সমললৈ যাওক

সদস্য:বনিশা শইকীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নগেন্দ্ৰনাৰায়ণ চৌধুৰী: আৱাহন কাকত

    নগেন্দ্ৰনাৰায়ণ চৌধুৰী(১৮৮১-১৯৪৭) কেৱল আবাহনৰ প্ৰতিষ্ঠাপকেই নহয়,তেওঁ এগৰাকী সাৰ্থক গল্পকাৰো। বয়সৰ ফালৰপৰা তেওঁ বেজবৰুৱা আৰু শৰৎচন্দ্ৰ গোস্বামীৰ মধ্যৱৰ্তী হ'লেও তেওঁ গোস্বামীতকৈ পলমকৈ - আৱাহনৰ প্ৰতিষ্ঠাৰ লগে লগেহে ৪৮ বছৰমান বয়সত অসমীয়া ভাষা-সাহিত্যৰ জগতখনত সোমাই পৰে। অৱশ্যে প্ৰথমছোৱাত তেখেতে বাংলা ভাষাত সাহিত্য চৰ্চা কৰিছিল যদিও পিছলৈ অসমীয়াৰ উন্নতিকল্পে চেষ্টা কৰিবলৈ সংকল্প লয়। 
     চৌধুৰীৰ "পোহাৰী" গল্পত ৰাভা জনজাতীয় গাভৰু এগৰাকীৰ দুখ-কষ্টৰ কাহিনী বৰ্ণিত হৈছে। গল্পটোৰ পৰিপ্ৰেক্ষিত আৰু পটভূমি সামাজিক হ'লেও চৌধুৰীৰ গল্পত সাধাৰণতে থকাৰ দৰেকৈ তাৰ এটা ৰোমাণ্টিক সূত্ৰও বৰ্তমান। পোহাৰীৰ ভালপোৱা কৃতজ্ঞতাৰ নামান্তৰ। সহৃদয় ডাঃ দীনবন্ধুৱে তাইৰ ভাল কৰিবলৈ গৈ দুখৰহে কাৰণ হৈ পৰে। সামাজিক অবিচাৰৰ কাহিনী এটা ৰোমাণ্টিক প্ৰেমানুভূতিৰ লগত দৃঢ়ভাৱে গ্ৰথিত হৈছে। 
     চৌধুৰীয়ে সমসাময়িক মধ্যবিত্ত জীৱনত পৰিদৃশ্যমান লোভ,ঈৰ্ষা,কলহপ্ৰৱণতা,ধর্ষণকাৰী মনোবৃত্তি আদিক চিৰন্তন কৰিছে। তেওঁৰ অভিজ্ঞতাৰ ব্যাপ্তিৰ জোখাই চৰিত্ৰায়ণৰ পৰিধিও ব্যাপক।তেওঁৰ গল্পত মাথোন ডেকা-গাভৰুৰ প্ৰেমঘটিত বিষয়বস্তুকেই আশ্ৰয় নকৰি জীৱনৰ বিচিত্ৰ ৰূপ আৰু সংঘাতবোৰৰ প্ৰতিহে বেছি দৃষ্টি দিয়া দেখা যায়। ৰসায়ন,বীণাৰ ঝংকাৰ,ভাগ বাটোৱাৰা আদি তেওঁৰ দ্বাৰা ৰচিত গল্প। 
      চৌধুৰীয়ে গল্পবোৰত গোৱালপৰীয়া কথ্য ভাষা ৰজিতা খুৱাই শুৱলাকৈ ব্যৱহাৰ কৰিব জানিছিল। তেওঁৰ ইচ্ছা আছিল,অসমীয়া ভাষাত বিভিন্ন জিলাৰ শব্দসম্ভাৰৰ প্ৰাদুৰ্ভাৱ ঘটক। অসাধাৰণ অন্তৰ্দৃষ্টিসম্পন্ন সাহিত্যিকগৰাকীয়ে বুজিছিল যে এনেধৰণৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া অবিহনে ভাষা-সাহিত্যৰ ঐশ্বৰ্য বৃদ্ধি নহয়। চৌধুৰীয়ে নামনি অসমৰ বিশেষকৈ গোৱালপাৰাৰ গণজীৱনক প্ৰতিনিধিত্ব কৰিছিল। দয়ালু জমিদাৰ হিচাপে তেওঁ দেখা অন্যায়-অবিচাৰৰ খতিয়ান ৰাখি গৈছিল। সাধাৰণ কৃষক হজুৱা মানুহ বিশেষকৈ জনজাতীয় মানুহৰ ওপৰত হোৱা শোষণৰ স্বৰূপ তেওঁ বুজিছিল।
     তেওঁৰ গল্পবোৰ সেইদিনত অত্যন্ত জনপ্ৰিয় হৈছিল। কোনোবা সংখ্যাত তেওঁৰ গল্প নোলালে "আৱাহন"ৰ মূল্যই যেন কমি গৈছিল। আৱাহনত প্ৰকাশ পোৱা চৌধুৰীৰ "মোৰ জীৱন স্মৃতি" এখন সুখপাঠ্য ঐতিহাসিক দলিল।
        আৱাহনত ওলোৱা তেওঁৰ ভ্ৰমণ কাহিনী দুটিও মনোৰম। প্ৰথমটোত আছে কুম্ভমেলা দৰ্শনৰ বৰ্ণনা আৰু দ্বিতীয়টোত আগ্ৰা ভ্ৰমণৰ হুবহু বৰ্ণনা সংস্থাপিত হৈছে। বৃন্দাবনলৈ গৈছিল যদিও তেখেতে বৃন্দাবন ভ্ৰমণৰ সবিশেষ লিখা নাই। কিন্তু মণিপুৰৰ ৰাজকুমাৰ টিকেন্দ্ৰজিতৰ বিধবা পত্নী ৰাণী লোকমানি দেৱীয়ে বৃন্দাবনত আৰ্থিক দুখত কষ্ট পোৱা দেখি ঘৰলৈ উভতি আহি "আৱাহন"ত তেওঁৰ বাবে আৰ্থিক সাহায্য প্ৰাৰ্থনা কৰি বিজ্ঞাপন দিছিল। কাৰণ ব্ৰিটিছে তেওঁক বৃত্তিৰ পৰা বঞ্চিত কৰিছিল। এয়া চৌধুৰীদেৱৰ স্বদেশহিতৈষণাৰ জলন্ত চিনাকী।

প্ৰসংগ সূত্ৰ: শইকীয়া, চন্দ্ৰপ্ৰসাদ(সম্পা.):অসমৰ বাতৰিকাকত-আলোচনীৰ ডেৰশ বছৰীয়া ইতিহাস("আৱাহনৰ অৱদান"-উপেন্দ্ৰনাথ শৰ্মা)