সদস্য:ভাস্কৰ ভূঞা
অৱয়ব
সৌম্যদ্বীপ দত্ত
অসমৰ বন আৰু পৰিৱেশ সংৰক্ষণৰ আন্দোলনত সৌম্যদ্বীপ দত্ত এটা পৰিচিত নাম | উত্তৰ পূব ভাৰতৰ পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্চ বেকন নামৰ সংগঠনটোৰ তেওঁ প্ৰতিষ্ঠাপক সঞ্চালক | বাল্যকালৰ পৰাই সৌম্যদ্বীপ দত্ত বন্যপ্ৰাণীৰ প্ৰতি গভীৰভাৱে আকৃষ্ট হয় আৰু পৰৱৰ্তী সময়ত বন্যপ্ৰাণী সংৰক্ষণৰ বাবে নিজকে সক্ৰীয়ভাৱে আত্মনিয়োগ কৰে | অসম তথা উত্তৰ-পূব ভাৰতৰ বন্যপ্ৰাণী সংৰক্ষণৰ বাস্তৱ প্ৰসাৰতাৰ বাবে সৌম্যদ্বীপ দত্তৰ অৱদান উলেলখযোগ্য | সৌম্যদ্বীপ দত্ত আমেৰিকাত অৱস্থিত বিশ্ববিখ্যাত স্মিথচোনিয়ান ইনষ্টিটিউচনৰ পৰা আন্তজাৰ্তিক পৰিৱেশ শিক্ষাৰে প্ৰশিক্ষিত | তেওঁ ভাৰত চৰকাৰৰ একমাত্ৰ প্ৰাণী সম্পৰ্কীয় বৈজ্ঞানীক সংগঠন Zoological Survey of India ৰ দ্বাৰা বন্যপ্ৰাণী সংৰক্ষণ আৰু বনৰীয়া চৰাই সংক্ৰান্ত অধ্যয়নেৰে বিশেষ প্ৰশিক্ষণ প্ৰাপ্ত |
১৯৮৮ চনত অসমৰ ইতিহাসত প্ৰথম সমগ্ৰ অসম ব্যাপী পৰিৱেশ সচেতনতা অভিযানৰ নেতৃত্বওপ্ৰদান কৰে সৌম্যদ্বীপ দত্তই | এই অভিযানৰ নাম আছিল - ব্ৰহ্মপুত্ৰ-বৰাক উপত্যকা পৰিৱেশ সচেতনতা শিৱিৰ |