সমললৈ যাওক

জোনমণি দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সদস্য:জোনমণি দাসৰ পৰা পুনঃনিৰ্দেশিত)

জোনমণি দাস (জন্ম: ৩১ মে' ১৯৮৫)[1] সাম্প্ৰতিক সময়ৰ এগৰাকী জনপ্ৰিয় অসমীয়া কবি। ১৯৮৫ চনৰ ৩১ মে'ত শিৱসাগৰত জন্মগ্ৰহণ কৰা দাসে তেওঁৰ বলিষ্ঠ আৰু ব্যতিক্ৰমী কবিতাৰ জৰিয়তে অসমীয়া কাব্যজগতত এক সুকীয়া স্থান দখল কৰিছে।

শিক্ষা আৰু বৃত্তি

[সম্পাদনা কৰক]

জোনমণি দাসে শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় আৰু বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল।

বৰ্তমান তেওঁ অসমৰ জনপ্ৰিয় পষেকীয়া আলোচনী প্ৰান্তিকৰ সম্পাদনা বিভাগত কৰ্মৰত।

সাহিত্যিক পৰিচয় আৰু কৰ্মৰাজি

[সম্পাদনা কৰক]

জোনমণি দাসৰ কবিতাত মানৱীয় প্ৰেম, বিৰহ আৰু সামাজিক চেতনাৰ প্ৰতিফলন দেখা যায়। তেওঁৰ উল্লেখযোগ্য কবিতাপুথিসমূহ হ’ল—

  • স্বপ্নবাক বৰষুণ (২০০৭)
  • জলস্তম্ভ (২০১৪)
  • উৰণীয়া ছাঁ (২০১৬)
  • নিনাদিত নিৰ্জনতা (২০১৬)
  • মৈথুনৰত মাছ (২০১৭)
  • সমকামী সূৰ্য (২০২০)[2]
  • টেঙেচী ফুলৰ টোপনি (২০২৩)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "নিনাদিত নিৰ্জনতা – জোনমণি দাস" (as ভাষাত). AmazonAmazon India. https://www.amazon.in/Ninadita-Nirjanata-নিনাদিত-নিৰ্জনতা-Jonmoni/dp/B0B9C2DV4W। আহৰণ কৰা হৈছে: ২৩ ডিচেম্বৰ ২০২৫. 
  2. "সমকামী সূৰ্য – জোনমণি দাস" (as ভাষাত). ScientiaScientia Books. https://scientiabooks.in/product/samakami-surjya-jonmoni-das/। আহৰণ কৰা হৈছে: ২৩ ডিচেম্বৰ ২০২৫.