সদস্য:দিতু কুমাৰ দাস
অৱয়ব
আমাক মন্দিৰ নালাগে আমাক মছজিদ নালাগে গীৰ্জাও নালাগে নালাগে কোনো গুৰুদ্বাৰা
মই হিন্দু নহয় মই মুছলমান নহয় মই খ্ৰীষ্টানও নহয় নহও মই শিখ
যি মন্দিৰ আৰু মছজিদত ভেদভাৱৰ কথা হয় যি গীৰ্জাত মানুহৰ কথা নহয় যি গুৰুদ্বাৰাত ভালপোৱাৰ স্থান নাই তেনে ধৰ্মস্থলত মোৰ আস্থাও নাই
ধৰ্মৰ নামত যত বিদ্বেষ হয় মানুহে মানুহক মাৰিবলৈ উদ্যত হয় ৰাজনীতি যত ধৰ্মৰ অধীন হয় তেনে ধৰ্মক পৰিহাৰ কৰি জীৱনক আকোঁৱালি লম
নালাগে আমাক মন্দিৰ তাতোকৈ এখন চিকিৎসালয়কে খোলা ৰোগীয়ে যত জীৱন পায়। নালাগে আমাক মছজিদ আহা এখন স্কুলকে খোলোঁ শিশুবোৰে যত জ্ঞান পায়। নালাগে ধৰ্মৰ শিক্ষা নালাগে লব ভেদাভেদৰ পৰিচয় তাতোকৈ ভাল অশিক্ষিত হৈ ৰওক অন্ততঃ মানৱতাখিনিকে জীয়াই থাকক।।