সমললৈ যাওক

সদস্য:পাৰবিন চুলতানা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

'অন্তৰীপ' উপন্যাসৰ কাহিনীভাগৰ চমু আভাসঃ -

প্রাক স্বাধীনতা কালৰ এখন সৰু গাঁৱৰ আধ্যৱন্ত পৰিয়ালক কেন্দ্ৰ কৰি উপন্যাস খনৰ বিষয়বস্তু নির্মাণ

কৰা হৈছে। যুগ যুগ ধৰি যি পুৰুষতান্ত্রিক সমাজৰ এক নায়িত্ববাদী শাসন আৰু তাৰ বিৰোধে নাৰীয়ে কৰা অস্বাভাৱিক কিন্তু বলিষ্ঠ প্রতিবাদ আৰু পুৰুষ প্রধান সমাজত নাৰীৰ যি সামাজিক স্থিতি তাকে তুলি ধৰিবলৈ যত্ন কৰা হৈছে উপন্যাসখনৰ মাজেৰে।

উপন্যাসখনৰ কাহিনী ভাগব আৰম্ভ মহীকান্তই ক‌ইনা আনিবলৈ যোৱাৰ পৰিৱেশৰ পৰা হৈছে দৰা ওলাই যোৱাৰ পাছত ঘৰখন মাজনিশাৰ বিস্তৃর্ণ ধাননি পথাৰৰ নিশব্দ, নিস্তব্ধ হৈ পৰিছিল সেই সময়ত এঘন্টামান সময় শুৱনি কোঠালিৰ এটা চুকত সোমাই আছিল উপন্যাসৰ মুখ্য চৰিত্ৰ মেনকা। মেনকাৰ যি মানসিক স্থিতি তাকে লৈয়ে কাহিনী ভাগৰ আৰম্ভ হৈছে আৰু ফ্লেচবেকৰ দ্বাৰা কাহিনীৰ আৰম্ভণি ভাগৰ কিছু অংশ আগবঢ়াই নিয়া হৈছে। মেনকা আৰু মহীকান্তৰ বিয়া বাৰ বছৰ পাৰ হৈ গ'ল। চাৰিটা ল'ৰা-ছোৱালীৰ সৈতে মেনকাই সাংসাৰিক জীৱনটো ভালদবেই আগুৱাই নি আছিল। মেনকা এগকাৰী সুগৃহিনী, পত্নী তথা মাতৃ হোৱাৰ পাছতো মহীকান্তই দ্বিতীয় বিবাহৰ মন মেলিলে। ভজহৰিৰ (যি উপন্যাসত খলনায়ক চৰিত্ৰৰ ভূমিকা পালন কৰিছে) সৈতে মহীকান্তই কদমতলিলৈ যাওঁতে কিৰণৰ সৈতে চিনাকী হৈছিল সেই কিৰণৰ সৈতে ব'হাগৰ শেষৰ ফালে বিয়া বুলি মেনকাই বেলেগৰ মুখৰ পৰা শুনিছিল। এই কথা তাই সহজে বেলেগ মহিলাৰ দৰে মানি লব পৰা নাছিল। কিন্তু মহীকান্তই মেনকাৰ কথা চিন্তা নকৰি কিৰণক পত্নী হিচাপে গ্রহণ কৰিলে। মেনকাই মহীকান্তব দ্বিতীয় বিবাহৰ পাছত কেৱল ঘৰখনৰ কথা ভাবি সকলো দ্বায়িত্বভাৰত গুৰুত্ব দি জীৱনটো আগবঢ়াই নিবলৈ ধৰিলে। মনে মনে আছিল যদিও স্বামীৰ বিবাহৰ কথাই তাইৰ মনত আঘাত কৰিছিল। মহীকাৰৰ এই কাণ্ডই যেন তাইৰ মনত প্রতিবাদী সত্বা গঢ়ি তুলিছিল। তাই নিজ স্বামীৰ এক পক্ষীয় শাসনৰ প্রতি প্রতিশোধ লোৱাৰ বাবে চুবুৰীৰ "মদন'' বোলা জনক (যিয়ে কাহিনীত এজন চুৰৰ ভূমিকা পালন কৰে, চুৰ হলেও মদন চিধা মানুহ লগতে বিশ্বাসব যোগ্যও) সাৰথি হিচাপে ব্যৱহাৰ কৰিছিল। মহীকান্তৰ ককায়েক ৰত্নকান্তৰ ঘৰত ফুৰিবলৈ যাওতে হঠাৎ শাৰীৰিভাবে অসুস্থ হৈ মৃত্যু হৈছিল। মাকৰ মৃত্যুৰ স্বাৰ্ধত মেনকাই মহীকান্তৰ ঘৰত নাথাকি ককায়েকৰ ঘৰৰ স্বাগত যোগদান কৰিলে। আনফালে কিৰণ আছিল সন্তান সম্ভবা। মেনকাই কিন্তু মহীকান্তৰ একপক্ষীয় প্রেম আৰু শাসনৰ বাবে স্বামীৰ সৈতে সকলো সম্পর্ক ত্যাগ কৰিছিল। মদনক তাই প্রতিশোধ আধাৰ হিচাপে লৈ তাৰ সৈতে এক গোপনীয়ভাবে এক সম্পর্ক স্থাপন কৰিলে। লাহে লাহে দিন বাগৰি যোৱাত মদনৰ সৈতে মেনকাৰ সম্পৰ্ক ও আগবাঢ়ি গ'ল। মহাকান্ত‌ই  এই কথাৰ উমানো না পালে। এনেদৰেই দিন অতিবাহিত হোৱাৰ পাছত মেনকা সন্তান সম্ভবা হ'ল এই কথাই মহীকান্তক জোকাৰি পেলালে কথাৰ সত্যতা জানিবলৈ মহীকান্ত‌ই মেনকাক কলঘৰলৈ কামৰ কথা কৈ মাতি পঠিয়ালে। কলঘৰত কথাটো সঁচা নে মিছা সুধাত মেনকাই সচাঁ বুলি কয় আৰু অত দিনে  তাই যি কষ্টত আছিল এতিয়া মহীকান্তও  থাকক এতিয়া আৰু তাই কোনো কথাত দুখ নকৰে। মেনকাই নিজৰ কথা ৰাখি কলঘৰৰ পৰা গুচি আছে। মেনকাৰ কাৰ্যত মহীকান্তই আওকাণো কৰিব পৰা নাছিল আৰু কোনো প্রতিক্রিয়া ও কৰিব পৰা নাছিল। মেনকাৰ প্রতিশোধে মহীকান্তৰ পুৰুষতান্ত্রিক শাসনৰ ব্যৰ্থতা পৰিস্ফুত কৰিলে। মেনকাৰ সন্তানক পেটতে মাৰি পেলোৱাৰ কথা চিন্তা কৰিলে মহীকান্ত‌ই  কিন্তু মেনকাই আওকাণ কৰিলে। মেনকাৰ পুত্র সন্তান জন্ম হল এই দেখি কিৰণৰো পুত্র সন্তানৰ মাতৃ হোৱাৰ আশা জন্মিল। পুত্র সন্তানৰ মাতৃ হবলৈ ভজহৰিৰ কথাত আহি ম‌ঙলতী বুঢ়ীৰ দিহা মানিব ল'লে। মহীকান্ত‌ই  ভায়েক ভদ্রকান্তৰ লগত সন্দেহ কৰি তাক ঘৰৰ পৰা ওলাল যাব কয়। ভদ্রকান্ত ঘৰৰ পৰা ওলোৱা পাছত মহীকান্তয়ো গাৱৰ নামঘৰ ওচৰত ঘৰ সাজি থাকিবলৈ লয় আৰু এদিন দুদিনকৈ থাকি থাকি কিৰণো একেবাৰে মহীকান্তৰ লগতে থাকিবলৈ লয়। কিৰণৰ পুনৰ কন্যা সন্তান জন্ম হোৱাৰ বাবে আত্মহত্যাৰ প্ৰচেষ্টা চলাই তথাপিও এনে দুৰ্গম পৰিস্থিতি ঘৰখনৰ আৰু কিৰণ আৰু তাইৰ ছোৱালী দুজনীৰ দ্বায়িত্ব  লবলৈ পিছুওৱা নাছিল। কিৰণ  সুস্থ হ'বলৈ ধৰিলে। মদন আৰু ভদ্ৰকান্ত‌ও সংসাৰিক জীৱনৰ আৰম্ভ কৰিলে। মদনে দিনে ৰাতিয়ে মেনকাৰ কথা মতে কলমঘৰৰ কাম চম্ভালিবলৈ ধৰিলে। দিন ভাগৰি যোৱাত ইন্দ্ৰৰ মেট্ৰিকৰ ৰিজাল্ট দিলে। ভাল ৰিজাল্ট কৰি ইন্দ্ৰই উচ্চ শিক্ষাৰ বাবে কলিকতালৈ পঢ়িবলৈ যায়। ইন্দ্ৰ মেনকা আৰু মহীকান্তৰ ডাঙৰ সন্তান। পৰতোষ বন্দ্যোপাধায়  ছাৰৰ ঘৰৰ সহায়ত ইন্দ্ৰ কলিকতালৈ গৈ তেওঁৰে ভায়েক প্রিয়তোষ বন্দ্যোপাধায় ঘৰত কেইদিনমান থাকি হোষ্টেলত থাকিব লয়। প্রিয়তোষ বন্দ্যোপাধায় পৰাই তেওঁৰ পুত্ৰী চিত্ৰাৰ সৈতে চিনাকী হ'ল। পঢ়া-শুনাৰ লগতে চিত্ৰাৰ লগত তাৰ বন্ধুত্ব আগবাঢ়িল। কিন্তু শংকৰৰ লগত চিত্ৰাৰ বিয়া হৈ যায়। শংকৰৰ জৰিয়তে ইন্দ্ৰই এজন মনোবিজ্ঞানীৰ সৈতে চিনাকী হয়। ইন্দ্ৰই গাৱঁলৈ আহি কিৰণক চিকিৎসা কৰাৰ কথা ভাবি তাইক কলিকতালৈ লৈ আহিল। কলিকতালৈ আহি কিৰণে গম নোপোৱাকৈ চিকিৎসা আৰম্ভ হৈছিল যদিও শংকৰে তাইৰ সৈতে দুষ্টকৰ্ম কৰে। কিৰণ মানসিকভাৱে দুৰ্বল হৈ পুনৰ আত্মহত্যা কৰে। কিৰণৰ মৃত্যুৰ পিছত খবৰ কৰিবলৈ পৰতোষ চাৰৰ সৈতে মেনকা আহি শিয়ালদাহ ষ্টেচনত নামে। মেনকাই চিত্রাহতৰ ঘৰলে আহিছিল। মেনকা আহি মূল ঘটনাৰ ওৰ জানিবলৈ বিচাৰিলে আৰু সকলোৰে কথা জানিবলৈ চেষ্টা কৰিছিল। কিৰণৰ মৃত্যুৰ বাবে ইন্দ্ৰক নিজকে দোষী মানিবলৈ মানা কৰে। ঘৰলৈ আহি মেনকাই সকলো পৰিস্থিতি সাধাৰণ হোৱা পাছত ঘৰলৈ আহিবলৈ কয়। যোৱাৰ সময়ত মেনকাই সকলো পাহৰি মাকৰ কথা ৰাখি চিত্রা সৈতে বিবাহ কৰিবলৈ কয়। উপন্যাসখনত মেনকাই নিজৰ দ্বায়িত্ব শেষলৈকে পালন কৰাৰ লগতে নিজৰ কথাত স্থিৰ হোৱা দেখা যায়। অবশেষত ইন্দ্ৰ আৰু চিত্ৰাৰ ইংলণ্ডৰ টিনবাৰ বন্দৰত হোৱা মিলনেৰে উপন্যাখনৰ সামৰণি ঘটে।