সদস্য:নৱজিৎ দাস
অৱয়ব
বিশ্ব জল দিৱস(22 মাৰ্চ):
পানীয়ে প্ৰাণীৰ প্ৰাণ। পানী নহ'লে এই পৃথিৱীত কোনো জীৱ বা উদ্ভিদ জীয়াই থকাৰ সামৰ্থ নাই। পৃথিৱীত মুঠ পানীৰ পৰিমাণ প্ৰায় ১৩৮.৬ কৌটি ঘন কি.মি। ইয়াৰে লুণীয়া পানীৰ পৰিমাণ ১৩৫.১ কৌটি ঘন কি.মি আৰু মিঠা পানীৰ পৰিমাণ হৈছে ৩.৫ কৌটি ঘন কি.মি। ৰাষ্ট্ৰসংঘৰ ( United Nation) ৰ সমীক্ষা অনুসৰি বৰ্তমান পৃথিৱীৰ ৭৩৫ কৌটি মানুহৰ ব্যৱহাৰৰ উপযোগী পানীৰ এই সময়ত মাত্ৰ ২ লাখ ঘন কি.মি। অৰ্থাৎ এই কম পৰিমাণৰ পানীৰে আমি জীয়াই থাকিবলৈ হ'লে পানীৰ উপযুক্ত ব্যৱহাৰ আৰু সংৰক্ষণ কৰা প্ৰয়োজন। পানীৰ গুৰুত্বক তুলি ধৰিবলৈ ৰাষ্ট্ৰসংঘৰ ১৯৯৩ চনৰ সাধাৰণ সভাৰ ২২ মাৰ্চ তাৰিখটোক বিশ্ব জল দিৱস হিচাপে নিৰ্বাচিত কৰা হয়। ১৯৯২ চনত ব্ৰাজিলৰ ৰিঅ' জেনিৰোত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ পৰিবেশ ও উন্নয়ন সন্মীলনীৰ(UNCED) এজেণ্ডা-২১ ত প্ৰথম বিশ্ব জল দিৱস পালনৰ বাবে প্ৰস্তাৱ উত্থাপন কৰা হয়। ১৯৯৩ চনত প্ৰথম বিশ্ব জল দিৱস পালন কৰা হয় আৰু তাৰ পিছৰেপৰা এই দিৱস পালনৰ গুৰুত্ব ক্ৰমশ বৃদ্ধি পায়। ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ লগতে বিভিন্ন বেচৰকাৰী সংস্থাইও পৰিষ্কাৰ পানী ও জলসম্পদ ৰক্ষা সম্পৰ্কে জনসচেতনা গঢ়াৰ বাবে এই বিশেষ দিনটোত বিশ্ব জল দিৱস হিচাপে পালন কৰি আহিছে।
বিশ্ব জল দিৱসৰ বিষয়:
১/২০১৫ চনৰ বিশ্বজল দিৱসৰ বিষয় আছিল- " Water and sustainable development" ২/২০১৬ চনৰ বিশ্ব জল দিৱস বিষয় আছিল- " Water and Jobs" ৩/২০১৭ চনৰ বিশ্ব জল দিৱসৰ বিষয় আছিল-" Wastewater" ৪/২০১৮ চনৰ বিশ্ব জল দিৱসৰ বিষয় আছিল-" Nature for water"-to the water challenges we face in the 21st century"