সত্যেন্দ্ৰনাথ ব্ৰহ্মচৌধুৰী
সত্যেন্দ্ৰনাথ ব্ৰহ্মচৌধুৰী | |
|---|---|
| লোকসভাৰ সাংসদ | |
| কাৰ্যকাল ১৯৯১ – ১৯৯৬ | |
| সমষ্টি | কোকৰাঝাৰ |
| ব্যক্তিগত তথ্য | |
| জন্ম | ১০ মাৰ্চ ১৯৪৩ অসম, ভাৰত |
| ৰাজনৈতিক দল | স্বতন্ত্ৰ |
| দাম্পত্যসঙ্গী | বিজয়ালক্ষ্মী ব্ৰহ্মচৌধুৰী |
| সন্তান | ২ |
সত্যেন্দ্ৰনাথ ব্ৰহ্মচৌধুৰী (জন্ম: ১০ মাৰ্চ ১৯৪৩) এজন ভাৰতীয় প্ৰাক্তন আইনজ্ঞ আৰু ৰাজনীতিবিদ। তেওঁ ১০ম লোকসভাত লোকসভাৰ সাংসদ হিচাপে সেৱা আগবঢ়াইছিল। তেওঁ ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈকে কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰতিনিধিত্ব কৰিছিল আৰু স্বতন্ত্ৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছিল। ১৯৯১ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ আগতে তেওঁ ১৯৭৮ চনৰ পৰা ১৯৮৫ চনলৈকে জনতা পাৰ্টিৰ ৰাজ্যিক কমিটীৰ সদস্য আছিল।
জীৱনী
[সম্পাদনা কৰক]ব্ৰহ্ম চৌধুৰীৰ জন্ম ১৯৪৩ চনৰ ১০ মাৰ্চ তাৰিখে বঙাইগাঁও, অসমত হয়। তেওঁৰ পিতৃৰ নাম আছিল সীতানাথ ব্ৰহ্মচৌধুৰী।[1] তেওঁ গুৱাহাটী বিশ্ববিদ্যালয় আদি বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী (এম.এ.) আৰু আইন বিষয়ত স্নাতক ডিগ্ৰী (এল.এল.বি.) লাভ কৰিছিল।
তেওঁৰ অন্যান্য দায়িত্বসমূহৰ ভিতৰত আছিল হিন্দ মজদুৰ সভাৰ উপাধ্যক্ষ (১৯৮১–১৯৮৩) আৰু বড়ো পিপলছ্ একচন কমিটিৰ আইনগত উপদেষ্টা (১৯৮৮–১৯৯১)। তেওঁ বড়োলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন গঠন আন্দোলনৰ অন্যতম সমৰ্থক আছিল।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Members Bioprofile". Parliament of India, Lok Sabha. http://loksabhaph.nic.in/writereaddata/biodata_1_12/3476.htm। আহৰণ কৰা হৈছে: 2 January 2022.