সমললৈ যাওক

সদস্য:টুনমণি বৰদলৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জীৱনৰ ধুলিয়ৰি বাটেৰে

দিনবোৰ আহি আছে গৈ আছে সৰাপাতেৰে ঢাকি ধৰা অচিন বাটেৰে সিঁচি থৈ হিয়াত অলেখ সপোন কোনেও নাজানে বুকুৰ কথাবোৰ কোনেও নেদেখে বোকোচাত তুলি লোৱা দুখৰ বোজাবোৰ |

হৃদয়ৰ নিভৃত কোণত ডালে পাতে পোখা মেলে শৈশৱ,কৈশোৰ অথবা যৌৱনৰ ৰৌদ্ৰজ্জ্বল পুৱা হৈ কেতিয়াবা জহ আহে কেতিয়াবা জাৰ নামে |

ধূলি উৰুৱাই এজাক এজাক কৈ বতাহবোৰ বৈ থাকে নিজানে নিতালে লাহে লাহে জীৱনৰ ৰংবোৰ হেৰাই যায় মৰা শামুকৰ খোলা এটাৰ দৰে উদং হৈ কোনেও নাজানে কোন কলৈ গুচি গৈছে জীৱনৰ ধূলিয়ৰি বাটেৰে |

টুনমণি বৰদলৈ, যোৰহাট