সদস্য:মিণ্টুল হাজৰিকা
মাহত পঞ্চল্লিছ টকা
__________________________________________
মূল গল্পকাৰ:- আৰ.কে.নাৰায়ণ অসমীয়া অনুবাদ: মিণ্টুল হাজৰিকা ফোন নং ৮৬৩৮২৫৯০৭৩
শান্তাই ক্লাছত বেছি সময় থাকিব পৰা নাছিল৷ ফেকুৰি উঠিল৷ গান,ব্যায়াম, আখৰ আৰু সংখ্যাৰ পৰিচয় সকলো ক্লাছ শেষ কৰি তাই ৰং বিৰঙৰ কাগজ কাটি আছিল৷বেল বজাৰ পিছত যেতিয়ালৈকে শিক্ষকে নকয়. "এতিয়া তোমালোকে ঘৰলৈ যাব পাৰা"নতুবা "কেচি আঁতৰাই ৰাখি আখৰবোৰ তুলি লোৱা" তেতিয়ালৈকে তাই কাগজ কাটিয়ে থাকিব৷ শান্তাই সময় জানিবলৈ অধীৰ হৈ উঠিছিল৷ তাই তাইৰ ওচৰতে বহা বন্ধুক সুধিলে, " এতিয়া পাঁচটা বাজিছে নে?"
"বাজিছে চাগে", সি উত্তৰ দিলে৷
"নে এতিয়া ছটা বাজে?"
"নাজানো নহয়" তাইৰ বন্ধুয়ে উত্তৰ দিলে৷ " কাৰণ ছটা বাজিলে ৰাতি হয়৷"
"তুমি ছটা বজা বুলি ভবা নে?"
''হয়''
" ওঁহ,মই যাব লাগিব৷ তেতিয়ালৈকে দেউতা ঘৰলৈ উভটিব৷ দেউতাই মোক কৈছিল পাঁচটা বজাৰ ভিতৰতে সাজু হৈ থাকিবলৈ৷ দেউতাই আজি গধূলি মোক চিনেমা চাবলৈ লৈ যাব৷ মই এতিয়াই ঘৰলৈ যাব লাগিব৷"
কেচিখন পেলাই থৈ তাই শিক্ষয়িত্ৰীজনীৰ ওচৰলৈ দৌৰি গ’ল৷ "মেডাম, মই ঘৰলৈ যাব লাগিব৷"
" কিয়,শান্ত আইজনী?"
"কাৰণ,এতিয়া পাঁচটা বাজিছে৷"
"তোমাক কোনে ক’লে এতিয়া পাঁচটা বাজিছে বুলি?"
"কমলাই৷"
"এতিয়া পাঁচটা বজা নাই নহয়৷ তুমি সৌ ঘড়ীটো দেখা পাইছা নে? মোক কোৱাচোন এতিয়া কেইটা বাজিছে? মই সেইদিনা ঘড়ী চাবলৈ শিকাইছিলোঁ নহয়৷"
শান্তাই একেথৰে ঘড়ীটোৰ পিনে চাই সংখ্যাবোৰ গণি ক’লে,"এতিয়া নটা বাজিছে৷"
শিক্ষয়িত্ৰীগৰাকীয়ে অন্যান্য ছোৱালীবোৰক মাতি আনি সুধিলে,কোনে মোক ঘড়ী চাই সঠিক সময় ক’ব পাৰিব?"
সিহঁতৰ বহুতে শান্তাৰ সুৰতে সুৰ মিলাই ক’লে যে নটা বাজিছে৷ শিক্ষয়িত্ৰীগৰাকীয়ে ক’লে যে তোমালোকে কেৱল ডাঙৰ কটাডালহে দেখিছা৷সৰু কটাডাললৈ চোৱা,ক’ত আছে?"
"দুই আৰু আধাত৷"
"তেতিয়াহ’লে কেইটা বাজিছে?"
"দুটা আৰু আধা বাজিছে৷"
"এতিয়া দুটা পঞ্চল্লিছ হৈছে,বুজিছানে? এতিয়া তোমালোকে সকলোৱে বহা ঠাইলৈ যোৱা৷" দহ মিনিট পিছত আকৌ শান্তাই শিক্ষয়িত্ৰীগৰাকীৰ ওচৰলৈ গৈ সুধিলে,"এতিয়া বাৰু পাঁচটা বাজিছেনে? মেডাম ,কাৰণ পাঁচটা বজাৰ ভিতৰত মই সাজু হৈ থাকিব লাগিব৷নহ’লে দেউতাই মোক খং কৰিব৷ দেউতাই মোক সোনকালে ঘৰলৈ উভটিব কৈছে৷"
"কেতিয়া?"
"এতিয়া৷"
শিক্ষয়িত্ৰীগৰাকীয়ে শান্তাক যোৱাৰ অনুমতি দিলে৷তাই কিতাপ পত্ৰ লৈ আনন্দ মনেৰে বতাহৰ দৰে শ্ৰেণীকোঠাৰ পৰা ওলাই গ’ল৷ তাই দৌৰি ঘৰলৈ আহি কিতাপ পত্ৰখিনি মাটিত পেলাই চিঞৰিবলৈ ধৰিলে,"মা,মা৷"
মাকে ওচৰৰ ঘৰৰ বান্ধৱীৰ সৈতে কথা পাতি আছিল৷তেওঁ তাৰপৰাই দৌৰি ঘৰলৈ আহিল৷ "তুমি ইমান সোনকালে কিয় আহিলা?" মাকে জানিব বিচাৰিলে৷
" দেউতাই ঘৰলৈ আহি আকৌ গ’ল নেকি?" শান্তাই সুধিলে৷ এগিলাচ বনবিতা আৰু ভাত খাই তাই সাজু হ’বলৈ আৰম্ভ ধৰিলে৷ বাকচ খুলি তাই তাইৰ সকলোতকৈ পাতল ফ্ৰক আৰু পাইজামা পিন্ধিবলৈ বিচাৰিলে,কিন্তু মাকে বিচাৰে গধূলি হোৱা বাবে তাই দীঘল স্কাৰ্ট আৰু মোটা কোট চোলা পিন্ধাতো৷ শান্তাই পেঞ্চিল বাকচৰ পৰা সুন্দৰ ফিটা এপাত উলিয়াই ল’লে৷সাজ পোছাক লৈ মাক জীয়েকৰ মাজত বেছ এখন আমোদজনক যুদ্ধ চলিল আৰু শেষত মাকে হাৰ মানিবলৈ বাধ্য হ’ল৷শান্তাই তাইৰ প্ৰিয় গোলাপী চোলাটো পিন্ধিলে আৰু চুলিখিনি বেণী গুঠি তাত ফিতা বান্ধিলে৷তাৰপাছত মুখত পাউদাৰ ঘঁহিলে,কঁপালত সেন্দূৰৰ ফোঁট লগাই তাই ক’লে,"এতিয়া দেউতাই ক’ব মই বৰ ভাল ছোৱালী, কাৰণ মই একেবাৰে সাজু হৈছোঁ৷ তুমি নোযোৱা নেকি,মা?"
"আজি নহয়৷"
শান্তাই সৰু গেটটোৰ সন্মুখত ঠিয় হৈ বাটৰ পিনে চালে৷
মাকে ক’লে,"দেউতাৰা পাঁচটা বজাৰ পিছতহে আহিব৷ ৰ’দত ঠিয় হৈ নাথাকিবা৷ এতিয়া মাত্ৰ চাৰিটাহে বাজিছে৷"
বিপৰীত পিনৰ ঘৰবোৰৰ পিছফালে বেলি যেতিয়া অদৃশ্য হৈ গৈছিল তেতিয়া শান্তাই বুজি পালে আন্ধাৰ হ’ব এতিয়া৷ তাই দৌৰি মাকৰ ওচৰলৈ গৈ সুধিলে,মা,দেউতা এতিয়াও অহা নাই?"
"মই কেনেকৈ জানিম? হয়তো অফিচৰ কামত ব্যস্ত আছে৷"
শান্তাই অভিমান কৰি ক’লে ,"অফিচৰ মানুহবোৰক মোৰ ভাল নালাগে৷ তেওঁলোক বৰ বেয়া মানুহ...৷"
তাই আকৌ জপনামুখত গৈ বাহিৰলৈ ভুমুকিয়াই চালে৷ মাকে ভিতৰৰ পৰা মাতিলে,ভিতৰলৈ আহা শান্তা,আন্ধাৰ হৈ আহিছে৷ তাত ঠিয় হৈ নাথাকিবা৷" কিন্তু শান্তা ভিতৰলৈ নগ’ল৷ তাই জপনামুখত ৰৈ থাকিল আৰু তেতিয়াই তাইৰ মগজুত এক অদ্ভুত বুদ্ধি খেলালে৷ তাইতো অফিচলৈ গৈ তাৰ পৰা দেউতাকক লগত লৈ চিনেমা চাব যাব পাৰেচোন? তাই চিন্তা কৰিলে দেউতাকৰ অফিচ ক’ত হ’ব পাৰে৷ তাইৰ এই সম্পৰ্কে কোনো ধাৰণ নাছিল৷ তাই সদায় দেখে দেউতাকে বাটৰ মূৰত নেদেখা হয়৷ কোনোবাই যদি তালৈ যায়, সি হয়তো নিজে নিজে দেউতাকৰ অফিচলৈ যায়৷ তাই এবাৰ ভালদৰে নিৰীক্ষণ কৰি ল’লে মাক ওচৰে পাজৰে আছে নে নাই,তাৰ পাছত বাটমুৱা হ’ল৷
তেতিয়া গধূলি হৈছিল৷ যিসকলে বাটেৰে খোজকাঢ়ি আহ যাহ কৰি আছিলে তেখেতসকলক বৃহৎ আকাৰৰ যেন দেখা পাইছিল, ঘৰৰ দেৱালবোৰক বৰ ওখ যেন দেখা গৈছিল ,চাইকেল আৰু গাড়ীবোৰক দেখি ধাৰণা হৈছিল সকলো যেন তাইৰ ওপৰত আহি পৰিব৷তাই বাটটোৰ একেবাৰে শেষ প্ৰান্তত আহি উপস্থিত হ’ল৷ কিছুসময় পাছত বাটৰ লাইটবোৰ জ্বলি উঠিল আৰু বাটৰুৱাসকলক ছায়ামুৰ্ত্তিৰ দেখা দেখা গ’ল৷ দুটা কেঁকুৰি পাৰ হোৱাৰ পাছত শান্তাই বুজি পোৱা নাছিল তাই ক’ত আহি উপস্থিত হৈছে৷ তাই নখ কামুৰি কামুৰি বাটৰ শেষ প্ৰান্তত আহি বহি পৰিল৷ তাই তেতিয়া ভাবিছিল কেনেকৈ ঘৰলৈ উভতিব পৰা যায়৷সিহঁতৰ ওচৰৰ ঘৰৰ চাকৰজনে তেতিয়া বাটেৰে গৈ আছিল৷তেওঁক দেখা পাই শান্তাই তেওঁৰ ওচৰত গৈ থিয় হ’ল৷
ওহ,তুমি অকলে অকলে ইয়াত কি কৰি আছা?" তেওঁ সুধিলে৷
শান্তাই উত্তৰ দিলে,মই নাজানোঁ৷ মই ইয়ালৈ গুচি আহিছোঁ৷ আপুনি মোক আমাৰ ঘৰলৈ লৈ যাব নে?" ইয়াৰ পাছত তেওঁৰ পিছে পিছে আহি শান্তাই সোনকালে ঘৰ পালে৷
শান্তাৰ দেউতাক ভেঙ্কাত ৰাও সেইদিনা ৰাতিপুৱাই অফিচলৈ বুলি যাবলৈ ওলাইছিল, সেইসময়তে এখন নতুন চিনেমাৰ বিজ্ঞাপন বাটে বাটে প্ৰচাৰ কৰি গৈছিল৷ দেউতা, আপুনি আজি মোক চিনেমা চাবলৈ নিব নে?" প্ৰশ্নটো শুনি ভেঙ্কাত ৰাওৰ মনটো বৰ বেয়া লাগিল৷ ছোৱালীজনী কোনোধৰণৰ আমোদ প্ৰমোদ আৰু জীৱনৰ সাধাৰণ আনন্দবোৰ নোহোৱাকৈয়ে ডাঙৰ হৈ উঠিছে৷তেওঁ তাইক দুবাৰমান চিনেমা চাবলৈ নিচিল নে নাই তাৰো মনত নাই৷ যিটো সময়ত তাইৰ বয়সৰ আন আন ল’ৰা ছোৱালীবোৰে পুতলা,নতুন নতুন সাজ পোছাক নতুবা বাহিৰলৈ ফুৰিবলৈ যায়,সেইসময়ত শান্তাই যেন অকলশৰীয়াভাৱে ডাঙৰ হৈছে৷
তেতিয়া তেওঁ তেওঁৰ অফিচৰ ওপৰত প্ৰচণ্ড খঙ কৰি উঠিলে৷মাহে চল্লিশ টকা দি তেওঁলোকে যেন তেওঁক কিনি পেলাইছে৷
স্ত্ৰী-কন্যাক অৱহেলা কৰাৰ কাৰণে তেওঁ নিজক নিজে সমালোচনা কৰিলে৷ আনকি তেওঁৰ স্ত্ৰীৰ নিজৰ বন্ধু বান্ধৱীৰ লগত যোগাযোগ ৰাখি চলিব পাৰিলেহেঁতেন,কিন্তু নাই ৰখা৷তেওঁ বাৰু এজনী বয়স্ক মানুহ৷ কিন্তু শান্তা? একেবাৰে নীৰস আৰু একঘেমীয়া তাইৰ জীৱন৷ প্ৰত্যেকদিনে তেওঁলোকে তেওঁক গধূলি সাত আঠ বজালৈকে অফিচত ব্যস্ত কৰি ৰাখে আৰু তেওঁ যেতিয়া ঘৰলৈ উভটি আহি দেখে শান্তা শুই পৰিছে৷ আনকি তেওঁলোকে ৰবিবাৰেও তেওঁক অফিচতে ৰাখিব বিচাৰে৷ কিয় তেওঁলোকে নাভাবে তেওঁ নিজৰ পৰিয়ালটোৰ কথা,তেওঁৰ নিজৰ কথা,ছোৱালীজনীৰ কথা৷তেওঁ তেতিয়া ভাবিছিল তেওঁ তেওঁলোকৰ খেলৰ বস্তু নহয়৷ প্ৰয়োজন হ’লে তেওঁ মেনেজাৰৰ লগত কাজিয়া কৰিবলৈও কুণ্ঠাবোধ নকৰে৷
তেওঁ সিদ্ধান্ত গ্ৰহণ কৰি ক’লে," আজি আবেলি মই তোমাক চিনেমা দেখুৱাবলৈ লৈ যাম৷ পাঁচটা বজাত সাজু হৈ থাকিবা৷
"সঁচাই!মা!",শান্তাই আনন্দত চিঞৰি দিলে৷মাকে পাকঘৰৰ পৰা দৌৰি আহিল৷
"দেউতাই আজি আবেলি মোক চিনেমা চাবলৈ লৈ যাব৷"
শান্তাৰ মাকে এই কথা শুনি কৌতুক কৰি হাঁহিলে৷ শিশুৰ ওচৰত মিছা প্ৰতিজ্ঞা নকৰিবা৷"
ভেংকট ৰাওয়ে তেওঁৰ পিনে চালে," যি তি নকবা৷ তুমি কেৱল ভাবা তুমিয়েহে কেৱল কথা দি কথা ৰাখিব পাৰা৷
তেওঁ শান্তাক ক’লে," পাঁচটা বজাত সাজু হৈ থাকিবা আৰু মই আহি তোমাক লৈ যাম৷যদি তুমি সাজু হৈ নাথাকা তেতিয়া কিন্তু মই খং কৰিম৷"
তেওঁ দৃঢ় সংকল্পবদ্ধ হৈ অফিচলৈ গ’ল৷ তেওঁ তেওঁৰ নিয়মীয়া কামখিনি কৰি পাঁচটা বজাত অফিচৰ পৰা ওলাই যাব৷আৰু যদি সিহঁতে সিহঁতৰ কৌশলসমূহ খটোৱাবলৈ চেষ্টা কৰে,তেনে কৰিলে তেওঁ ক’ব," এয়া লোৱা মোৰ পদত্যাগ পত্ৰ৷ মোৰ বাবে মোৰ সন্তানৰ আনন্দ আপোনালোকৰ সেই অলাগতিয়াল কাগজবোৰতকৈ বহুগুনে গুৰুত্বপূৰ্ণ৷
গোটেই দিনটো কাগজ পত্ৰবোৰ নদীৰ সোঁতৰ দৰে তাৰ মেজলৈ আহি থাকিল গৈ থাকিল৷তেওঁ সেইবোৰ পৰীক্ষা নিৰীক্ষা কৰি চহী কৰিলে৷তেওঁক সেনবোৰ বাৰে বাৰে সংশোধন কৰিবলৈ কোৱা হ’ল, সকীয়াই দিয়া হ’ল আৰু অপমানো কৰা হ’ল৷ তেওঁ দুপৰীয়া কফিৰ বাবে মাত্ৰ পাঁচ মিনিটৰ বাবেহে বিৰতি পালে৷
অফিচৰ ঘড়ীটোত যেতিয়া পাঁচটা বাজিল আৰু অন্যান্য ক্লাৰ্কসকলে অফিচ ছুটি গৈছিল,তেতিয়া ভেঙ্কাত ৰাওয়েও মেনেজাৰৰ ওচৰত গৈ ক’লে,"মই ঘৰলৈ যাব পাৰোঁ নে ছাৰ?"
মেনেজাৰজনে তেওঁৰ সন্মুখৰ কাগজবোৰৰ পৰা মূৰ তুলি অবাক হৈ ক’লে,"তুমি!" একাউণ্ট কাউণ্টাৰ পাঁচ বজাত বন্ধ হৈ যোৱা কথাটো চিন্তাই কৰিব নোৱাৰি৷তুমি কেনেকৈ যাব পাৰিবা?"
"মোৰ অলপ জৰুৰি ব্যক্তিগত কাম আছে,ছাৰ৷" ভেঙ্কাত ৰাওয়ে ক’লে আৰু ৰাতিপুৱাৰ পৰাই পাগুলি থকা কথাবোৰ ভাবিবলৈ ধৰিলে;এয়া মোৰ পদত্যাগ পত্ৰ...৷"
তেওঁ যেন দেখিবলৈ পালে শান্তা সাজু হৈ দুৱাৰমুখত থিয় হৈ ব্যগ্ৰভাবে অপেক্ষা কৰি আছে৷
"অফিচৰ কামতকৈ গুৰুত্বপূৰ্ণ একো থাকিব নোৱাৰে৷তুমি তোমাৰ ঠাইলৈ যোৱা ৷তুমি জানা নে মই কেতিয়ালৈ কাম কৰোঁ?" মেনেজাৰে জানিবলৈ বিচাৰিলে৷মেনেজাৰে অফিচ আৰম্ভ হোৱাৰ প্ৰায় তিনিঘণ্টা আগতে আহে আৰু অফিচ শেষ হোৱাৰ প্ৰায় তিনিঘণ্টা পাছতহে যায়,আনকি ৰবিবাৰেও৷ অফিচৰ ক্লাৰ্কসকলে কোৱাকুই কৰে, তেওঁৰ পত্নীয়ে কিজানি ঘৰত কাজিয়া কৰি থাকে;সেইকাৰণে বুঢ়াই অফিচত থাকিবলৈ ভাল পায়৷"
"তুমি সেই গৰমিলৰ কাৰণটো বিচাৰি উলিয়ালা নে?" মেনেজাৰে প্ৰশ্ন কৰিলে৷
"এইবাবে মই দুশটা ভাউচাৰ পৰীক্ষা কৰিব লগা হ’ল৷"
"নহয়,নহয়,সেইটো নহ’ব৷ তুমি এতিয়াই ভুলটো সংশোধন কৰিব লাগিব৷"
ভেঙ্কাত ৰাওয়ে ক্ষীণ কণ্ঠত ক’লে,হ’ব ছাৰ"৷আৰু ভিজা মেকুৰীৰ দৰে নিজৰ আসনত গৈ বহিল৷
ঘড়ীত পাঁচটা বজাৰ সংকেত দিলে৷মানে আৰু দুঘণ্টা ধৰি ভাউচাৰ পৰীক্ষা কৰাৰ দৰে কষ্টকৰ কামটো কৰিব লাগিব৷অফিচৰ সকলোৱে ঘৰাঘৰি গ’লগৈ৷কেৱল তেওঁ আৰু তেওঁৰ ছেকচনৰ আৰু এজন ক্লাৰ্ক তেতিয়াও কাম কৰি আছিলে৷আৰু মেনেজাৰজনতো আছেই৷ভেঙ্কাত ৰাও খঙত অগ্নিশৰ্মা হৈ উঠিল৷ তেওঁ মন স্থিৰ কৰি পেলালে৷তেওঁ এনেকুৱা কোনো দাস নহয় যে নিজক মাত্ৰ ৪০ টকাত বিক্ৰী কৰি দিছে৷তেওঁ অতি সহজে সেই একে পৰিমাণৰ ধন আয় কৰিব পাৰে৷আৰু যদি নোৱাৰেও তেন্তে ভোকত মৰি যোৱাটোও ইয়াতকৈ বেছি সন্মানজনক৷
তেওঁ এখন কাগজ লৈ লিখিবলৈ আৰম্ভ কৰিলে;এয়া মোৰ পদত্যাগ পত্ৰ৷ আপোনালোকে যদি ভাবি আছে যে কেৱল মাত্ৰ ৪০ টকা দি আপোনালোকে মোৰ দেহ আৰু আত্মা কিনি লৈছে তেন্তে আপোনালোকে ভুল ভাবিছে৷মই ভাবোঁ নেখায় মৰি যোৱাটো আমাৰ পৰিয়ালৰ বাবে সামান্য ৪০টকাৰ দাসত্বকৈ বেছি ভাল হ’ব৷যিকেইটা টকাৰ বলত আপুনি বছৰ পাছত বছৰজুৰি মোক বান্ধি ৰাখিছে ৷ মোৰ ধাৰণা মোৰ দৰমহা বঢ়াই দিয়াৰ বিন্দু মাত্ৰ আগ্ৰহো আপোনালোকৰ নাই৷আপোনালোকে নিজৰ কাৰণে বহুত কিবাকিবি কৰে,কিন্তু মই বুজি নাপাওঁ আপোনালোকে ভুলতো আমাৰ কথা কিয় চিন্তা নকৰে৷অৱশ্যে এতিয়া মোৰ জনাৰ কোনো আগ্ৰহো নাই,যিহেতু মই পদত্যাগ কৰিবলৈ ওলাইছোঁ৷মই যদি সপৰিয়ালে ভোকৰ জ্বালাত মৰি যাওঁ,তবু প্ৰাৰ্থনা কৰোঁ আমাৰ অতৃপ্ত আত্মাই আহি আপোনালোকক আজীৱন জেৰা কৰে...৷"তেওঁ চিঠিখন ভাঁজ কৰি জাপি খামত ভৰালে,খামৰ মুখখন আঠা লগাই মাৰি দিলে আৰু খামৰ ওপৰত মেনেজাৰৰ নাম লিখি দিলে৷ তেওঁ বহা আসনৰ পৰা উঠি গৈ মেনেজাৰৰ সন্মুখত থিয় হ’ল৷ মেনেজাৰে হাতে হাতে চিঠিখন পাই গ’ল আৰু তেওঁৰ লিখা পেডৰ ওপৰত থ’লে৷
"ভেঙ্কাত ৰাও",মেনেজাৰে ক’লে,"মোৰ ভাবোঁ তুমি এই খবৰটো শুনি সুখী হ’বা৷ আমাৰ অফিচাৰসকলে আজি দৰমহা বঢ়োৱা বিষয়টোকলৈ আলোচনা কৰিছিলে৷ মই তোমাৰ নামটো আগবঢ়াইছোঁ আৰু তোমাৰ দৰমহা পাঁচ টকা বঢ়োৱাৰ কথা কৈছোঁ৷ অৰ্ডাৰ এতিয়াও বাহিৰ হৈ অহা নাই বাবে খবৰটো এতিয়া তোমাৰ ওচৰতে থকাই ভাল হ’ব৷" ভেঙ্কাত ৰাওয়ে লিখা পেডৰ মাজত থোৱা চিঠিখন চিলনীয়ে নিয়াদি থাপ মাৰি নি পকেটতত ভৰালে৷
"সেইটো কিহৰ চিঠি আছিল?"
" মই আচলতে সাময়িক চুটি বাবে আবেদন কৰিছিলোঁ,ছাৰ,কিন্তু মই ভাবোঁ...৷"
"তুমি আগন্তুক দুই সপ্তাহৰ ভিতৰত কোনো চুটি ল’ব নোৱৰা৷"
"হয় ছাৰ,মই বুজি পাইছোঁ৷ এইবাবেই মই মোৰ আবেদন পত্ৰখন উভতাই ল’লোঁ৷"
"বৰ ভাল কথা৷ বাৰু,তুমি ভুলটো বিচাৰি পালা নে?"
"মই এতিয়াও বিচাৰি আছোঁ,ছাৰ৷একঘণ্টামানৰ ভিতৰত সেইটো ওলাই যাব...৷"
ভেঙ্কাত ৰাও ঘৰলৈ উভতি আহোঁতে আহোঁতে নটা বাজিল৷ শান্তা তেতিয়ালৈকে টোপনি গৈছিল৷ তাইৰ মাকে ক’লে,"তাই কাপোৰ খুলিবই বিচৰা নাই,এইটো ভাবি যে যিকোনো সময়তে তুমি আহিবা আৰু তাইক বাহিৰলৈ লৈ যাব৷ তাই একোৱে খোৱা নাই৷কাপোৰ কোচমোচ খাই যাব বুলি ভয়তে তাই শুবই বিচৰা নাছিলে৷"
ভেঙ্কাত ৰাওৰ মন শোকত সেমেকি উঠিল৷ যেতিয়া তেওঁ দেখিলে শান্তা শুইছে,তাইৰ গোলাপী ৰঙৰ চোলাটো পিন্ধি, চুলি বান্ধি,পাউদাৰ ঘঁহি...একেবাৰে ফুৰিবলৈ যাবলৈ সাজু৷
"তাইক মই নিশাৰ দৰ্শনীৰ বাবে লৈ নাযাওঁনো কিয়?"
তেওঁ শান্তাক মৰমেৰে গাটো জোকাৰি দি মাতিলে,"শান্তা,শান্তা", শান্তাই টোপনিৰ জালত বিৰক্তি হৈ ভৰি আফাল মাৰি দি কান্দি পেলালে৷ মাকে "তাইক আৰু জগাব নালাগে দিয়া"বুলি কৈ শান্তাক আকৌ টোপনি নিয়াবলৈ ধৰিলে৷ ভেঙ্কাত ৰাও কিছুসময় শান্তাৰ পিনে চাই থাকিল৷ তাৰপিছত বেজাৰ মনে ক’লে, মোৰ দ্বাৰা তাইক আকৌ কেতিয়াবা ফুৰাবলৈ নিয়াটো নহ’বও পাৰে৷ আচলতে সিহঁতে মোৰ দৰমহাটো বঢ়াই দিছে৷"