সমললৈ যাওক

সদস্য:দীপ্তি বৰ্ম্মণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা





অসমীয়া ব্যংগ সাহিত্য

সাহিত্যৰ বিভিন্ন ভাগসমূহৰ ভিতৰত এটা ভাগ হৈছে ব্যংগ সাহিত্য। ইংৰাজী 'satire'ৰ প্ৰতিশব্দ হিচাপে অসমীয়াত 'ব্যংগ' শব্দটো ব্যৱহাৰ কৰা হয়। 'satire' শব্দৰ আভিধানিক অৰ্থ হ'ল ব্যক্তি বিশেষৰ ক্ৰটি-বিচ্যুতি, কাজ-কাম,ধ্যান-ধাৰণা ইত্যাদিক উপলুঙা কৰি লিখা বক্ৰোক্তিমূলক, গঞ্চনাপুৰ্ণ সাহিত্যকৰ্ম। ব্যংগ সাহিত্য এনে সাহিত্য য'ত সমাজত ঘটি থকা সমস্যাসমূহ যিবোৰ ৰাইজে দেখিও আওকাণ কৰে সেই সমূহক বিপৰীতাৰ্থক উক্তি কটুক্তি আক্ৰমণাত্মক উক্তি বক্ৰোক্তি ঠাট্তা বিদ্ৰোপ আদিৰ জৰিয়তে ৰাইজক সতৰ্ক কৰি দিয়ে। এই সাহিত্যৰ মূল উদ্দেশ্যই হ'ল সমাজ সংস্কাৰ।

অসমীয়া সাহিত্যত ব্যংগ সাহিত্যৰ জন্ম হয় হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাৰ হাতত। হেমচন্দ্ৰ বৰুৱাৰ 'কানীয়াৰ কীৰ্তন' আৰু 'বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী' দুখন ব্যংগ ৰচনা। এই নাটক দুখনত সমকালীন অসমীয়া সমাজৰ ভণ্ডামি আৰু স্খলনৰ ছবি ব্যংগৰ দ্বাৰা বৰ্ণনা কৰিছে। গুণাভিৰাম বৰুৱাৰ 'কঠিন শব্দৰ ৰহস্য' আন এখন অসমীয়া ব্যংগ ৰচনা।

অসমীয়া ব্যংগ সাহিত্যই প্ৰাণ পাই উঠে জোনাকী যুগত। এই ক্ষেত্ৰত লক্ষ্মীনাথ বেজবৰুৱাৰ অৱদান অতুলনীয়। তেঁও 'কৃপাবৰ' ছদ্মনামেৰে ৰচনা কৰা 'কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা', 'কৃপাবৰ বৰুৱাৰ ওভতনি", 'বৰবৰুৱাৰ বুলনি', 'বৰবৰুৱাৰ বুৰবুৰণি', 'বৰবৰুৱাৰ চিন্তাৰ শিলগুটি', 'কৃপাবৰ বৰুৱাৰ সামৰণি' আদি বহুসংখ্যক ব্যংগাত্মক ৰচনাৰে সাহিত্যৰ ভঁৰাল চহকী কৰিছে। বেজবৰুৱাৰ ৰচনাত সমাজৰ সমস্যা,অসমীয়া মানুহৰ এলেহুৱা স্বভাৱ আদিৰ সম্পৰ্কে এনেদৰেই বৰ্ণনা কৰিছে ই যদি এফালে মানুহক হহুঁৱাইছে আকৌ আনফালে বুকুত খোচ মাৰিছে। বেজবৰুৱাৰ উপৰিও চন্দ্ৰধৰ বৰুৱা, কুমুদচন্দ্ৰ বৰুৱা, সুৰেন্দ্ৰনাথ শইকীয়া আদিৰ নাটকত ব্যংগ প্ৰতিফলিত হোৱা দেখা যায়।

অসমীয়া কবিতাটো ব্যংগৰ প্ৰভাৱ পৰিলক্ষিত হয়। সত্যনাথ বৰাৰ 'সভ্যতাৰ মথাউৰি' ব্যংগমিশ্ৰিত হাস্যৰসিক কবিতা। বেজবৰুৱাৰ 'কদমকলি' কবিতাপুথিৰ কবিতাসমূহতো হাস্য-ব্যংগ পৰিলক্ষিত হয়। ইয়াৰ উপৰিও চন্দ্ৰধৰ বৰুৱাৰ 'ৰঞ্জন', দণ্ডিনাথ কলিতাৰ 'ৰহঘৰা', 'বহুৰূপী', 'ৰগৰ' ব্যংগ কাব্য সংকলন।

অসমৰ এগৰাকী প্ৰতিষ্ঠিত ব্যংগ সাহিত্যিক হ'ল ভদ্ৰ বৰা। তেওঁৰ 'অধ: অজাতি পণ্ডিত', 'ব'হাগতে পাতি যাওঁ বিয়া' উল্লেখযোগ্য ব্যংগ ৰচনা। তেওঁ বাতৰিকাকতসমূহতো নিয়ামীয়াকৈ ব্যংগ ৰচনা কৰিছিল। উল্লেখিত লেখকৰ উপৰিও ডা ভৃংগেশ্বৰ শৰ্মা, প্ৰফুল্ল দত্ত গোস্বামী, সৌমিত্ৰ যোগী, অৰবিন্দ ৰাজখোৱা আদিয়েও অসমীয়া ব্যংগ সাহিত্যত বৰঙণি আগবঢ়াইছে।

অসমীয়া আলোচনীসমূহতো ব্যংগ ৰচনা প্ৰকাশ হোৱা দেখিবলৈ পাওঁ যদিও ইয়াৰ সংখ্যা তেনেই তাকৰ। তাৰে ভিতৰত 'প্ৰান্তিক', 'ৰহিমলা', 'বিহলঙনি', 'অবিকল' আদিৰ নাম উল্লেখযোগ্য। বৰ্তমানে ব্যংগ সাহিত্যক বিশেষ সমৃদ্ধ কৰিছে কাৰ্টুনসমূহে। চলচিত্ৰ বা বাতৰিকাকতত কাৰ্টুনসমুহে মানুহক সকলোধৰনৰ পৰিস্থিতিৰ ব্যংগাত্মক বিশ্লেষণ দিব পাৰে। শেষত আমি ইয়াকে ক'ব পাৰো যে অসমীয়া সাহিত্যত ব্যংগ সাহিত্যৰ আৰম্ভণি খুবেই সুন্দৰ আছিল কিন্তু ইয়াৰ বিকাশ যিদৰে হ'ব লাগিছিল সেইদৰে হোৱা নাই। পৰৱৰ্তী সময়ত বিকাশৰ পথত বাধা দিয়া সকলো সমস্যাৰ সমাধান হৈ অসমীয়া ব্যংগ সাহিত্য পুনৰ ঠন ধৰি উঠিব বুলি আমি আশাবাদী।