সদস্য:ড০ লোহিত দত্ত-বৰুৱা/অসমীয়া কিবোৰ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া কিবোৰ্ড বৰ্ত্তমানে বহুতো আছে। উদাহৰণ স্বৰূপেঃ

  • লাচিত
  • লিপিকাৰ
  • ৰদালি
  • শব্দ
  • আচামিজ ইন্সক্ৰিপ্ত
  • আচামিজ ইন্দিক

সমস্য়াঃ

এই কিবোৰ্ডবোৰৰ কোনো সমীকৰণ (Standardization) হোৱা নাই। কিছুমান ইউনিকোডৰ (Unicode) ভিত্তিত, কিছুমান উচ্চাৰণৰ (Phonetic) ভিত্তিত। কিছুমানে ইংৰাজী কিবোৰ্ড ব্য়ৱহাৰ কৰি অসমীয়া লিখে। আৰু কিছুমানে অসমীয়া বৰ্ণমালাৰ কিবোৰ্ড ব্য়ৱহাৰ কৰে। কিছুমানে পোনাই মাইক্ৰোচফ্ট (Microsoft) “ওৱৰ্ডত” লিখিব নোৱাৰে, প্ৰথমে অনলাইন লিখি তাক নকল কৰিহে মাইক্ৰোচফ্ট (Microsoft) “ওৱৰ্ডত” সোমাব পাৰি । কিছুমান কিবোৰ্ড ব্য়ৱহাৰকাৰীৰ বাবে সহজ আৰু দক্ষ, আনবোৰ তেনে নহয়।

প্ৰয়োজনঃ

  • কিবোৰ্ড সমীকৰণৰ (Standardization) শীঘ্ৰে প্ৰয়োজন, যি ইউনিকোডৰ (Unicode) ভিত্তিত হব, ব্য়ৱহাৰকাৰীৰ বাবে সহজ আৰু দক্ষ হব, আৰু অসমীয়া বৰ্ণমালাৰ ভিত্তিত হব। হয়তো ব্য়তিক্ৰম হিচাবে ইংৰাজী কিবোৰ্ড ব্য়ৱহাৰ কৰাৰ ব্য়ৱস্থা থাকিৱ।
  • ইলেক্ট্ৰনিক মাধ্য়মত অসমীয়া ভাষা ব্য়ৱহাৰ কৰাৰ বাবে এখন সমীকৰণৰ (Standardization) সংগঠন লাগে যিয়ে মানৰ সমীকৰণৰ (Standards) নিৰ্ধাৰণ আৰু মূল্য়ায়ন (Review) কৰিব । এনে সংগঠনৰ নাম হয়তো হব পাৰে "ইলেক্ট্ৰনিক মাধ্য়মত অসমীয়া ভাষাৰ সমীকৰণ নিৰিখৰ সংস্থান" (Organization for Standardization of Assamese Language in Electronic Medium) ।
  • স্বয়ংক্ৰিয় (Automatic) বৰ্ণাশুদ্ধি
  • অনলাইন অভিধান
  • অসমীয়া ভাষা অতি শীঘ্ৰে আন ভাষা বোৰৰ লগতে গুগল অনুবাদ (Google Translate) ত সুমুৱাব লাগে, মাইক্ৰোচফ্ট ওৱৰ্ডৰ (Microsoft Word) অনুবাদৰ তালিকাত সুমুৱাব লাগে।  

উল্লেখঃ

(১) "অসমীয়া খবৰ" বাতৰি কাকতত ১৬ জুন, ২০২০ ত প্ৰকাশ পোৱা ড০ লোহিত দত্ত-বৰুৱা ৰচিত প্ৰবন্ধ "অসমীয়া ভাষাৰ কিবোৰ্ড  আৰু সমীকৰণ" ।