সমললৈ যাওক

সতীশ চন্দ্ৰ কাকতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সতীশ চন্দ্ৰ কাকতি
জন্ম অক্টোবৰ ১৯১২
উলাবড়ী, নলবাৰী জিলা, অসম, ভাৰত
মৃত্যু ২০ জুন ২০০৬
গুৱাহাটী, অসম, ভাৰত
পেচা সাংবাদিকতা
[লেখক]]
স্বাধীনতা সংগ্ৰামী
জনা যায় আসাম ট্ৰিবিউন
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী বঁটা
কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি সোঁৱৰণী বঁটা
লোকপ্ৰিয়া গোপীনাথ বৰদলৈ সোঁৱৰণী বঁটা

সতীশ চন্দ্ৰ কাকতি (ইংৰাজী: Satish Chandra Kakati) এজন ভাৰতীয় সাংবাদিক, সাহিত্যিক, অসম ভিত্তিক ইংৰাজী ভাষাৰ দৈনিক কাকত দ্য আছাম ট্ৰিবিউনৰ সম্পাদক আছিল।[1] তেখেত ১৯৫৫ চনত দ্য আছাম ট্ৰিবিউন গোটৰ দ্বাৰা আৰম্ভ কৰা স্থানীয়ভাষাৰ সাপ্তাহিক অসম বাণীৰ অন্যতম প্ৰতিষ্ঠাপক।[2]২০০৫ চনত কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি সোঁৱৰণী বঁটা[3] লাভ কৰা কাকতিক ১৯৯১ চনত ভাৰত চৰকাৰে চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী প্ৰদান কৰে।[4][5]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯১২ চনৰ অক্টোবৰ মাহত অসমৰ নলবাৰী জিলাৰ এখন সৰু গাঁও উলাবড়ীত জন্মগ্ৰহণ কৰা কাকতিয়ে[1]স্কুলীয়া শিক্ষা অসমৰ জাতীয়তাবাদী আন্দোলনৰ পৰা জন্ম হোৱা বিদ্যালয় দ্য কামৰূপ একাডেমীত কৰে।[6] তেখেতে গুৱাহাটীৰ কটন কলেজত স্নাতক ডিগ্ৰীত অধ্যয়ন কৰি থকাৰ সময়ত ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰতি আকৰ্ষিত হৈছিল। অসহযোগ আন্দোলনত জড়িত হোৱাৰ বাবে আৰু তেতিয়াৰ ৰাজহুৱা নিৰ্দেশনাৰ সঞ্চালক জে আৰ কানিংহামে জাৰি কৰা কানিংহাম চাৰ্কুলাৰৰ বিৰুদ্ধে আন্দোলনত অংশগ্ৰহণ কৰিছিল।[7] এই স্বদেশী আন্দোলনত ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ নিষিদ্ধ কৰা হৈছিল।[6] এই আন্দোলন জড়িত হোৱাৰ পৰিপ্ৰেক্ষিতত তেঁও তিনিমাহৰ বাবে কাৰাবন্দী হ’বলগীয়া হৈছিল। তেওঁ ছাত্ৰ আন্দোলনৰ সৈতেও জড়িত আছিল আৰু অসমৰ বাবে সুকীয়া বিশ্ববিদ্যালয়ৰ বাবে আন্দোলন কৰা অসম বিশ্ববিদ্যালয় লীগৰ অন্যতম প্ৰতিষ্ঠাপক সম্পাদক আছিল।[8]


কৰ্ম জীৱন

[সম্পাদনা কৰক]

১৯৩৬ চনত গংগাপুখুৰী হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে তেওঁৰ কৰ্মজীৱন আৰম্ভ হয় যদিও ১৯৪৮ চনত তেওঁ সহকাৰী প্ৰধান শিক্ষক হিচাপে কামৰূপ একাডেমীলৈ গুচি যায়।[9] শৈক্ষিক দিনত তেওঁ হিন্দুস্তান ষ্টেণ্ডাৰ্ড, আনন্দবজাৰ পত্ৰিকা আৰু প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ সৈতে সাংবাদিক হিচাপে জড়িত আছিল। পিছলৈ তেওঁ চৰকাৰী চাকৰিয়াল হিচাপে, সহকাৰী প্ৰচাৰ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰে।তাত তেওঁ ৰাধা গোবিন্দ বৰুৱাৰ সৈতে জড়িত নোহোৱালৈকে থাকে আৰু ১৯৫২ চনত তেওঁক দ্য আছাম ট্ৰিবিউনত সহকাৰী সম্পাদক হিচাপে যোগদান কৰিবলৈ আমন্ত্ৰণ জনায়।[9] ১৯৫৫ চনত যেতিয়া অসমীয়া ভাষাৰ সাপ্তাহিক আসম বাণী আৰম্ভ কৰিছিল, তেতিয়া তেওঁ ইয়াৰ প্ৰতিষ্ঠাপক সম্পাদক হৈছিল।[9] ১৯৭৬ চনলৈকে তেওঁ তাতেই থাকে আৰু ১৯৬৩ চনত এই প্ৰকাশনৰ সম্পাদক হয়।[1] কাকতি অন্যান্য প্ৰকাশনৰো[1] নিয়মীয়া অৱদানকাৰী আছিল আৰু অৱসৰৰ পিছতো তেওঁ সামাজিক সক্ৰিয়তা অব্যাহত ৰাখিছিল। তেওঁ দ্য ষ্টেটছমেন কাকতৰ স্তম্ভলেখক আছিল।[10] He served as a visiting faculty at the Guwahati University for some time.[9] তেওঁ কিছুদিন গুৱাহাটী বিশ্ববিদ্যালয়ত অতিথি অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[9] তেওঁ অসম মিডিয়া ট্ৰাষ্টৰ সাংগঠনিক কাম-কাজৰ সৈতে জড়িত আছিল[11] আৰু ভাৰতীয় সম্পাদক গিল্ডৰ উপ-সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।[1]

সাহিত্য কৰ্ম

[সম্পাদনা কৰক]

তেখেতে ইংৰাজী আৰু অসমীয়া উভয় ভাষাতে সাহিত্য চৰ্চা কৰিছিল।[1]‘জীৱনীমালা’[12], ‘জৱাহৰলাল নেহৰু আৰু ছোভিয়েট ৰুছিয়া’'[13] , ‘স্মৃতি বিচিত্ৰা’[14], ‘হিটলাৰ মুচলিনা’, ‘ডিচকভাৰী অৱ অসম’, ‘বিদেশী গল্পৰ মৌকোঁহ’, ‘ফ্ৰম পাণ্ডৱ নগৰ টু জৱাহৰ’ আদি তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ। ‘জৱাহৰলাল নেহৰু আৰু ছোভিয়েট ৰুছিয়া’ গ্ৰন্থখনৰ বাবে তেওঁ ১৯৭৬ চনত ছোভিয়েট লেণ্ড নেহৰু বঁটা লাভ কৰিছে।

২০০৬ চলৰ ২০ জুন তাৰিখে তেখেতৰ দেহাৱসান ঘটে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 6 "Kakati, doyen of Assam journalism, dead". Indian Express. 21 June 2006. http://archive.indianexpress.com/news/kakati-doyen-of-assam-journalism-dead/6930/ আহৰণ কৰা হৈছে: 12 October 2015.
  2. "57 years of Asom Bani". The Assam Tribune. 2 July 2011. http://www.assamtribune.com/scripts/mdetails.asp?id=jul0211/city05 আহৰণ কৰা হৈছে: 12 October 2015.[সংযোগবিহীন উৎস]
  3. "Guwahati Diary". The Telegraph. 16 September 2005. http://www.telegraphindia.com/1050916/asp/guwahati/story_5244048.asp আহৰণ কৰা হৈছে: 12 October 2015.
  4. "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 19 October 2017. https://web.archive.org/web/20171019215108/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf আহৰণ কৰা হৈছে: 21 July 2015.
  5. Desk, Sentinel Digital (24 October 2015). "Remembering jourlist Satish Chandra Kakati - Sentinelassam" (en ভাষাত). www.sentinelassam.com. https://www.sentinelassam.com/news/remembering-jourlist-satish-chandra-kakati/.
  6. 1 2 "A symbol of sacrifice and nationalism". Kamrup Academy. 2015. http://kamrupacademy.net/node/1 আহৰণ কৰা হৈছে: 12 October 2015.
  7. "Cunningham, Hon. Mr. J. R.". The Indian Biographical Dictionary. 4.6. 1915. p. 108.
  8. Ram Bakshi; Sita Ram Sharma; S. Gajrani (1998). Contemporary Political Leadership in India: Sharad Pawar, the Maratha legacy. APH Publishing. ISBN 9788176480086. https://books.google.com/books?id=L1i51KFUyzIC&q=Satish+Chandra+Kakati&pg=PA129.
  9. 1 2 3 4 5 "Satis Chandra Kakati". Bipul Jyoti. 2015. http://www.bipuljyoti.in/authors/sckakati.html আহৰণ কৰা হৈছে: 12 October 2015.
  10. "NGO slams eyesores on Dispur ground". The Telegraph. 17 November 2003. http://www.telegraphindia.com/1031117/asp/guwahati/story_2578799.asp আহৰণ কৰা হৈছে: 12 October 2015.
  11. "History". Assam Media Trust. 2015. http://www.mediatrustassam.org/history/ আহৰণ কৰা হৈছে: 12 October 2015.
  12. Satish Chandra Kakati (1940). Jivanimala. Jayanti Art Press. ISBN 9788170992073. https://books.google.com/books?id=qOqEsStmcQQC&q=Satish+Chandra+Kakati&pg=PA271.
  13. "Jawaharlal Nehru Aru Soviet Russia". Digital Library of India. 2015. http://www.dli.ernet.in:8080/dlix/handle/2015/1205 আহৰণ কৰা হৈছে: 12 October 2015.[সংযোগবিহীন উৎস]
  14. "Smriti Bichitra". Digital Library of India. 2015. http://www.dli.ernet.in:8080/dlix/handle/2015/1326 আহৰণ কৰা হৈছে: 12 October 2015.[সংযোগবিহীন উৎস]