সত্ৰাজিত
| সত্ৰাজিত | |
|---|---|
সত্ৰাজিতে নিজ কন্যা সত্যভামাক কৃষ্ণক অৰ্পন কৰে | |
| তথ্য | |
| পৰিয়াল | নিঘ্ন (পিতা) প্ৰসেন (ভ্ৰাতা) [1] |
| সন্তান | সত্যভামা |
| Texts | ভাগৱত, হৰিবংশ |
| Dynasty | যদু বংশ |
সত্ৰাজিত বা সত্ৰাজিৎ, হিন্দু ধৰ্মৰ এজন যাদৱ বংশী ৰজা।[2] তেওঁৰ দহগৰাকী পত্নী আৰু সত্যভামা, ব্ৰতিনী আৰু প্ৰস্বপিনী নামৰ তিনিগৰাকী কন্যা আছিল, যিসকল সকলোৱে কৃষ্ণৰ সৈতে বিবাহিত আছিল।[3] তেওঁক সূৰ্য দেৱতাৰ মহান ভক্ত বুলি বৰ্ণনা কৰা হৈছে। স্যমন্তক মণিৰ কিম্বদন্তিত তেওঁৰ উল্লেখযোগ্য ভূমিকা আছে।[4]
কিম্বদন্তি
[সম্পাদনা কৰক]স্যামন্তক লাভ
[সম্পাদনা কৰক]ভাগৱত পুৰাণত সত্ৰাজিৎ সূৰ্য দেৱতাৰ মহান ভক্ত আছিল বুলি বৰ্ণনা কৰা হৈছে। ভক্তিত অতিশয় সন্তুষ্ট হৈ সূৰ্যই তেওঁক উপহাৰ হিচাপে এই মণি আগবঢ়াই দিলে, যাৰ গৰাকীক বহু ধন প্ৰদান কৰাৰ ক্ষমতা আছিল। সত্ৰাজিতে যেতিয়া মণিটো পিন্ধিছিল, তেতিয়া ইয়াৰ উজ্জ্বলতা এনেকুৱা আছিল যে তেওঁকেই সূৰ্য্য দেৱতা বুলি ভুল কৰা হৈছিল। এখন সভাৰ সময়ত কৃষ্ণই সত্ৰাজিতক সেই মণিটো ৰজা উগ্ৰসেনক দিবলৈ ক’লে, যাতে ইয়াক সকলোৰে মংগলৰ বাবে ব্যৱহাৰ কৰিব পৰা যায়। নিজৰ অধিকাৰৰ বাবে গৌৰৱ কৰি সত্ৰাজিতে স্যামন্তক মণিটো দিবলৈ অস্বীকাৰ কৰে।[5]

মণিৰ অন্তৰ্ধান
[সম্পাদনা কৰক]এদিন সত্ৰাজিতৰ ভায়েক প্ৰসেনে সত্ৰাজিতৰ পৰা সেই মণিটো খুজি লৈ পিন্ধি চিকাৰৰ বাবে এখন হাবিলৈ গ’ল। তাতে এটা সিংহই তেওঁক হত্যা কৰি মণিটো লৈ এটা গুহাৰ ভিতৰলৈ সোমাই গ’ল। গুহাটো আছিল ভালুকৰ অমৰ ৰজা জাম্বৱন্তৰ। জাম্বৱনে সিংহটোক বধ কৰি সেই মণিটো নিজৰ বাবে লৈ গ’ল, খেলনা হিচাপে পুত্ৰক আগবঢ়াই দিলে। বহু পৰ ভায়েকৰ খবৰ নোপোৱাত সত্ৰাজিতে সন্দেহ কৰিলে যে, মণিৰ বাবেই নিশ্চয় তেওঁৰ ভায়েকক হত্যা কৰা হৈছে,আৰু কৃষ্ণই সেই কৰ্ম সংঘটিত কৰা বুলি সন্দেহ কৰিলে। এই উৰাবাতৰি বিয়পি পৰিল আৰু কৃষ্ণই নিজেই সেই মণিটো উদ্ধাৰ কৰিবলৈ আগবাঢ়িল।[6]
মণি লাভ আৰু সত্যভামাৰ বিবাহ
[সম্পাদনা কৰক]প্ৰসেনক সিংহই হত্যা কৰা বুলি জানি কৃষ্ণই ভালুকৰ গুহাত প্ৰৱেশ কৰিলে। তেওঁ আৱিষ্কাৰ কৰে যে, সেই মণিটো এটা শিশুৱে খেলনা হিচাপে ব্যৱহাৰ কৰি আছে। অচিনাকি লোকৰ প্ৰৱেশ দেখি শিশুটিৰ ধাইৰ চিঞৰ শুনি ক্ৰোধিত জাম্বৱনে কৃষ্ণক আক্ৰমণ কৰে। তেওঁলোকে ২৮[7] দিন আৰু ৰাতি যুঁজিছিল, তাৰ আগতে জাম্বৱনে অৱশেষত উপলব্ধি কৰিছিল যে কৃষ্ণ ৰামৰ পুনৰ্জন্ম। ভয় খাই তেওঁ কৃষ্ণক মহিমামণ্ডিত কৰি স্যামন্তকৰ লগতে তেওঁৰ কন্যা জাম্বৱতীকো দেৱতাৰ লগত বিয়া কৰাই দিলে। কৃষ্ণই দুয়োকে গ্ৰহণ কৰি ভালুক ৰজাক মোক্ষ প্ৰাপ্তি কৰালে। তেওঁ সত্ৰাজিতক ৰাজসভালৈ মাতিলে, আৰু স্যামন্তকৰ উদ্ধাৰৰ কাহিনী বৰ্ণনা কৰিলে। তেওঁ যদু ৰজাৰ হাতত সেই মণিটো পুনৰ ঘূৰাই দিলে। নিজে দিয়া মিছা অভিযোগত গভীৰভাৱে লাজ পাই সত্ৰাজিতে কৃষ্ণক স্যামন্তকৰ লগতে ‘নাৰীৰ মাজত ৰত্ন’ বুলি গণ্য কৰা কন্যা সত্যভামাৰ হাত আগবঢ়াবলৈ সিদ্ধান্ত ল’লে। কৃষ্ণই সত্যভামাক বিয়া কৰায়, কিন্তু ইয়াৰ দাতা সূৰ্য হোৱাৰ বাবে ইয়াক সত্ৰাজিতৰ সম্পত্তি বুলি গণ্য কৰি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।[8]
মৃত্যু
[সম্পাদনা কৰক]ভাগৱত পুৰাণত বৰ্ণনা কৰা হৈছে যে কৃতবৰ্মা, অক্ৰুৰ আৰু শতাধন্ব নামৰ তিনিজন যাদৱ যোদ্ধাই মণিৰ মহিমাৰে মোহিত হৈছিল আৰু নিজৰ বাবে ইয়াক বিচাৰিছিল। এদিন ৰাতি সত্ৰাজিত শুই থাকোঁতে তেওঁলোকে তেওঁক হত্যা কৰে আৰু সেই মণিটো লৈ যায়। পিছলৈ কৃষ্ণ আৰু বলোৰামে শতাধন্ৱক বধ কৰি সত্ৰাজিতৰ মৃত্যুৰ প্ৰতিশোধ লয়, কিন্তু সেই মণি তেওঁৰ হাতত নাই বুলি উপলব্ধি কৰে। শহুৰেকৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি কৃষ্ণই অতি সোনকালেই আৱিষ্কাৰ কৰিলে যে শতধন্ৱই সেই মণিটো অক্ৰুৰৰ ওচৰত জমা দিছে আৰু অক্ৰুৰএ দিনে দিনে সোণৰ বেদীত ধৰ্ম যজ্ঞ কৰি আহিছে। কৃষ্ণই অক্ৰুৰক দ্বাৰকাৰ ওচৰলৈ মাতি আনিলে আৰু তেওঁ সেই মণিটো কাপোৰৰ টুকুৰাত মেৰিয়াই আনিলে। তেওঁ নিজৰ বংশৰ লোকৰ উপস্থিতিত স্যামন্তক দেৱতাৰ হাতত তুলি দিলে, যাৰ ফলত তেওঁৰ চুৰি কৰা বুলি থকা অভিযোগ খণ্ডন হ’ল। সত্ৰাজিতৰ কন্যা সত্যভামাকে ধৰি কেইবাজনো ব্যক্তিয়ে স্যামন্তকক নিজৰ বুলি দাবী কৰাটো লক্ষ্য কৰি কৃষ্ণই সেই মণিটো অক্ৰুৰৰ হাতত ঘূৰাই দিলে।[9]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Nighna: 13 definitions". 26 September 2017. https://www.wisdomlib.org/definition/nighna.
- ↑ www.wisdomlib.org (2017-02-01). "Satrajita, Satrājita: 3 definitions" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/definition/satrajita। আহৰণ কৰা হৈছে: 2022-11-26.
- ↑ www.wisdomlib.org (2020-11-14). "An Account of Svyamantaka Jewel [Chapter 38"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/harivamsha-purana-dutt/d/doc485515.html। আহৰণ কৰা হৈছে: 2024-04-28.
- ↑ Mani, Vettam (1975). Puranic encyclopaedia : a comprehensive dictionary with special reference to the epic and Puranic literature. Robarts - University of Toronto. Delhi : Motilal Banarsidass. পৃষ্ঠা. 701. ISBN 9780842608220. http://archive.org/details/puranicencyclopa00maniuoft.
- ↑ Venkatesananda, Swami (2010-03-31) (en ভাষাত). The Concise Srimad Bhagavatam. State University of New York Press. পৃষ্ঠা. 294. ISBN 978-1-4384-2283-1. https://books.google.com/books?id=SS01AAAAQBAJ&dq=satrajit+ugrasena&pg=PA294.
- ↑ Coulter, Charles Russell; Turner, Patricia (2020-11-12) (en ভাষাত). Encyclopedia of Ancient Deities. McFarland. পৃষ্ঠা. 447. ISBN 978-1-4766-8556-4. https://books.google.com/books?id=62hnEAAAQBAJ&dq=krishna+accused+syamantaka&pg=PA447.
- ↑ Dylrample, William; Anand, Anita (2018). Kohinoor (First সম্পাদনা). Juggernaut. পৃষ্ঠা. 16. ISBN 9788193876732.
- ↑ www.wisdomlib.org (2022-09-02). "Kṛṣṇa's marriage with Jāmbavatī and Satyabhāmā [Chapter 56"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/the-bhagavata-purana/d/doc1128930.html। আহৰণ কৰা হৈছে: 2022-11-26.
- ↑ www.wisdomlib.org (2022-09-02). "Murder of Satājit for Syamantaka [Chapter 57"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/the-bhagavata-purana/d/doc1128931.html। আহৰণ কৰা হৈছে: 2022-11-26.