সমললৈ যাওক

সত্যবান সাবিত্ৰী (১৯৭৭ চনৰ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সত্যবান সাবিত্ৰী
পৰিচালক পি. জি. বিশ্বম্বৰম
ভিত্তি সাবিত্ৰী আৰু সত্যবান
প্ৰযোজক আৰ. দেৱৰাজন
অভিনয়ত কমল হাছান
শ্ৰীদেৱী
আদূৰ ভাছি
শ্ৰীলতা নাম্বুতিৰি
কবিয়ুৰ পোন্নাম্মা
মুক্তি
১৪ অক্টোবৰ ১৯৭৭ (1977-10-14)
দৈৰ্ঘ্য
১৭৭ মিনিট
দেশ ভাৰত
ভাষা মালয়ালম

সত্যবান সাবিত্ৰী (ইংৰাজী: Satyavan Savithri) ১৯৭৭ চনত মুক্তি পোৱা মালয়ালম ভাষাৰ এখন ভাৰতীয় ছবি৷ পি. জি. বিশ্বম্বৰমে পৰিচালনা কৰা এই ছবিখনৰ মুখ্য ভূমিকাত কমল হাছান আৰু শ্ৰীদেৱীয়ে অভিনয় কৰিছিল৷[1][2][3][4] ছবিখন একে নামেৰে তামিল ভাষাত আৰু সত্যবানথুডু (Sathyavanthudu) নামেৰে তেলুগু ভাষালৈ ডাব কৰা হৈছিল।[5]

ছবিখনৰ কাহিনী কিংবদন্তিৰ চৰিত্ৰ সাবিত্ৰী আৰু সত্যবানৰ ওপৰত আধাৰিত৷ যুধিষ্ঠিৰৰ প্ৰশ্নত মাৰ্কণ্ডেয়ে কোৱাৰ দৰে দ্ৰৌপদীৰ ভক্তিৰ সৈতে সাবিত্ৰীৰ ভক্তিৰ সাদৃশ্য আছিল। মহাকাব্য মহাভাৰতৰ পৰাই ছবিখনৰ কাহিনীভাগ লোৱা হৈছে।

অভিনয় শিল্পীসকল

[সম্পাদনা কৰক]

ছবিখনত সত্যবানৰ চৰিত্ৰত কমল হাছান, সাবিত্ৰীৰ চৰিত্ৰত শ্ৰীদেৱী আৰু অৰুন্ধতী দেৱীৰ চৰিত্ৰত কবিয়ুৰ পোন্নাম্মাই অভিনয় কৰিছিল৷ অন্য অভিনয় শিল্পীসকল হৈছে জোচ প্ৰকাশ, শংকৰড়ী, আদূৰ ভাছি, থিক্কুৰিছি সুকুমাৰন নাইৰ, শ্ৰীলতা নাম্বুতিৰি, পট্টম সদন, পি কে আব্ৰাহাম, মানৱালন জোচেফ, টি পি মাধৱন, কাদুভাক্কুলাম এণ্টনি, আৰণমুলা পোন্নাম্মা, বেবী সুমতী আদি৷

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]