সদস্য:বনশ্ৰী কটকী
মৈষাল আৰু মাহুতৰ গীত
গোৱালপৰীয়া লোকগীতত মৈষাল আৰু মাহুতৰ গীতখিনিৰ এক সুকীয়া মৰ্যাদা আছে-আছে সুকীয়া আসন ।গোৱালপৰীয়া লোকজীৱনত মৈষাল আৰু মাহুত আছিল অংগাংগী। বিশেষকৈ গোৱালপৰীয়া ভৌগোলিক পৰিৱেশ অনুযায়ী কৃষিজীৱী সমাজখনত কৃষকৰ যি স্থান মৈষাল আৰু মাহুতৰ সেই একেই স্থান। নৈ মাতৃক অবিভক্ত গোৱালপৰীয়া ভৌগোলিক পৰিৱেশত বিস্তীৰ্ণ চৰ অঞ্চল আৰু ইয়াৰ উত্তৰে-দক্ষিণে ভূটান-মেঘালয়ৰ গভীৰ অৰণ্যই বিশেষ প্ৰভাৱ পেলাইছিল। চৰ অঞ্চল আছিল গৰু-ম'হৰ বিচৰণভূমি। বিশেষকৈ গোৱালপাৰাৰ জমিদাৰ অথবা মহাজন শ্ৰেণীৰ লোকে এনে বিস্তীৰ্ণ ঘাঁহনি অঞ্চলত ম'হৰ খুঁটি বা বাথান স্থাপন কৰিছিল।এই ম'হৰ ৰখীয়া হিচাপে নিয়োগ কৰাসকলকেই বোলা হৈছিল গোৱালপৰীয়া ভাষাত মৈষাল। একমাত্ৰ পেটৰ দায়ত কোনো নিৰ্জন ম'হৰ বাথানত থাকিবলগীয়া হোৱা মৈষালৰ অন্তৰ নিসৃত ভাৱ-অনুভূতি অথবা কোনো নৈপৰীয়া আবৈয়ে অথবা বিৱাহিত পত্নী, পৰস্ত্ৰীৰ সৈতে মৈষালৰ গঢ়ি উঠা প্ৰেমৰ ফলশ্ৰুতিত মান-অভিমান,বিৰহ-ব্যথাৰ অনুপম অভিব্যক্তি হৈছে এই মৈষাল গীতবোৰ।
একেদৰে মেঘালয়,ভূটান পাহাৰৰ লগত সংলগ্ন বিস্তীৰ্ণ অৰণ্যভূমি হাতীৰ বিচৰণভূমি।এই বনৰীয়া হাতী ধৰি ঘৰচীয়া কৰাৰ প্ৰথা প্ৰাচীন কলোৰেপৰা চলি আহিছে।এই হাতী ধৰা কাৰ্যত আগৰণুৱা আছিল গোৱালপাৰাৰ কেইবাটাও জমিদাৰ পৰিয়াল।হাতী ধৰিবৰ বাবে নিয়োজিত মাহুত বা ফান্দীয়ে দীৰ্ঘদিন ধৰি হাবিত থাকিবলগীয়া হৈছিল।মৈষালৰ দৰে মাহুতক লৈয়ো একেদৰে সৃষ্টি হৈছিল মাহুত অথবা প্ৰেমিকৰ অন্তৰ উথলি উঠা বিৰহ-ব্যথাৰ সীমাহীন ৰাগ-অনুৰাগ।ইয়েই শব্দ আৰু সুৰৰ সংযোগত গীত হিচাপে আত্মপ্ৰকাশ কৰিছিল।
মৈষাল আৰু মাহুতৰ গীতখিনিৰ মূল কেন্দ্ৰ বিন্দু হৈছে প্ৰেম আৰু আসক্তি। কিন্তু এই প্ৰেম উপৰুৱা নহয় বাবেই ইয়াৰ গীতবোৰ গভীৰ আৰু গতিশীল। সাংগীতিক গাঁথনিত মৈষাল-মাহুতৰ গীতখিনিক ভাৱাইৱা আৰু চট্কা এই দুই ভাগত ভগাব পাৰি। ভাৱাইয়া গীতবোৰৰ সুৰ গহীন-গম্ভীৰ,দীঘলসুৰীয়া আৰু কৰুণ।ইয়াৰ বিপৰীতে চট্কা গীতবোৰ চঞ্চল আৰু কৌতুকধৰ্মী।দোতাঁৰাৰ জৰিয়তে মৈষাল আৰু মাহুতৰ গীতবোৰ পৰিৱেশন কৰা হয়।
নাৰী সংগীবিহীন জীৱনৰ বাবেই মৈষাল আৰু মাহুতৰ গীতখিনিৰ বহুতো সাদৃশ্য পৰিলক্ষিত হয়। মৈষাল,মাহুতক বন্ধু, পতিধন, জীৱন আৰু সখা সম্বোধন-এই লোকগীতখিনিৰ অন্যতম বৈশিষ্ট্য।
- ↑ তথ্য সংগ্ৰহ-দাস নাৰায়ণ, পৰমানন্দ ৰাজবংশী(সম্পাদনা)পৃষ্ঠা নং-৫৩৩,অসমৰ সংস্কৃতি-কোষ। জ্যোতি প্ৰকাশন পানবজাৰ, গুৱাহাটী-১