সমললৈ যাওক

সদস্য:পঙ্কজ শৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

-----------------------------মাতৃভাষা -----------------------

"মাতৃভাষা একেধাৰে সঁজুলি, আনন্দ, সুখ আৰু জ্ঞানৰ উৎস; ৰুচি আৰু অনুভূতিৰ পৰিচালক।  ভগৱানৰ সৈতে আত্মিক মিলনৰ অনুভূতি জগাই তোলাৰ প্ৰশস্ত পথ। নিজৰ ভাষা চেৰাই যোৱা মানে নিজৰ জাতীয়তা আৰু নিজৰ সত্তাও বিলুপ্তি হোৱা ।"  

স্বতঃস্ফুৰ্ত ভাবে স্বাভাৱিক ৰীতিত  পৰিবেশৰ পৰা  যি ভাষাৰে শিশুৱে  মনোভাৱ প্ৰকাশ কৰে সেয়াই মাতৃভাষা । কৃষ্টি-সংস্কৃতি আৰু সভ্যতাৰ ওপৰত মাতৃভাষাৰ প্ৰভাৱ অপৰিসীম।

Unsco ৱে মাতৃভাষাক প্ৰাথমিক অধিকাৰ দিছে, কেন্দ্ৰীয় চৰকাৰে শিক্ষানুষ্ঠানত সংশ্লিষ্ট মাতৃভাষাৰ ছাত্ৰ-ছাত্ৰীক সেই ভাষা-জ্ঞান শিক্ষা  দিয়া আইন প্ৰস্তুত কৰিছে, ৰাজ্যৰ চৰকাৰে শিক্ষাৰ অধিকাৰ  আইনত অসমীয়া ভাষাক শিক্ষাৰ মাধ্যম হিচাপে অগ্ৰাধিকাৰ দিছে যদিও মাতৃভাষা - ৰাজ্যভাষা- আৰু সংযোগী ভাষা হিচাপে অসমীয়া ভাষাই গুৰুত্ব পোৱা নাই। চৰকাৰে ৰাজ্যভাষা আইন 1960তে গৃহীত কৰিলে যদিও সেয়া কায্যকৰী কৰিবলৈ যি গাঠনি প্ৰস্তুত কৰিব লাগিছিল সেয়া হেমাহি কৰিলে ফলত যিটো ভাষা সাগৰৰ সিপাৰৰ খ্ৰীষ্টান মিছনাৰীয়ে অশেষ কষ্ট কৰি নতুন ৰূপত গঢ়ি তুলিছিল সেই সুৱদী-সুৰীয়া ভাষা নিজ পিতৃ মাতৃৰ হাততেই মৃত্যুৰ ক্ষণ গনিছে। চৰকাৰে শিক্ষা , শিক্ষাব্যৱস্থা আৰু শিক্ষকক বিশেষ গুৰুত্ব প্ৰদান নকৰাত শিশুক অভিভাৱকে চুকে কোণে গঢ়ি উঠা ইংৰাজী মাধ্যমত নাম লগাই দিছে। ভগৱানৰ সৈতে গঢ়ি উঠা মানসিক সাকোঁডাল কলিতে মোহাৰি দিলে ফলত সৃষ্টি হল শিক্ষাগত বিকাৰৰ । অস্তিত্বৰ সংকটত ককবকাই থকা অসমীয়া ভাষা ৰক্ষাৰ স্বাৰ্থত মাতৃভাষা নিশিকোৱাতো নিজ দুগ্ধ নিজ সন্তানক দান নকৰা মাতৃৰ দৰে পাপিনী, অৱজ্ঞা কৰাজন মহাপাতকী। নিজৰ ভৰিত নিজে কুঠাৰ মৰা।  

ৰসৰাজৰ মতে স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ মঙ্গল মন্দিৰৰ সিংহদ্বাৰ হৈছে মাতৃভাষা । পৰিতাপৰ বিষয় যে চৰকাৰে অসমীয়া ভাষাক অৱজ্ঞা কৰাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ মাজত গঢ়ি উঠা জাতীয়তাবাদী চিন্তা কলিতেই মৰহি গৈছে। এই ক্ষেত্ৰত অসমীয়া ভাষাৰ বাবে অহোপুৰুষাৰ্থ কৰা প্ৰাণ আহুতি দিয়া মহান ব্যক্তি সকলৰ আত্মত্যাগৰ কথা পাহৰিলে জানো হব? কেৰেলাত মালায়ালম, পশ্চিম বংগত বঙলা ভাষা বাধ্যতামূলক কৰাৰ দৰে অসমতো অসমীয়া ভাষা কিহৰ তাড়নাত পৰি বাধ্যতামূলক কৰিবলৈ পৰিকাঠোম গঢ়ি তুলিব পৰা নগল? যত অসমীয়া ভাষাৰ আবেদন আজিও অগ্ৰাহ্য হয়, চাকৰিৰ বাচনী পৰীক্ষাত অসমীয়া ভাষাৰ প্ৰশ্নকাকত বাধ্যতামূলক নহল, নামফলকত অসমীয়া লিখাটো বাধ্যতামূলক নহল তাত অসমীয়া ভাষা কেনেকৈ জীয়াই থাকিব। আজি জন্মদিনৰ বা নৱবৰ্ষৰ শুভকামনা happy birty day বা happy new year বুলি জননীৰ ওপৰত মোক্ষম আঘাত হনা সকলে এবাৰ নিজকে সুধি চোৱা উচিত যে জনম লভিয়ে ধৰিত্ৰীৰ বুকত তেওঁ mom, mother নে মা - মা বুলিছিল।  বিশ্বই সমাদৃত দেশ জাপান চীন আদি যদি নিজ মাতৃভাষাৰে মহীয়ান হৈ উন্নতিৰ সৰ্বোচ্চ চুব পাৰে আমি কিয় মাতৃভাষাক অৱহেলা কৰি সফলতাৰ বাবে ভাষাক মাধ্যম কৰিছো।

অসমীয়া আমাৰ মাতৃভাষা। মাতৃৰ নিচিনা বাবেই মাতৃয়ে বেয়া পোৱা কাম কৰা সন্তান সকলৰ প্ৰতি অযুগুত। অৱশ্যে সকলো নিৰ্ভৰ কৰিব অনাথ আশ্ৰম গঢ়ি উঠা দেশৰ মাতৃ ভক্তিৰ ওপৰতৰ, সেয়াই নিৰ্ধাৰণ কৰিব  মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি প্ৰকাশ। মাতৃৰ প্ৰতি হেয় জ্ঞান কৰা হব । মাতৃৰ ৠণ যেন পৰিশোধ কৰিবলৈ আধাৰুৱা হৈ ৰব। এই ক্ষেত্ৰত আমাৰ অসমীয়া চৰকাৰ খনৰ কৰিবলগীয়া বহু আছিল । কিন্ত সকলো ফুটুকাৰ ফেন ।  সেয়ে হয়তো মণিষীয়ে  কৈছিল তোমাৰ মাতৃভাষা চেৰাই যোৱা মানে নিজস্বতা আৰু জাতীয়তা হেৰাল বুলি জানিবা ।