সমললৈ যাওক

সচ্চিদানন্দ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সচ্চিদানন্দ (Sanskrit: सच्चिदानन्द; IAST: Sat-cit-ānanda) হিন্দু দাৰ্শনিক পৰম্পৰাৰ অনেক শাখাত, বিশেষকৈ বেদান্তত, ব্ৰহ্মৰ সৈতে সম্পৰ্কিত এক বৰ্ণনামূলক পদ।[1]

এই পদটোক বহু ক্ষেত্ৰত অস্তিত্ব, সত্য-চেতন-আনন্দ আদি ৰূপত অনুবাদ কৰা হয়, আৰু ই “পৰম বাস্তৱতা”ৰ একক, বৰ্ণনাতীত স্বৰূপক তিনিমুখী ৰূপকেৰে বুজায়।[2][3]

ব্যুৎপত্তি

[সম্পাদনা কৰক]

সচ্চিদানন্দ (সন্ধি-পূৰ্ব ৰূপ সৎ-চিৎ-আনন্দ) তিনিটা সংস্কৃত পদৰ সন্ধি: সৎ, চিত্‌, আৰু আনন্দ। এই তিনিওটা হিন্দুধৰ্মত ব্ৰহ্মৰ স্বভাৱৰ সৈতে অবিচ্ছেদ্য বুলি ব্যাখ্যা কৰা হয়।[4]

(১) সৎ শব্দৰ অৰ্থ অস্তিত্ব, "হোৱা", সত্য বা বাস্তৱ আদি।[5]

(২) চিতৰ অৰ্থ চেতনা।[6][7]

(৩) আনন্দৰ অৰ্থ সুখৰ সৈতে কিছু খাপ খায় আৰু বেদান্তত আত্ম বা ব্ৰহ্মৰ এক গুণ-লক্ষণ হিচাপে উল্লেখিত।[8]

দাৰ্শনিক ব্যাখ্যা

[সম্পাদনা কৰক]

বিভিন্ন হিন্দু পৰম্পৰাত এই পদটোক “পৰম বাস্তৱতা”ৰ সৈতে সংগতি ৰাখি বুজোৱা হয়।[4]

ঈশ্বৰবাদী ধাৰাসমূহত সচ্চিদানন্দ ভগৱানৰ সৈতে একাত্ম বুলি ধৰা হ’ব পাৰে, যেনে বিষ্ণু, শিৱ বা শক্তি-ধাৰাৰ দেৱী।[9][10][11]

অদ্বৈত ধাৰাত, বিশেষকৈ অদ্বৈত বেদান্তৰ ব্যাখ্যাত, সৎ-চিত্‌-আনন্দনিৰ্গুণ ব্ৰহ্মৰ (গুণহীন বা অলক্ষণ) স্বৰূপৰ সৈতে অবিচ্ছেদ্য বুলি ধৰা হয়, আৰু আত্ম-ব্ৰহ্মৰ একতাৰ জ্ঞানৰ দ্বাৰাই মোক্ষ লাভ হয় বুলি ব্যাখ্যা কৰা হয়।[12]

গ্ৰন্থত উল্লেখ

[সম্পাদনা কৰক]

উপনিষদসমূহত আত্ম, ব্ৰহ্ম, চেতনা আৰু আনন্দ সম্পৰ্কীয় আলোচনা সচ্চিদানন্দ-ধৰণৰ শব্দৰ সৈতে সংযুক্ত কৰা হয়।

বৃহদাৰণ্যক উপনিষদৰ (প্ৰায় ৮০০–৬০০ খ্ৰী.পূ.) কিছুমান অংশত আত্ম-ব্ৰহ্ম, “চেতনা” আৰু “আনন্দ” সম্পৰ্কীয় আলোচনাৰ উল্লেখ দিয়া আছে।[13][14]

ছান্দোগ্য উপনিষদৰ (প্ৰায় ৮০০–৬০০ খ্ৰী.পূ.) ৩.১৪–৩.১৮ অংশত আত্ম-ব্ৰহ্মক অন্তঃজ্যোতি বা অন্তঃপ্ৰকাশ আদিৰ সৈতে সন্নিবিষ্ট কৰি ব্যাখ্যা কৰা হৈছে।[15][16]

তেজোবিন্দু উপনিষদৰ ৩.১১ শ্লোকত সচ্চিদানন্দ যৌগিক পদৰ আগতীয়া উল্লেখ দেখা যায়।[17][18]

বেদান্ত আৰু বৈষ্ণৱ দৃষ্টিভংগী

[সম্পাদনা কৰক]

বেদান্ত দৰ্শনত সচ্চিদানন্দক ব্ৰহ্মৰ তিনিটা মৌলিক লক্ষণৰ সমাৰ্থক হিচাপে ধৰা হয়।[2] একে ধাৰাত ব্ৰহ্মক একক, বৰ্ণনাতীত আৰু আচল বাস্তৱতা বুলি বৰ্ণনা কৰা উৎসও আছে।[1][19]

আনহাতে বৈষ্ণৱ পৰম্পৰাত তুলসীদাসে ৰামসচ্চিদানন্দ হিচাপে চিহ্নিত কৰিছে[20] কৃষ্ণবাদী দৰ্শনসমূহত প্ৰায় কৃষ্ণক সচ্চিদানন্দ আখ্যা দিয়া হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 Devadutta Kali (2005). Devimahatmyam: In Praise of the Goddess. Motilal Banarsidass. পৃষ্ঠা. 365. ISBN 978-8120829534.
  2. 1 2 Werner, Karel (2004), A Popular Dictionary of Hinduism, Routledge, p. 88, ISBN 9781135797539, https://books.google.com/books?id=HvuQAgAAQBAJ
  3. Raju, P. T. (2013), The Philosophical Traditions of India, Routledge, p. 228, ISBN 9781135029425, https://books.google.com/books?id=jSz87aR-z7cC
  4. 1 2 James Lochtefeld (2002). The Illustrated Encyclopedia of Hinduism, Vol. 2: N–Z. Rosen Publishing. পৃষ্ঠা. 578. ISBN 0-8239-2287-1.
  5. Sir Monier Monier-Williams, Sat, A Sanskrit-English Dictionary, Oxford University Press (Reprinted: Motilal Banarsidass), ISBN 978-8120831056, page 1134
  6. Sir Monier Monier-Williams, Cit, A Sanskrit-English Dictionary, Oxford University Press (Reprinted: Motilal Banarsidass), ISBN 978-8120831056, page 395
  7. Constance Jones; James D. Ryan (2006). Encyclopedia of Hinduism. Infobase Publishing. পৃষ্ঠা. 28. ISBN 978-0-8160-7564-5. https://books.google.com/books?id=OgMmceadQ3gC.
  8. Sir Monier Monier-Williams, Ananda, A Sanskrit-English Dictionary, Oxford University Press (Reprinted: Motilal Banarsidass), ISBN 978-8120831056, page 139
  9. Klaus Klostermair (2007), A Survey of Hinduism, 3rd Edition, SUNY Press, ISBN 978-0791470817, page 246
  10. Hilko Wiardo Schomerus and Humphrey Palmer (2000), Śaiva Siddhānta, Motilal Banarsidass, ISBN 978-8120815698, page 44
  11. Sherma, Rita (1998), Lance E. Nelson, ed., Purifying the Earthly Body of God: Religion and Ecology in Hindu India, State University of New York Press, p. 116, ISBN 978-0791439241
  12. Holdrege, Barbara (2004). Mittal, S; Thursby, G. eds. The Hindu World. Routledge. পৃষ্ঠা. 241–242. ISBN 0415215277.
  13. Paul Deussen, Sixty Upanishads of the Veda, Volume 1, Motilal Banarsidass, ISBN 978-8120814684, pages 433-437, 464-475, 484-493
  14. Anantanand Rambachan (2006), The Advaita Worldview: God, World, and Humanity, SUNY Press, ISBN 978-0791468517, pages 40-43
  15. Paul Deussen, Sixty Upanishads of the Veda, Volume 1, Motilal Banarsidass, ISBN 978-8120814684, pages 110-117
  16. Klaus Witz (1998), The Supreme Wisdom of the Upaniṣads: An Introduction, Motilal Banarsidass, ISBN 978-8120815735, pages 227-228
  17. Hattangadi, Sunder (2015). "Tejobindu Upanishad" (sa ভাষাত). পৃষ্ঠা: 8. http://sanskritdocuments.org/doc_upanishhat/tejobindu.pdf আহৰণ কৰা হৈছে: 12 January 2016.
  18. Mircea Eliade (1970), Yoga: Immortality and Freedom, Princeton University Press, ISBN 0-691017646, pages 128-129
  19. Eliot Deutsch (1980). Advaita Vedanta: A Philosophical Reconstruction. University of Hawaii Press. ISBN 978-0824802714.
  20. MacFie, J.M. (2004), The Ramayan of Tulsidas or the Bible of Northern India, Kessinger Publishing, p. 26