সমললৈ যাওক

সদস্য:নীত কাশ্যপ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

>> সিৰামুৰি দিয়া ( Cramp )

অামাৰ দৈনন্দিন জীৱনত বহুত ঘটনাই ঘটে হঠাৎ । ইয়াৰে কিছুমান অানন্দদায়ক । যেনে হঠাৎ পোৱা উপহাৰ এটা , হঠাৎ অাপোনজনৰ অাগমন বা হঠাৎ কিবা এটা ভাল লগা বস্তু দেখা বা পোৱা ইত্যাদি । কিন্তু হঠাৎ ঘটা সকলো ঘটনাই সদায় অানন্দদায়ক হয় জানো ? ধৰক , অাপুনি প্ৰাতঃ ভ্ৰমণ কৰিব ওলাইছে দিনটোৰ বাবে সতেজ হৈ থাকিম বুলি বা দিনটোৰ ভাগৰ মাৰিবলৈ ৰাতি বিচনাত পৰিছে অাৰু হঠাৎ উদ্ভৱ হ'ল সেই কলাফুল কামুৰি নিয়া খামোচটো । হয় অামাক প্ৰায়ে বিষত কাতৰ কৰি তোলা এই হঠাৎ উদ্ভৱ হোৱা সমস্যাটো হৈছে সিৰামুৰি দিয়া বা ক্ৰেম্প ( cramp ) । অামাৰ সকলোৱে জীৱনৰ কোনোবা নহয় কোনোবা এটা মুহূৰ্তত অনুভৱ কৰা এই সমস্যাটোৰ বিষয়ে অাজি ইয়াত থোৰতে অালোচনা কৰিব বিচাৰিছো । অালোচনা কৰাৰ অাগতে অাহক জানি লওঁ সিৰামুৰি দিয়া বস্তুটো হয় কি অাৰু কিয় ইয়াৰ উদ্ভৱ হয় ।

" সিৰামুৰি দিয়াটো হৈছে হঠাৎ অনিচ্ছাকৃত অাৰু অনিয়ন্ত্ৰিত ভাৱে হোৱা মাংসপেশীৰ সংকোচন (  contraction ) যি কেইটামান চেকেণ্ডত পৰা গৈ কেইটামান মিনিট বা বহুত কম ক্ষেত্ৰত কেতিয়াবা কেইটামান ঘন্টালৈকে বৰ্তি থাকিব পাৰে । " সাধাৰনতে অামাৰ কলাফুল (  calf ) তেই সিৰামুৰি দিয়ে যদিও কেতিয়াবা ই তপিনা (  thigh ) বা ভৰিৰ মাংসপেশীটো উদ্ভৱ হ'ব পাৰে ।
      এতিয়া অাাহিছো ইয়াৰ কাৰণ সমূহৰ ওচৰলৈ । ক্ৰেম্প হৈছে এটা বহুত বহল বিষয় । বহুত কাৰণ অাছে যাৰ কাৰণে ক্ৰেম্প হ'ব পাৰে । ইয়াত থোৰতে ক্ৰেম্পৰ সাধাৰণ কাৰণ সমূহ অালোচনা কৰিব চেষ্টা কৰিছো ,

১) বহু সময় ধৰি অসুবিধাজনক ভংগী ( posture )ত বহি বা শুই থাকিলে । ২) বেছিকৈ ঠাণ্ডা পালে । ৩) দেহত পটেছিয়াম , কেলছিয়াম অাৰু অান কিছুমান দৰকাৰী খনিজ লৱণ ( mineral )ৰ পৰিমাণ হ্ৰাস পালে । ৪) দেহত পানীৰ পৰিমাণ কমি গ'লে বা ডিহাইড্ৰেচন হ'লে । ৫) অতিমাত্ৰা অাৰু ভুলকৈ ব্যায়াম কৰিলে বা অাঘাত পালে । ৬) গৰ্ভাৱস্থাৰ সময়তো ক্ৰেম্প হ'ব পাৰে । ইয়াৰ কাৰণ হৈছে দেহত কমি যোৱা খনিজ লৱণৰ পৰিমান । ৭) কিছুমান স্বাস্থ্য সম্পৰ্কীয় সমস্যা যেনে - ৰক্তচাপৰ সমস্যা , কিডনী , থাইৰয়ডৰ সমস্যা অাদিৰ সময়তো ক্ৰেম্প হ'ব পাৰে । ৮) স্নায়ুৰ সমস্যা । ইত্যাদি ।

         কাৰণ সমূহ জনাৰ পাচত এতিয়া অামি ইয়াৰ পৰা উপশম পোৱাৰ উপায় কিছুমানৰ বিষয়ে সংক্ষেপে অালোচনা কৰিম । 

১) ক্ৰেম্প হোৱা ভৰিখনৰ ওপৰত কিছুসময় থিয় হৈ থাকক বা কিছুসময় খোজ কাঢ়ি দিয়ক । ২) হাতেৰে বা বৰফৰ টুকুৰাৰে ক্ৰেম্প হোৱা ঠাইটুকুৰা কিছুসময় মালিচ কৰি দিয়ক । ৩) বিচনাৰ ওপৰত ভৰিখন চিধাকৈ মেলি লওঁক । এতিয়া ভৰিৰ পতাটো গাৰ পিণে ভাজ কৰক যেতিয়ালৈ অাপুনি কলাফুলত টান (stretch) অনুভৱ কৰে । ১০ চেকেণ্ড টানটো ধৰি ৰাখক । ৪/৫ বাৰ এনেকুৱা কৰিলে লগে লগে যথেষ্ট অাৰাম পোৱা যায় । ৪) পৰ্যাপ্ত পৰিমাণে পানী খাওঁক । ই অাপোনাক ডিহাইড্ৰেচনৰ পৰা অাঁতৰাই ৰাখিব । ৫) ডাক্টৰৰ লগত পৰামৰ্শ কৰি পটেছিয়াম , মেগনেছিয়াম উপযুক্ত পৰিমাণত সেৱন কৰিব পাৰে । ৬) যদি বিষ বেছিকৈ অনুভৱ কৰে তেতিয়া গৰম টাৱেলৰ সেক বা গৰম পানী ব্যৱহাৰ কৰিব পাৰে । ৭) সদায় সুবিধাজনক চেণ্ডেল পিন্ধিব । ওখ চেণ্ডেল বৰ্জন কৰক । ৮) ওপৰমুৱাকৈ যদি শুৱে অাঁঠুৰ তলত গাৰু ব্যৱহাৰ কৰিব পাৰে । ৯) গৰ্ভাৱস্থাৰ সময়ত উচিত পৰিমাণত খনিজ লৱণ সমূহ গ্ৰহন কৰক । ১০) নিয়মিয়াকৈ ব্যায়াম কৰক । মাংসপেশীসমূহৰ নিয়মিয়া ষ্ট্ৰেচ কৰিলে ক্ৰেম্পৰ পৰা হাত সাৰি থাকিব পাৰি ।

        শেষত কওঁ যে এই সহজ উপায় কেইটাৰ দ্বাৰা সিৰামুৰি দিয়া সমস্যাৰ পৰা যথেষ্ট পৰিমাণে সকাহ পাব পাৰি । যদি সঘনে অাৰু গুৰুতৰ ভাৱে  সিৰামুৰি দিয়াৰ সমস্যাত ভূগে তেনেহ'লে অাপুনি এবাৰ ডাক্টৰৰ লগত পৰামৰ্শ কৰাটো উচিত ।
  1. নীত কাশ্যপ ( ফিজিঅ'থেৰাপিষ্ট )