সমললৈ যাওক

সদস্য:গীতামনি কোঁচ/৫৪৭ নং ৰোহা গাঁও আদৰ্শ প্ৰাথমিক বিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা

{{Infobox school | name = ৫৪৭ নং ৰোহা গাঁও আদৰ্শ প্ৰাথমিক বিদ্যালয় | location = ৰোহা গাঁও, ৰোহা গাঁও, ঢকুৱাখনা লখিমপুৰ অসম ভাৰতবৰ্ষ |zipcode = ৭৮৭০৫৮ | established = ১৯৪৭ চন। | type = প্ৰাথমিক বিদ্যালয় | district = লখিমপুৰ |affiliation = নিম্ন বুনিয়াদী | Former head master = তীখৰ খাউণ্ড | enrollment = ৫০ | campus_size = ১ বিঘা ১ লোচা ।

বিদ্যালয়খন উজনি অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত নেমুটেঙানী অঞ্চলৰ অতি পুৰণি এক শিক্ষা অনুষ্ঠান। অতি পিছপৰা আৰু ভিতৰুৱা অঞ্চল নেমুটেঙানীত ১৯৪৮ চনত ৰোহা গাঁও প্ৰাথমিক বিদ্যালয় স্থাপন কৰা হয় । উক্ত বিদ্যালয়খনে ১৯৫১ চনত ৫৪৭ নং ৰোহা গাঁও আদৰ্শ প্ৰাথমিক বিদ্যালয় হিচাপে চৰকাৰী স্বীকৃতি লাভ কৰে ।অঞ্চলটোৰ কেইজন সমাজকৰ্মী প্ৰয়াত তীখৰ খাউণ্ড,পীতৰাম বায়ন ,নীলমনি বৰুৱা,ৰবি কোঁছ,লক্ষীধৰ কোঁছ,পানীৰাম কোঁছ ,ফান্দি কোঁছ,ভোগেশ্বৰ কোঁছ,ভূৱন কোছঁ ,নালিয়া কোঁছ,মিলেশ্বৰ কোঁছ,বাপোৰাম শইকীয়া,ভোলা শৰ্মা, দেৱকান্ত শৰ্মা ,মানিক কোঁছ,গুণকান্ত বড়া ,নাৰায়ন কোঁছ ।এইসকল ব্যক্তিৰ আপ্ৰাণ প্ৰচেষ্টাৰ ফলতেই এই বিদ্যালয়খনে প্ৰতিষ্ঠা লাভ কৰে । এই বিদ্যালয় খন প্ৰতিষ্ঠা কৰিবৰ বাবে ভূমি দান কৰে প্ৰয়াত মিলেশ্বৰ কোঁছ নামৰ উদ্যমী ব্যক্তিগৰাকীয়ে । বৰ্তমান বিদ্যালয়খনত ৪ গৰাকী শিক্ষক কৰ্মচাৰীৰ লগতে ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে ।

  প্ৰথম অৱস্থাত বিদ্যালয়খন স্থানীয় ৰাইজে আগবঢ়োৱা কাঠ,বাঁহ আদিৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল । কিন্তু পিছত চৰকাৰী সুবিধা লাভ কৰি বিদ্যালয় খন পকী ভাৱে নিৰ্মাণ কৰা হ'ল ।

বিদ্যালয় খন প্ৰতিষ্ঠাৰ মুল উদ্দেশ্য আছিল অৰ্থনৈতিক ভাৱে পিছপৰি থকা ব্যক্তিসকলৰ শিশুসকলক শিক্ষাৰ পোহৰ দেখুওৱা । সেই সময়ত যিহেতু গাঁওখন অতি পিছপৰা আৰু যাতায়তৰ যথেষ্ট অসুবিধা আছিল । গতিকে শিশুসকলে শিক্ষা গ্ৰহণ কৰিবলৈ বেলেগলৈ ওলাই যাব নোৱাৰে । এই বিদ্যালয় খনেই আছিল গাঁও খনৰ শিক্ষাৰ্থী সকলৰ শিক্ষা গ্ৰহণৰ একমাত্ৰ স্থল ।



শিক্ষা ব্যৱস্থা

[সম্পাদনা কৰক]

বিদ্যালয় খনৰ উন্নতমানৰ শিক্ষা ব্যৱস্থাৰ বাবে বৰ্তমানলৈকে বহুকেইজন ছাত্ৰ -ছাত্ৰীয়ে নিম্ন প্ৰাথমিক বৃত্তি লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ উপৰিও বিদ্যালয়খনত শিক্ষা গ্ৰহণ কৰা বহুকেইগৰাকী ছাত্ৰ -ছাত্ৰীয়ে উচ্চ শিক্ষাৰে শিক্ষিত হৈ নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে । তেওঁ লোকৰ ভিতৰত

|হিৰণ্য কোঁছ ( MA বৰ্তমান প্ৰবক্তা হাহি মহাবিদ্যালয়) |কুশল কোঁছ ( MA বিষয় শিক্ষক মাছখোৱা |সীতাৰাম কোঁছ ( B. SC বিষয় শিক্ষক ৰোহা মধ্য ইংৰাজী বিদ্যালয়) |দিৱ্য শইকীয়া ( BA head master ৰোহা মধ্য ইংৰাজী বিদ্যালয়) |কিৰন শইকীয়া ( H.S pass assistant teacher ৰোহা মধ্য ইংৰাজী বিদ্যালয়) |মহেন্দ্ৰ কোঁছ ( H.S pass assistant teacher ৰোহা মধ্য ইংৰাজী বিদ্যালয়) |দ্বীপ দত্ত ( MA প্ৰবক্তা হাহি মহাবিদ্যালয়) |চুচিল কোঁছ ( মিলিটেৰী) |বিজয় কৃষ্ণ কোঁছ ( ব্লক প্ৰজেক্ট মেনেজাৰ ঢকুৱাখনা উন্নয়ন খণ্ড)

       বিদ্যালয়খনত অসমীয়াৰ সমভাৱে ইংৰাজী বিষয়তো গুৰুত্ব দিয়া হয়। শিক্ষকসকলে ছাত্ৰ -ছাত্ৰীসকলক বন্ধুত্বসুলভ ভাৱে শিক্ষা দিয়াৰ চেষ্টা কৰে।

ছাত্ৰ-ছাত্ৰী

[সম্পাদনা কৰক]

বৰ্তমান বিদ্যালয়খনত প্ৰায় ৫০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে৷


আন্তঃগাঁথনি

[সম্পাদনা কৰক]

বিদ্যালয়খনত ৰাজহুৱা পুঁজি আৰু বিধায়কৰদ্বাৰা প্ৰদান কৰা পুঁজিৰে বৰ্তমানলৈকে দুটা অসম আৰ্হিৰ দীঘলীয়া ঘৰ, আছে ৷ তাৰ ভিতৰতে প্ৰায় 5 টা শ্ৰেণীকোঠা, দুটা শিক্ষকৰ কোঠা, এটা ৰন্ধন গৃহ আছে ।


সা-সুবিধা

[সম্পাদনা কৰক]
খেল পথাৰ ,শাকনি বাৰী, ছাত্ৰ-ছাত্ৰী ৰ বাবে শৌচাগাৰ,প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা,শিক্ষক-শিক্ষয়িত্ৰী বাবে আছুতীয়া কক্ষ, প্ৰধান শিক্ষকৰ বাবে আছুতীয়া কক্ষ , ছাত্ৰ-ছাত্ৰীৰ বাবে উপযুক্ত বেন্স- ডেস্ক ৰ ব্যৱস্থা,উন্নত মানৰ ব্লেকবৰ্ড ৰ ব্যৱস্থা।


প্ৰতিষ্ঠাকালৰ পৰা বৰ্তমানলৈকে প্ৰধান শিক্ষক সকল

[সম্পাদনা কৰক]

|তীখৰ খাউণ্ড ( প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক) |থগীৰাম কোঁছ। |কমল চন্দ্ৰ হিলৈদাৰী। |অনীৰাম শৰ্মা। |সিংহেশ্বৰ দাস । |নবীন শৰ্মা। |হেমকান্ত সেনাপতি। |দুলাল চন্দ্ৰ বৰুৱা।( কৃতি শিক্ষকৰ বঁটা প্ৰাপক) |বিদ্যাৱতী শইকীয়া । |নৱশংকৰ গগৈ ( বৰ্তমানৰ প্ৰধান শিক্ষক)

প্ৰতিষ্ঠাকালৰ ৰ পৰা বৰ্তমানলৈকে সভাপতি সকল

[সম্পাদনা কৰক]

|পীতৰাম বায়ন। |নীলমনি বৰুৱা। |ৰবি কোঁছ। |লক্ষীধৰ কোঁছ। |পানীৰাম কোঁছ। |ফান্দি কোঁছ। |ভোগেশ্বৰ কোঁছ। |ভূৱন কোঁছ। |নালিয়া কোঁছ। |মানিক কোঁছ। |গুনকান্ত বড়া। |নাৰায়ন কোঁছ। |মিলেশ্বৰ কোঁছ। |বাপুৰাম শইকীয়া। |দেৱ শৰ্মা। |গোলাপ কোঁছ। |সুচেন কোঁছ। |প্ৰদীপ শইকীয়া। |নোমল শইকীয়া। |অতুল দত্ত। |বিদ্যা কোঁছ । |ভদ্ৰ কোঁছ।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]