സംഗീത വന്നപ്പോള്‍ | mangalam.com". Archived from the original on 6 October 2014. https://web.archive.org/web/20141006085944/http://www.mangalam.com/cinema/interviews/235471?page=0,0 আহৰণ কৰা হৈছে: 5 October 2014.
  7. "വിജയേട്ടന്‍ വിളിച്ചു; ശ്യാമള വന്നു | mangalam.com". Archived from the original on 4 October 2014. https://web.archive.org/web/20141004055036/http://www.mangalam.com/mangalam-varika/233929?page=0,0 আহৰণ কৰা হৈছে: 30 September 2014.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]