সমললৈ যাওক

সংস্কৃত ভাৰতী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সংস্কৃত ভাৰতী

जयतु संस्कृतं, विश्वपोषकम्॥
জয়তু সংস্কৃতং, বিশ্বপোষকম্॥
প্ৰধান  কাৰ্যালয় ২৫ দীনদয়াল উপাধ্যায় মাৰ্গ
নতুন দিল্লী, ভাৰত
Officers
  • গোপবন্ধু মিশ্ৰ (অধ্যক্ষ)
  • শ্ৰীনিৱাস বৰ্খাৰেডি (উপাধ্যক্ষ)
  • সত্যনাৰায়ণ ভাট (সাধাৰণ সম্পাদক)
  • দিনেশ কামাথ (সাংগঠনিক সম্পাদক)
  • পি নন্দকুমাৰ (সম্পাদক)
ৱেবছাইট samskritabharati.in

সংস্কৃত ভাৰতী (সংস্কৃত: संस्कृत भारती; ইংৰাজী: Samskrita Bharati) সংস্কৃত ভাষাক পুনৰুজ্জীৱিত কৰাৰ বাবে কাম কৰা এটা অলাভজনক সংস্থা। বৈদিক আৰু ধ্ৰুপদী যুগত সংস্কৃত এক সৰ্বভাৰতীয় ভাষা আছিল যদিও আধুনিক ভাৰতত ইয়াৰ ব্যুৎপত্তিগত আঞ্চলিক উপভাষাৰ বাবে নিজৰ স্থান হেৰুৱাই পেলায়। সংস্কৃত ভাৰতীৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত। তেওঁলোকৰ নিজৰ পৰিসংখ্যা অনুসৰি ১৯৯৮ চনলৈকে ২৯ লাখ লোকে কথোপকথন শিবিৰত অংশগ্ৰহণ কৰিছিল।[1]

তিৰুপতি সংস্কৃত মহাবিদ্যালয়ৰ সংস্কৃত পণ্ডিত চামু কৃষ্ণ শাস্ত্ৰীয়ে সংস্কৃতত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁৰ পাঁচজন সহকৰ্মীৰ সৈতে লগ হৈ প্ৰতি দিনে দুই ঘণ্টাকৈ দহ দিনীয়া দহদিনীয়া কেপচুল শ্ৰেণীৰ মাধ্যমেৰে “সংস্কৃত কওক” (যাক সম্ভাষণ শিৱিৰম বুলি কোৱা হয়) পাঠ্যক্ৰমৰ যোগেদি কথিত সংস্কৃতৰ এটা পদ্ধতি তৈয়াৰ কৰিছিল। কম সময়ৰ ভিতৰতে এই পদ্ধতি সংস্কৃত শিক্ষাৰ ক্ষেত্ৰত “ট্ৰেণ্ড ব্লেজাৰ” হৈ পৰিল। এই "সংস্কৃত কওক" আন্দোলনে ১৯৮১ চনত বাংগালুৰু চহৰত আৰম্ভ হৈছিল আৰু পিছলৈ এক ৰাষ্ট্ৰীয় স্তৰৰ সংগঠন- “সংস্কৃত ভাৰতী” ১৯৯৫ চনত নতুন দিল্লীত প্ৰতিষ্ঠা হৈছিল।[2]

উদ্দেশ্য আৰু প্ৰেৰণা

[সম্পাদনা কৰক]

এই সংস্থাৰ মূল লক্ষ্য হৈছে দৈনন্দিন কথোপকথনৰ প্ৰসংগত সৰল সংস্কৃতৰ ব্যৱহাৰক উৎসাহিত কৰি সংস্কৃতক লোকতন্ত্ৰীকৰণ আৰু জনপ্ৰিয় কৰা। [3] শেহতীয়াকৈ সংস্থাটোৱে সংস্কৃত গৃহৰ দ্বাৰা সংস্কৃতৰ "মাতৃভাষাত্ব" (সংস্কৃত: मातृभाषात्वम्) বজাই ৰখাৰ ওপৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে।[4] ইয়াৰ উপৰিও প্ৰাথমিক প্ৰোৎসাহন হৈছে সংস্কৃতৰ মাধ্যমত প্ৰত্যক্ষ সংস্কৃত ভাষাৰ শিক্ষা দিয়া।

ইয়াৰ প্ৰতিষ্ঠাপকে কোৱাৰ দৰে "সংস্কৃত হৈছে পাঁচ প্ৰকাৰৰ সামাজিক মতভেদ আঁতৰোৱাৰ সৰ্বোত্তম আহিলা; ভাষা, শ্ৰেণী, জাতি, সম্প্ৰদায় আৰু উত্তৰ বনাম দক্ষিণ বিভাজন।" [5] এটা মৌলিক লক্ষ্য হৈছে সংস্কৃত ভাষীসকলৰ এটা জাতি গঠন কৰা, উমৈহতীয়া ভাষিক অনুশীলনৰ জৰিয়তে ভাৰতৰ বাবে এক জাতীয় ঐক্য (পুনৰ) সৃষ্টি কৰা।

এই আন্দোলনৰ আন এটা মূল চৰ্ত হ'ল, সংস্কৃত পাঠ্য পৰম্পৰাৰ বিশাল ভঁৰালটোলৈ প্ৰত্যক্ষভাৱে প্ৰৱেশৰ অনুমতি দিয়া।[4]

শৈক্ষণিক সিদ্ধান্ত

[সম্পাদনা কৰক]

সংস্থাটোৰ শিক্ষাবিজ্ঞান দৰ্শন এই ধাৰণাটোৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে যে পঢ়া আৰু লিখাৰ আগতে শুনা আৰু কোৱাটো হ'ব লাগিব।[4] পশ্চিমীয়া শৈলীৰ ব্যাকৰণগত নিৰ্দেশনা (বা অতি শেহতীয়া উদ্ভাৱন) আৰু পদ্ধতিগত মুখস্থ কৰাত গুৰুত্ব দিয়া সংস্কৃত শিক্ষাৰ ভাৰতীয় পৰম্পৰা- দুয়োটাকে নাকচ কৰি সংস্কৃত ভাৰতীয়ে ইয়াৰ পৰিৱৰ্তে কথোপকথনত নিজৰ শক্তি কেন্দ্ৰীভূত কৰাত গুৰুত্ব দিছে। [1] তেওঁলোকৰ সাহিত্যত ব্যৱহৃত এটা সাধাৰণ প্ৰবাদ হ'ল: "সংস্কৃতত কথা কওক, সংস্কৃতৰ বিষয়ে নহয়।"[5]

[সংবাদ সন্দেশ] Error: {{Transliteration}}: transliteration text not Latin script (pos 1: স) (help) – সংগঠনৰ আধিকাৰিক সংস্কৃত ভাষাৰ আলোচনী

সংস্কৃত ভাৰতী মূলতঃ স্বেচ্ছাসেৱী সংস্থা, য’ত সকলো ক্ষেত্ৰৰ স্বেচ্ছাসেৱকসকলে মানুহক সংস্কৃত ক’বলৈ শিকাবলৈ কৰি সময় অতিবাহিত কৰে। তেওঁলোকৰ আটাইতকৈ জনপ্ৰিয় পৰিবেশন হৈছে সৰল সংস্কৃত কথোপকথন দক্ষতা প্ৰদানৰ বাবে ডিজাইন কৰা দুঘণ্টীয়া ক্লাছৰ ১০ দিনীয়া কেপচুল পাঠ্যক্ৰম।[4]

ইয়াৰ উপৰিও সংস্থাটোৱে তলত দিয়া কাৰ্যসূচীসমূহ পৰিচালনা কৰে:

  • ভাৰতৰ নতুন দিল্লীত প্ৰতি গ্ৰীষ্মকালত সংবাদশালা (সংস্কৃত: শালা) নামৰ দুসপ্তাহজোৰা এক গহন আৱাসিক পাঠদান কাৰ্যসূচী অনুষ্ঠিত হয়।
  • আমেৰিকা আৰু ভাৰতৰ বহু ঠাইত সপ্তাহান্তিক শিবিৰ আৰু বছৰেকীয়া আৱাসিক শিবিৰৰ আয়োজন।
  • বিভিন্ন স্তৰত সংস্কৃত ভাষাত ব্যৱহাৰিক কথোপকথন শিকাৰ বাবে সৰল সংস্কৃত গ্ৰন্থ, টেপ আৰু চিডিৰ পদ্ধতিগতভাৱে বিকাশ আৰু প্ৰকাশ, যাতে নতুন বক্তাসকলে কথোপকথনৰ বাবে সংস্কৃত ভাষা ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিব পাৰে।
  • ”সম্ভাষণ সন্দেশ” আলোচনীৰ প্ৰকাশ।
  • দূৰ শিক্ষণ কাৰ্যসূচী বা দুৰস্থশিক্ষানম (दूरस्थशिक्षणम्)।
  • আমেৰিকাত শিশুসকলৰ বাবে বিদেশী ভাষা হিচাপে সংস্কৃত কাৰ্যক্ৰম।
  • শিশুসকলৰ মাজত সংস্কৃত শিক্ষণক উৎসাহিত কৰাৰ বাবে প্ৰতিযোগিতা।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 Samskrita Bharati (1998) Samskrtam vadatu. New Delhi: Samskrita Bharati.
  2. चमू कृष्ण शस्त्री (October 1996). "उदिता संस्कृताभारती". सम्भाषण सन्देशः. Archived from the original on 2014-05-28. https://web.archive.org/web/20140528005641/http://70.85.191.122/Sambhashanasandesha/pdf/1996/1996-6.pdf। আহৰণ কৰা হৈছে: 2025-02-02. 
  3. संस्कृतसम्मेलनसमितिः दक्षिणभारतीयसंस्कृतगृहसम्मेलनम्. Bangalore: Bhāratī
  4. 4.0 4.1 4.2 4.3 "पाठयेम संस्कृतं जगति सर्वमानवान्". https://www.samskritabharati.in/about_us। আহৰণ কৰা হৈছে: February 2, 2025. 
  5. 5.0 5.1 संक्रमणम् – कृष्णशास्त्रिः १९९९

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]