সমললৈ যাওক

সতী সাধনী দিৱস

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সতী সাধনী দিৱস চুতীয়া ৰাজ্যৰ শেষৰ গৰাকী ৰাণী সাধনীৰ স্মৃতিত প্ৰতিবছৰে অসমত পালন কৰা এটা দিৱস।[1] অসম চৰকাৰে ২০২০ চনৰ পৰা প্ৰতিবছৰে ৭ ব'হাগ দিনটো সাধনীৰ স্মৃতিত ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰিছে।[2]সতী সাধনী আছিল চুতীয়া ৰাজ্যৰ শেষৰগৰাকী ৰাণী। সতীত্ব ৰক্ষাৰ বাবে আত্মজাহ দি ইতিহাসত তেওঁ নিজৰ নাম সোণালী আখৰেৰে খোদিত কৰি গৈছে।

সতী সাধনী দিৱস
সতী সাধনী দিৱস
বীৰাঙ্গনা ৰাণী সাধনীৰ ছবি
সম্পূৰ্ণ নাম সতী সাধনী দিৱস
পালন কৰে অসমৰ লোকসকলে
প্ৰকাৰ সতী সাধনীৰ স্মৃতিত উদযাপিত দিৱস
মহত্ব সতী সাধনীয়ে কুণ্ডিল মহাকুণ্ডত আত্মজাহ দিয়াৰ পৱিত্ৰ স্মৃতি সুঁৱৰি
তাৰিখ ৭ ব'হাগ
সম্পৰ্কিত অসম

সতী সাধনী

[সম্পাদনা কৰক]

সতী সাধনী নাৰায়ণৰ জন্ম ১৫ শতিকাৰ শেষ ভাগত হৈছিল বুলি অনুমান কৰা হয় । সন্তান লাভৰ কাৰণে ঈশ্বৰৰ আগত সাধনা কৰাৰ বাবে পিতৃ ধীৰনাৰায়ণে তেওঁক "সাধনী" নাম দিছিল। তেওঁৰ আন এটা নাম আছিল "তেজা"। নিজ কন্যাৰ বাবে যোগ্য জামাতা নোপোৱাৰ বাবে ৰজাই বিবাহৰ কাৰণে স্বয়ম্বৰ আয়োজন কৰিবলৈ নিৰ্ণয় কৰিলে। ৰজাই আদেশ দিলে যে গছৰ ওপৰত থকা কেৰ্কেটুৱা এটা যি জন লোকে কাড়ে মাৰিব পাৰিব, সেই জনকে সাধনী কন্যাৰ হাত দিয়া হ'ব। পিছে কোনো বৰা-বুৰুক বা‌ ৰাজকোঁৱৰে কাড় লগাব নোৱাৰিলে। ৰজাই দুখ কৰি ওচৰতে থকা সামান্য খৰিভাৰী ল'ৰা এজনক কʼলে, "দেখনী কন্যাক তোকে দিম; তই কাণ্ড লগা"। ল'ৰা জনে আচৰিত হৈ উত্তৰ দিলে, "মই সামান্য লোক; চাকৰে কি ৰূপে ৰজাৰ জীক পালিম? ইটো অযোগ্য কথা।" ৰজাই পুণৰ কʼলে, "সামুকতো মাণিক, কদলীতো কৰ্পূৰ; তাত তই সংশয় নকৰিবি। সোৱৰ্ণপুৰী লঙ্কাতো ৰাক্ষসে ভোগ কৰে, ক'ত শুনিছ খুন্ত (চুতীয়া) ৰজাৰ বচন লৰে?" ৰজাৰ আদেশত ল'ৰা জনে কাড় মাৰিলে। কাড় পাত কেৰ্কেটুৱাটোৰ গাত লাগিলে আৰু নিজৰ কথা ৰাখি ৰজাই সাধনীৰ বিবাহ ল'ৰা জনৰ লগত কৰালে। ল'ৰা জনৰ নাম নিতাই আছিল। ১৫২০ চনৰ মোঙখ্ৰাঙ দুৰ্গৰ(দিহিঙমুখ) যুদ্ধত(বৰ্তমানৰ পশ্চিম মাজুলী অঞ্চল) ধীৰনাৰায়ণৰ সেনাই আহোম সেনাপতি খেনমোঙক পৰাস্ত কৰি বিজয়ী হয় আৰু ইয়াৰ পাছতে(১৫২২ চন) হাবুং অঞ্চলৰ (বৰ্তমান ঢকোৱাখনা) ব্ৰাহ্মণক ভূমি দান কৰি সাধনী আৰু নিতাইক ৰাজ্য ভাৰ দিয়ে। ৰজা হৈ নিতায়ে নীতিপাল নাম লয়।

নীতিপালে কাৰ্য্যভাৰ গ্ৰহণ কৰাৰ পিছত চুতীয়া ৰাজ্য লাহে লাহে দুৰ্বল হৈ আহিছিল। তেওঁ কেৱল নামতহে ৰজা হৈ আছিল। ইপিনে ক্ষমতাক লৈ নিজা ৰাজ্যতে কন্দলৰ সৃষ্টি হৈছিল। সাধনীয়ে ইয়াৰ কু প্ৰভাৱৰ কথা বুজি উঠিছিল। সেই সময়ত আহোম ৰাজ্য শক্তিশালী হৈ উঠিছিল। আহোম ৰাজ্যই ইয়াৰ সুযোগ গ্ৰহণ কৰি চুতীয়া ৰাজ্য আক্ৰমণ কৰে। প্ৰৱল পৰাক্ৰমেৰে চুতীয়াসকলে আহোমৰ বিৰুদ্ধে যুঁজ দিয়ে। কিন্তু প্ৰতাপী আহোমৰ হাতত চুতীয়াসকলৰ শোচনীয় অৱস্থা হয়। ৰজা নীতিপালৰ যুদ্ধত মৃত্যু ঘটে। কিন্তু এই মৃত্যুয়ে সাধনীক হতাশ কৰিব নোৱাৰিলে। অৱশেষত যুঁজ দি আহোম সেনাপতি কনচেং-এ যুদ্ধত পৰাভূত কৰি সাধনীক আহোম ৰাজ্যলৈ লৈ যাবলৈ অগ্ৰসৰ হয়। নিজৰ সতীত্ব ৰক্ষাৰ্থে সাধনীয়ে বশ্যতা স্বীকাৰ নকৰি কুণ্ডত জাপ মাৰি আত্মহত্যা কৰে।[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Sati Sadhani the Charismatic and Legendary Queen of the Chutia Dynasty". The SentinelThe Sentinel Assam. 14 October 2022. https://www.sentinelassam.com/more-news/life/sati-sadhani-the-charismatic-and-legendary-queen-of-the-chutia-dynasty-618116। আহৰণ কৰা হৈছে: 21 April 2025. 
  2. "List of Holidays for the Year 2025 in the State of Assam". Government of AssamGeneral Administration Department, Government of Assam. Archived from the original on 2025-04-16. https://web.archive.org/web/20250416162650/https://gad.assam.gov.in/sites/default/files/public_utility/Holiday%20List%202025%20-%20final.pdf। আহৰণ কৰা হৈছে: 2025-04-21. 
  3. Dr. Buddhindra Baruah (21 April 2025). "Error: no |title= specified when using {{Cite web}}". Asomiya PratidinAsomiya Pratidin.