সমললৈ যাওক

সদস্য:জোনাকী পৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

পৰশমণিৰ অৰ্থ

  বাটৰ ধূলিত হেৰাই পোৱা পৰশমণি, সূৰ্য বুলি সম্যন্তকৰ

দৰে কোনেও ভুল নকৰে, নিজৰ মূল্য বুকুত সাৱটি পৰশমণি নিজেই পূৰ্ণ, -নিজৰ পোহৰত নিজেই দীপ্তিমান।

  -পৰশমণি যাৰে পৰশলৈ আহে সিয়েই হৈ যায় সোণ, হৈ যায় দামী, মূল্যৱান, কিন্তু পৰশমণি, পৰশমণিৰ মূল্য নাবাঢ়ে , আনে নুবুজে সেই নিথৰ শিলডোখৰত শিলৰ মূল্যতকৈ বেছি দিবলগা আছে।
    ধূলিৰ বুকুৰ পৰশমণি এডোখৰ ভৰিৰে গচকি যোৱা শিল, হয়তো কোনোবা ৰাজকুমাৰৰ মুকুটৰ পৰা কোনোবাদিনা সকলোৰে চকুৰ আঁৰেদি ধূলিত বাগৰি পৰিছিল, কিবা এটা ভুলত, কিবা এটা পৰিৱৰ্তনৰ মায়াত। কিবা এটা সৃষ্টিমধুৰ নতুনৰ সপোনত।
  আন দহটুকুৰা শুকান কংকৰৰ দৰে পৰশমণিও এটুকুৰা মূল্যহীন শিল। ধূলিম্লান এডোখৰ পাথৰ।
    তথাপিও পৰশমণি.... 
             গল্পকাৰ চৈয়দ আব্দুল মালিক
                (পৰশমণি মহন্ত)