সমললৈ যাওক

সদস্য:কৰবী দাস/পৰীক্ষাগাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ছেৰ হংথম

অসমীয়া উপন‌্যাস

ছেৰ হংথম (ইংৰাজী-SER HONGTHOM)অজিত ছিংনাৰে ৰচনা কৰা এখন জনপ্রিয় উপন্যাস ।এই উপন্যাসখনৰ কাহিনীভাগ বাস্তৱ আৰু কল্পনাৰ  সংমিশ্রণ তথা লোকবিশ্বাস, কিংবদন্তিৰ ওপৰত আলম  কৰি লিখা হৈছে।। ২০১৬ চনত প্রকাশিত এই উপন্যাসখনে এক ঐতিহাসিক কাহিনীৰ উমান দিয়ে। কাৰ্বি জনগোষ্টিৰ মাজত প্রচলিত কাহিনীৰ ভিতৰত ৱাইছং তেৰাং ৰ কাহিনী অন্যতম । লৰালি কালৰ নানা ঘাত প্রতিঘাতৰ মাজেৰে ৱাইছং তেৰাঙে কেনেকৈ এখন স্বাধীন ৰাজ্য প্রতিষ্টা কৰিবলৈ সক্ষম হ'ল সেই কথা বৰ্ণিত আছে উপন্যাসখনত।

                          ছেৰহংথম

লেখক----------- অজিত ছিংনাৰ

দেশ--------------- ভাৰত

ভাষা_---------------- অসমীয়া(কাৰ্বি)

প্রকাৰ------------- ঐতিহাসিক (কাল্পনিক)

মিডিয়াৰ প্ৰকাৰ------- মুদ্রণ

প্রকাশ----------------২০১৬ চনৰ ডিচেম্বৰ মাহ

লেখকৰ পৰিচয় ----- ১৯৬৫ চনত নগাঁও জিলাৰ আমচৈত অজিত ছিংনাৰৰ জন্ম হৈছিল। আমচৈ হাইস্কুলৰ পৰা ১৯৮২ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হৈ নগাঁও কলেজত প্রাক্-বিশ্ববিদ্যালয় (বিজ্ঞান শাখা) শ্রেণীত নামভর্তি কৰে। ১৯৮৪-৮৯ চনলৈ গুৱাহাটীৰ অসম অভিযান্ত্রিক মহাবিদ্যালয়ত চিভিল ইঞ্জিনিয়াৰিং বিভাগত শিক্ষা লাভ কৰাৰ পাছত ১৯৯২ চনত অসম চৰকাৰৰ গড়কাপ্তানি বিভাগত চাকৰি জীৱন আৰম্ভ কৰে।

চাকৰি জীৱনৰ কৰ্মব্যস্ততাৰ মাজে মাজে শ্রী ছিংনাৰে সাহিত্য চর্চাও কৰি আহিছে। তেখেতৰ উপন্যাস 'লংৰি আতমন' বাবে অসম সাহিত্য সভাই শ্রী ছিংনাৰক ২০১৩-১৫ চনৰ সন্মানীয় বুদুৰাম পাংগিং স্মাৰক বঁটা প্ৰদান কৰে।

কাহিনীৰ সাৰাংশ:-  কার্বি সমাজৰ লোকবিশ্বাস কিংবদন্তিক আধাৰ কৰি "ছেৰ হংথম" উপন্যাসৰ কাহিনীয়ে গতি কৰিছে।  কাৰ্বি জনগোষ্ঠীসকলৰ মাজত প্রচলিত লোককাহিনীৰ ভিতৰত ৱাইছং তেৰাঙৰ কাহিনী অন্যতম আৰু সেই কাহিনীক লেখকে ঐতিহাসিক ভিত্তিৰে কল্পনাৰ ৰহনেৰে ৰচনা কৰিছে । এখন নতুন কাৰ্বি  ৰাজ্য প্রতিষ্ঠা কৰিবলৈ সক্ষম হোৱা ৱাইছং তেৰাঙৰ লৰালি কালৰ নানা ঘাত- প্রতিঘাতৰ মাজেৰে পাৰ কৰা সংৰ্কীণ জীৱন  যাত্রাই এক বৰ্ণাঢ্য  ৰূপ দিছে উপন্যাসখনত।ৱাইছংক আঁত ধৰিয়েই উপন্যাসখনৰ কাহিনীয়ে গতি কৰিছে।

                    ৱাইছংৰ গাৱঁত হোৱা মহামাৰীৰ কবলত মৃত্যু হোৱামানুহৰ সংখ্যা বাঢ়ি যোৱাত তেওঁলোকে কোনো অপদেৱতাৰ কৱলত পৰা বুলি গাওঁ এৰি গুচি যায় আৰু সেই যাত্রাত ৱাইছংৰ মাকৰো মৃত্যু হয়।সকলো গাৱৰ মানুহ চেদেলি ভেদেলি হৈ কোন কোণদিশত গ'ল কোনেও ধৰিব নোৱাৰিলে ,শেষত ৱাইছং এখন কাৰ্বি গাঁৱত উপস্থিত হয় আৰু সেই গাঁৱৰে অন'বে নামৰ ব্যক্তিজনৰ ঘৰত থাকিবলৈ লয়।লাহে লাহে সি তেওঁলোকৰ লৰা দৰে হৈ পৰিল ,আৰু সেই গাঁৱৰে জীয়ৰী লীৰবনৰ লগত তাৰ প্রেমৰ সম্পৰ্ক গঢ়ি উঠে।এনেতে এদিন অন'বে ম'হ কেইজনী ঘৰলৈ ঘূৰি নহাত ৱাইছংক বিছাৰি আনিবলৈ পঠাই,ৱাইছঙে ম'হ বিছাৰি ঘূৰি আহোতে জয়ন্তীয়া গাঁও উমতলাইত ৱালনাম নামৰ ব্যক্তিজনৰ হিলিকত পৰে।জয়ন্তীয়া সমাজত পূৰ্বৰে পৰা এক লোকবিশ্বাস প্রচলন আছে যে যাৰ হিলিকত যি পৰে সেয়া তেঁওৰ হৈ যায়।আৰু সেই নিয়ম অনুসাৰে ৱাইছংক ধৰি বান্ধি নি তেঁওলোকৰ লৰা কৰি লয়।উমতলাই গাঁৱত থাকিয়েই ৱাইছঙে সৈন্যবাহিনী পক্ষিসন লৈ জয়ন্তীয়া ৰজাৰ সৈন্য হিচাপে নিযুক্ত আছিল ,কিন্তু জয়ন্তীয়া দূৰ্বিত্ত লামভা(যি কাৰ্বি সকলক নিৰ্যাতন চলাইছিল)ৰ ষৰযন্ত্রৰ বলি হৈ ৰজাৰ চিকাৰী ৰূপে বৰ্তি থাকে ।

                             কাৰ্বিসকলৰ ওপৰত উপদ্রব চলোৱা লামভাৰ বিৰুদ্ধে প্রতিশোধ লবৰ বাবে ৱাইছঙে কাৰ্বি সৈন্য গঠন কৰে আৰু এই কাৰ্বি সৈন্য লগত লৈ ৱাইছঙে দুই তিনিবাৰকৈ জয়ন্তীয়া সৈন্যক পৰাস্ত কৰে। শেষত ৱাইছঙে লামভাক হত্যা কৰি কাৰ্বি সকলৰ শান্তি ঘূৰাই আনে।ৱাইছঙে এখন স্বাধীন কাৰ্বি ৰাজ্য গঠন কৰা উদ্দেশ্যৰে জয়ন্তীয়া ৰজা,আহোম ৰজা,কছাৰী ৰজাৰ লগত মিত্রতা স্থাপন কৰে। ৱাইছঙে মিত্র ৰজা  ৰুদ্ৰসিংহৰ দিহা অনুসৰিয়েই কলঙৰ পাৰত  ৰাজধানী পাতিলে। আৰু তিনিজন ৰজাৰ পৰা তিনিটা সোণৰ আঙঠি উপহাৰ পোৱা বাবেই ৱাইছঙৰ আন এটা নাম হয় 'ছেৰ হংথম', অর্থাৎ 'তিনি ডোখৰ সোণ', অর্থাৎ 'তিনি স্বর্ণ বা 'ত্রিস্বর্ণ'।

চৰিত্রসমূহ:- মূল চৰিত্র ৱাইছং তেৰাঙ ,এটা অসাধাৰণ ব্যক্তিত্ত্বৰ চৰিত্র।জেকছায়, অন'বে, কাদম, লীৰবণ,ৱালনাম, কাফয় ছাৰদকা ইংতি, ছার্থে, লংকিৰি, থেৰে, কাবাহা, পাইলা ছাজেম, হাৰবামন, লামভা, কাং বুৰা, মিৰলিন(জয়ন্তীয়া ৰজাৰ জীয়ৰী)  ছাৰবিনং, লাম ফ্রাঙ, লৰচতি,ৰুদ্রসিংহ, তাম্রধ্বজ,জয়নাৰায়ণ,ইত্যাদি।

উপন্যাসখনত ব্যৱহৃিত কাৰ্বি শব্দ

২) থাই আৰহাং-কাঁড় লগোৱা ধনুৰ দৰে এবিধ ফান্দ

৩)লংৰি- কাৰ্বি ৰাজ্যৰ প্ৰদেশ

৪)হাবে- লংৰিৰ শাসক

৫)হেম্মু: বিষ্ণুৰ সমপর্যায়ৰ প্রধান গৃহ দেৱতা

৬) মুক্তাং: শিৱৰ সমপৰ্যায়ৰ দেৱতা

৭) পেং: এজন গৃহ দেৱতা

৮) ৰংকেৰ : গাঁৱৰ সমূহীয়া পূজা

৯) ফেৰাংকে: বার্তাবাহক

১০) তৱাৰ কেথান: মৃতকক স্বৰ্গলৈ যোৱা পথ দেখুৱাই গোৱা বিননি গীত

১১) চার্হেপী: বিননি গীত গোৱা তিৰোতা

১২) ওচেপী: মৃতকক ভাত উচৰ্গা কৰা তিৰোতা

১৩) নকচেক: বলিকটা দা ওলোমাই ৰখা বেৰ

১৪) বংক্রক: মূৰ জোঙা তিতালাওৰ পাত্র, ইয়াক পূজাৰ কামত ব্যৱহাৰ কৰা হয়।

১৫) বংদামদাম: পূজাত ব্যৱহাৰ কৰা বংক্ৰকতকৈ ডাঙৰ লাওৰ পাত্র

১৬) বছা: জোঁৱাই, ভাগিন

১৭) কুত: মূল ঘৰৰ ভিতৰৰ প্ৰধান অংশ

১৮) চেংবুৰুপছ'-সহকাৰী চেংবুৰূপ বাদক

১৯) চেংবুৰুপ-এমুখীয়া সৰু ঢোল

২০) তেৰাংক্-ডেকাচাং

২১) বাৰলন-বাৰ হাত দীঘল এডাল মাটি জোখা দাং

২২) বাৰলনপ'-যিজনে বাৰলন কঢ়িয়াই লৈ যায়

২৩) হংথৰ ,-যুৱদলৰ দলপতি বহা আসন

২৪) ৰিৎনংচিংদি-কৃষিকর্ম অনুষ্ঠান

২৫) আজাৰ-আছ'-সৰু ল'ৰা-ছোৱালী

২৬) ক্লেংছাৰপ'-যুৱদলৰ দলপতি

২৭) ক্লেংদুন-যুবদলৰ উপ-দলপতি

২৮) ছদাৰকেথে-মুখ্য কার্যবাহী সদস্য

২৯) জিৰছং-যুৱসংঘ

৩০) বংঐ আলুন-পিৰীতি গীত

৩১) মেহিপ- জুইশাল

৩২) ছাৰকেবাত-গাঁওবুঢ়াৰ অভিষেক অনুষ্ঠান

৩৩) জিৰকেদাম-কৃষিকৰ্মলৈ যোৱা কার্য

৩৪) হিলিক-শংকু আকৃতিৰ এবিধ গাঁত। ইয়াক ফান্দ হিচাপে ব্যৱহাৰ কৰে।

৩৫) লাংতুক- পানী অনাৰ দায়িত্বত থকা ব্যক্তি

৩৬) মান্দু-পথাৰৰ মাজত সজা জিৰণি ঘৰ

৩৭) হেমতাপ-টঙি ঘৰ

৩৮) লাংথে-পানী কঢ়িয়াবলৈ একেডাল বাঁহৰ ভিতৰৰ কেইবাটাও গাঁঠি খোলা দীঘল চুঙা

৩৯) হেমাই-কমাৰ

৪০) কক্রাক- খোকা

৪১) নুথেং- ৰৌ জাতীয় এবিধ মাছ

৪২) ঢাকলাংছ'- চেঙেলী মাছ

৪৩) আদাম-আছাৰ- বিবাহ

৪৪) নেংপি নেংছ' কাচিংকি- বিয়নীৰ আলোচনা। আদাম-আছাৰৰ প্ৰথম পর্যায়।ইত্যাদি।

জয়ন্তীয়া শব্দৰ অৰ্থ:-

১) বি-এক

২) আৰ-দুই

৩) লে-তিনি

৪)কিয়াদ-চাউলৰ পৰা তৈয়াৰ কৰা এবিধ মদ। ইত্যাদি

তথ্য সংগ্ৰহ:-ছেৰ হংথম।  অজিত ছিংনাৰ

প্রথম প্রকাশ: ডিচেম্বৰ, ২০১৬

দ্বিতীয় প্রকাশ: আগষ্ট, ২০১৯