সংযুক্ত সংখ্যালঘূ মৰ্চা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

সংযুক্ত সংখ্যালঘূ মৰ্চা, অসম (চমুকৈ ইউ এম এফ) ভাৰতঅসম ৰাজ্যৰ এটা ৰাজনৈতিক দল। সদৌ অসম সংখ্যালঘূ ছাত্ৰ সন্থা(ইংৰাজী: All Assam Minority Students Union (AAMSU)), নাগৰিক অধিকাৰ সুৰক্ষা সমিতি(ইংৰাজী:Citizens Rights Preservation Committee (CRPC)) আৰু অন্যান্য ধৰ্মীয় আৰু ভাষিক সংখ্যালঘূ গোটৰ দ্বাৰা সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আৰম্ভ হোৱা অসম আন্দোলন আৰু অসম চুক্তিৰ বিৰোধিতা কৰি ১৯৮৫ চনত ইউ এম এফ গঠিত হৈছিল। ইউ এম এফৰ মূল সমৰ্থনৰ ভিত্তি মূলতঃ বেংগলী মুছলিম আৰু হিন্দুসকল।

ইউ এম এফ এৰ সভাপতি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মুজি উদ্দিন মেহমুদ। তেওঁ অসমৰ সংখ্যালঘূ অধিকাৰ কৰ্মী হিচাপে পৰিচিত।

২০১৩ চনৰ ১৩ এপ্ৰিলত, বঙাইগাঁৱৰ লেংটিছিঙাত হোৱা এখন ৰাজ্যিক পৰ্যায়ৰ সভাত দলৰ ৰাজ্যিক কাৰ্যকৰী সমিতি গঠন কৰা হয়। ইউ এম এফ এ য়ে ১৯৮৫ চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি ১৭ খন বিধানসভা আসন আৰু ১ খন লোকসভা আসন লাভ কৰিছিল।

অসমৰ সংখ্যালঘূ অধ্যুষিত অঞ্চলৰ লোকসভা সমষ্টিকেইটাত ইউ এম এফ এয়ে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব।