সদস্য:চেহেলী দে

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কামাখ্যাধামৰ চ'ৰাব্ৰত

আঘোনৰ পূৰ্নিমাৰ তিথিৰ ৰাতিবেলা কামৰূপৰ কোনো কোনো ঠাইৰ দৰে কামাখ্যা ধামতো চ'ৰা-ব্ৰত পালন কৰা হয়। চৰা শব্দৰ অৰ্থ হ'ল - সভক্তিৰে দেৱ দেৱীলৈ আগবঢ়োৱা উপাচাৰ । এই ব্ৰত উপলক্ষে বিৱাহিতা আৰু বিৱাহযোগ্য গাভৰুহঁতে ওৰে দিন উপবাসে থাকি ৰাতি দেৱী কাত্যায়ণীক পূজা কৰে। মাহ প্ৰসাদ , ধূপ- দীপ আৰু অন্যান্য উপাচাৰৰ উপৰি শোভেৰী নামৰ এটি পাত্র, মাটিৰে নিৰ্মিত বহুসংখ্যক চৰাই মূৰ্তি, নানা বৰণৰ ফুল, ৰবাব টেঙা প্ৰভৃতি এই ব্ৰতত প্ৰয়োজনীয় সামগ্ৰী । এই ব্ৰতত এজন পুৰোহিত লাগে। তেওঁৰ নিৰ্দেশত ব্ৰত কাৰিণীসকলে শোভেৰিত পুষ্প পত্র আগ কৰি কাত্যায়ণী দেৱীলৈ পূজাভাগ আগবঢ়ায়। পূজাৰ ক্ষেত্রত তেওঁলোকে চৰা- ব্ৰতৰগীত পৰিৱেশন কৰে। দেৱী- কাত্যায়ণীৰ গুন গৰিমা বৰ্ণনাই গীতৰ কেন্দ্ৰবিন্দু । ৰাতিপুৱাৰ লগে লগে ব্ৰতৰ সামৰনি পৰে আৰু শোভেৰীৰ লগতে ফম- মূল প্ৰভৃতি বিসৰ্জন দিয়ে। স্বামীৰ মংগল কামনা আৰু উপযুক্ত জীৱনৰ লগৰী পোৱাই এই ব্ৰত পালনৰ মূল উদ্দেশ্য ।     (ড° হেমন্ত কুমাৰ শৰ্মাৰ Fasts and festivals in the District of Kamrup গ্ৰন্থৰ আধাৰত যুগুতোৱা)

সহায়ক গ্ৰন্থ : অসমীয়া সংস্কিতিৰ কণিকা

সম্পাদক : দাস নাৰায়ন, ৰাজবংশী পৰমানন্দ