সমললৈ যাওক

জোনমণি দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সদস্য:জোনমণি দাসৰ পৰা পুনঃনিৰ্দেশিত)

জোনমণি দাস (জন্ম: ৩১ মে' ১৯৮৫ – ১২ মে' ২০২৬)[1] সাম্প্ৰতিক সময়ৰ এগৰাকী জনপ্ৰিয় অসমীয়া কবি। ১৯৮৫ চনৰ ৩১ মে'ত শিৱসাগৰত জন্মগ্ৰহণ কৰা দাসে তেওঁৰ বলিষ্ঠ আৰু ব্যতিক্ৰমী কবিতাৰ জৰিয়তে অসমীয়া কাব্যজগতত এক সুকীয়া স্থান দখল কৰিছে।

শিক্ষা আৰু বৃত্তি

[সম্পাদনা কৰক]

জোনমণি দাসে শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় আৰু বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল।

তেওঁৰ কৰ্মজীৱনৰ আৰম্ভণি ঘটিছিল শিৱসাগৰৰ পৰা প্ৰকাশিত জনপ্ৰিয় শিশু আলোচনী আমাৰ জোনবাইৰ জৰিয়তে। পৰৱৰ্তী সময়ত তেওঁ অসমৰ জনপ্ৰিয় পষেকীয়া আলোচনী প্ৰান্তিকৰ সম্পাদনা বিভাগত কৰ্মৰত আছিল।

সাহিত্যিক পৰিচয় আৰু কৰ্মৰাজি

[সম্পাদনা কৰক]

জোনমণি দাসৰ কবিতাত মানৱীয় প্ৰেম, বিৰহ আৰু সামাজিক চেতনাৰ প্ৰতিফলন দেখা যায়। তেওঁৰ উল্লেখযোগ্য কবিতাপুথিসমূহ হ’ল—

  • স্বপ্নবাক বৰষুণ (২০০৭)
  • জলস্তম্ভ (২০১৪)
  • উৰণীয়া ছাঁ (২০১৬)
  • নিনাদিত নিৰ্জনতা (২০১৬)
  • মৈথুনৰত মাছ (২০১৭)
  • সমকামী সূৰ্য (২০২০)[2]
  • টেঙেচী ফুলৰ টোপনি (২০২৩)

২০২৬ চনৰ ১২ মে' তাৰিখে ডিব্ৰুগড়ৰ মেডিচিটিত শেষ নিশ্বাস ত্যাগ কৰে কবি জোনমণি দাসে। মৃত্যুৰ সময়ত তেওঁ পত্নী, কন্যা আৰু এটি পুত্ৰ সন্তানক এই সংসাৰত এৰি থৈ যায়।[3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ "নিনাদিত নিৰ্জনতা – জোনমণি দাস" (as ভাষাত). AmazonAmazon India. https://www.amazon.in/Ninadita-Nirjanata-নিনাদিত-নিৰ্জনতা-Jonmoni/dp/B0B9C2DV4W। আহৰণ কৰা হৈছে: ২৩ ডিচেম্বৰ ২০২৫.
  2. ↑ "সমকামী সূৰ্য – জোনমণি দাস" (as ভাষাত). ScientiaScientia Books. https://scientiabooks.in/product/samakami-surjya-jonmoni-das/। আহৰণ কৰা হৈছে: ২৩ ডিচেম্বৰ ২০২৫.[সংযোগবিহীন উৎস]
  3. ↑ "জোনবাইৰ দেশলৈ কবি জোনমণি...." (as ভাষাত). অসমীয়া প্ৰতিদিন. https://www.asomiyapratidin.in/homepage/the-untimely-demise-of-famous-poet-jonmani-das-11826164। আহৰণ কৰা হৈছে: ১২ মে' ২০২৬.