সমললৈ যাওক

সত্যকৃষ্ণ মিশ্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সত্যকৃষ্ণ মিশ্ৰ
অন্য নাম বৰপেটা ৰত্ন
জন্ম ১৪ ছেপ্টেম্বৰ, ১৯২৬
বৰপেটা জিলাৰ গলিয়াহাটী
উৎসস্থান অসম, ভাৰত
মৃত্যুৰ তাৰিখ ০৪ আগষ্ট, ২০২৫ (৯৮ বছৰ)
সংগীতৰ ধৰণ শাস্ত্ৰীয় সংগীত
পেচা বেহেলাবাদক, অভিনেতা, খেলুৱৈ
জীৱন-সঙ্গী নিৰুপমা মিশ্ৰ

সত্যকৃষ্ণ মিশ্ৰ (ইংৰাজী: Satyakrishna Mishra)অসমৰ বৰপেটা জিলাত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীতজ্ঞ-বেহেলাবাদক, শিক্ষাবিদ, খেলুৱৈ আৰু অভিনেতা আছিল। তেওঁ শংকৰদেৱৰ পৰিয়ালৰ ৰামৰাম গুৰুৰ বংশধৰ আছিল[1] আৰু ভাৰতীয় জনতা পাৰ্টিৰ বৰপেটা জিলা শাখাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। তেওঁ বিভিন্ন বঁটা-সন্মানৰ প্ৰাপ্তিৰ লগতে অসম চৰকাৰৰ শিল্পী পেন্সনো লাভ কৰিছিল। সত্যকৃষ্ণ মিশ্ৰৰ ২০২৫ চনৰ ৪ আগষ্ট তাৰিখে ৯৮ বছৰ বয়সত মৃত্যু হয়।

জন্ম আৰু বংশ পৰিচয়

[সম্পাদনা কৰক]

সত্যকৃষ্ণ মিশ্ৰৰ জন্ম হৈছিল বৰপেটা জিলাৰ গলিয়াহাটীত, ১৯২৬ চনৰ ১৪ ছেপ্তেম্বৰত। পিতৃ নাৰায়ণ দেৱমিশ্ৰ আৰু মাতৃ হেমপ্ৰভা দেৱী। মিশ্ৰৰ পত্নী শিশু সাহিত্যিক নিৰুপমা মিশ্ৰ আৰু তিনিটা সন্তান ক্ৰমে, তবলাবাদক বিদ্যুৎ মিশ্ৰ(পুত্ৰ), প্ৰদ্যুৎ মিশ্ৰ(পুত্ৰ) আৰু কন্যা কৃষ্ণা কুমাৰী মিশ্ৰ।[1]

মিশ্ৰই বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৪৬ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৪৮ চনত মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ পৰা[2] ইণ্টাৰমিডিয়েট পৰীক্ষা আৰু ১৯৫০ চনত কটন কলেজৰ পৰা দৰ্শন বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপাছত তেওঁ বিটি ডিগ্ৰীও লাভ কৰে।[1]

সংগীত শিক্ষা

[সম্পাদনা কৰক]

সংগীতৰ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে ককায়েক গংগাধৰ মিশ্ৰৰ পৰা। পিছত তেওঁ ভাটখাণ্ডেৰ পাঠ্যক্ৰমৰ পৰা সংগীতৰ ৰাগসমূহৰ জ্ঞান আহৰণ কৰে। ১৯৩৫ চনত তেওঁ বিষ্ণু ৰাভাৰ সান্নিধ্য লাভ কৰি তেজপুৰত সংগীত পৰিৱেশন কৰিছিল।[1]

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৫৬ চনত মিশ্ৰই বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষকৰূপে কৰ্মজীৱন আৰম্ভ কৰে। পিছত সেইখন বিদ্যালয়ে অধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰি ১৯৮৮ চনত অৱসৰ গ্ৰহণ কৰে।[1]

ৰাজনীতিত

[সম্পাদনা কৰক]

তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ বৰপেটা জিলা শাখাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল আৰু ১৯৮৮ চনৰ পৰা ১৯৯৭ চনলৈ সেই পদত বাহাল আছিল।[1]

সামাজিক সংগঠনত

[সম্পাদনা কৰক]

মিশ্ৰই ১৯৯০ চনৰ পৰা একেৰাহে ৯ বছৰ বৰপেটা শংকৰদেৱ শিশু নিকেতনৰ সভাপতি আছিল। জয়কৃষ্ণ সংগীত মহাবিদ্যালয়ৰো তেওঁ সভাপতি আছিল।[1]

অন্যান্য অৱদান

[সম্পাদনা কৰক]

সৰুৰে পৰা সংগীত সাধনা কৰা মিশ্ৰই বিভিন্ন অনুষ্ঠানত পুৰস্কাৰ পাইছিল। পৰিণাম, শকুনিৰ প্ৰতিশোধ, পুষ্পলতা, শিৱাজী আদি নাটকত অভিনয় কৰি প্ৰশংসা লাভ কৰিছিল। এগৰাকী সাঁতোৰবিদ হোৱাৰ লগতে ফুটবল আৰু ভলী বলৰো খেলুৱৈ আছিল। সংগীত পৰিচালক ব্ৰজেন বৰুৱাৰ সৈতে অৰ্কেষ্ট্ৰা নামেৰে এটি সংগীতৰ দল গঠন কৰিছিল। অসম সাহিত্য সভা, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সৈতেও তেওঁ জড়িত আছিল।[1]

বঁটা-সন্মান

[সম্পাদনা কৰক]

তেওঁ ২০০৫ চনত অসম চৰকাৰৰ শিল্পী পেন্সন লাভ কৰে। তদুপৰি, বৰপেটা ৰত্ন বঁটা, সংগীত সূৰ্য বঁটা, বৰপেটা শিৰোমণি বঁটা, সংগীত ভগীৰথ বঁটা, তাঁতীকুছি বঁটা, ২০২৪ বৰ্ষৰ হাউলী বঁটা[3] আদি সন্মান লাভ কৰে।[1][4] তেওঁ পুৰুষোত্তম দাস সোঁৱৰণি বঁটাও লাভ কৰে।[5]

বাৰ্ধক্যজনিত কাৰণত বৰপেটাৰ নিজা বাসভৱনত ৪ আগষ্ট ২০২৫ তাৰিখ সোমবাৰে পুৱা ০৮:৪৬ বজাত[5] তেওঁৰ মৃত্যু হয়।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 "সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ দেহাৱসান". দৈনিক অসম: ১-২. ৫ আগষ্ট ২০২৫. 
  2. দাস, স্বপ্না. "নিৰানব্বৈ কলাৰে জড়িত আছিল চিৰতৰুণ কলা ভজন্তা সত্যকৃষ্ণ". অসমীয়া খবৰ: ৪. 
  3. "হাউলী ৰাস মহোৎসৱ....". https://assam.news18.com/news/assam/satyakrishna-mishra-to-be-felicitated-with-howly-award-at-howly-rash-mahotsav-subham-g-local18-422837.html। আহৰণ কৰা হৈছে: 5 August 2025. 
  4. "সত্যকৃষ্ণ মিশ্ৰৰ দেহাৱসান". https://pragnews.com/as/Prominent-classical-musician-Satyakrishna-Mishra-passes-away। আহৰণ কৰা হৈছে: 5 August 2025. 
  5. 5.0 5.1 "বিশিষ্ট শিক্ষাবিদ, সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰ...". https://www.asomiyapratidin.in/homepage/satyakrishna-misra-passes-away-9625143। আহৰণ কৰা হৈছে: 5 August 2025.