সমললৈ যাওক

সদস্য:শতাব্দী দিহিঙ্গীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
  1. দলি পুৰাণ

আৰম্ভণি : 'দলি-পুৰাণ' হৈছে এক প্ৰকাৰৰ 'কাহিনী গীত' । পথৰুঘাটৰ কৃষক বিদ্ৰোহে জনসাধাৰণৰ মনত কিদৰে প্ৰভাৱ পেলাইছিল তাৰ ওপৰত নিৰ্ভৰ কৰিয়েই এই কাহিনী গীত সমূহ সৃষ্ট । এই দলি-পুৰাণৰ কাহিনী সমূহ সমাজত সাধুকথা ৰূপে প্ৰচলন আছিল সেই কথাৰ প্ৰমাণ পোৱা যায়। দীনেশ্বৰ শৰ্মা সম্পাদিত 'দলি-পুৰাণ'ত তেওঁ এইদৰে উল্লেখ কৰিছে যে; "পূজনীয় দেউতাই পথৰুৱা ঘাটৰ ৰণৰ সাধুকথা কৈছিল..." আৰু এম্ ইব্ৰাহীম আলিয়ে তেখেতৰ 'অভিমত' পুথিত লিখিছে; "মই বুঢ়ী আইৰ মুখত 'পথৌঘাটোৰ ঢাৱা' কথা মৌখিকভাৱে শুনিছিলোঁ...।"

ইতিহাস : 'দলি-পুৰাণ' সমূহৰ সৃষ্টি হৈছিল পথৰুঘাটত সংঘটিত কৃষক বিদ্ৰোহক কেন্দ্ৰ কৰি । এই বিদ্ৰোহে অসমৰ সামাজিক, ৰাজনৈতিক দিশত বিশেষভাৱে প্ৰভাৱ পেলাইছিল। অসমৰ খেতিয়ক সকলক তেওঁলোকৰ খেতিৰ পৰা আঁতৰাই চাহ বাগানৰ শ্ৰমিক কৰাৰ উদ্দেশ্যে ইংৰাজ সকলে অন্যায়ভাৱে মাটিৰ খাজানা বৃদ্ধি কৰিছিল। তাৰ ফলত কৃষক সকলে ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰাত বহুতো নিৰস্ত্ৰ খেতিয়কৰ মৃত্যু হৈছিল ইংৰাজৰ হাতত। পথৰুঘাটৰ এই যুদ্ধই জনসাধাৰণৰ মনত যি প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল। সেই সমূহ অভিব্যক্তি আৰু ব্যঞ্জনাৰ মাধ্যমতে বাংময় ৰূপ লাভ কৰিলে তাৰ ফলস্বৰূপে সৃষ্টি হৈছিল এই 'দলি-পুৰাণ' সমূহৰ।
     •ধৰ্মীয় প্ৰসংগ: দলি পুৰাণ সমূহ দৰং জিলাত আধুনিক কালতো ধৰ্মীয় প্ৰসংগত ব্যৱহাৰ হয়। এই কাহিনী গীত সমূহ, বিয়া সমূহত পদ হিচাপে আবৃত্ত হোৱা দেখা পোৱা যায় । ঠিক একেদৰে, ধৰ্মীয় অনুষ্ঠান সমূহত অনুষ্ঠিত হোৱা মুহনিৰ নাম, তিথিৰ নাম, নাগাৰা নাম, পাল নাম আদিত এই 'দলি-পুৰাণ'ৰ পদ সমূহ গোৱা হয়। জাতি -উপজাতি সমূহৰ মাজত পূৰ্বপুৰুষৰ কীৰ্তি-কাহিনী উত্তৰ পুৰুষসকলৰ বাবে 'মিথ' সদৃশ হয়। এনে কাহিনী গীত সমূহ তেওঁলোকৰ মাজত ব্যৱহাৰ প্ৰায়ে পোৱা যায়।
     •সামৰণি : 'দলি-পুৰাণ'ত কম বেছি পৰিমাণে লোক কাব্যৰ বৈশিষ্ট্য পোৱা যায় যদিও দলি পুৰাণ সমূহ অতিৰঞ্জিত নহয়। যাৰ ফলত এই কাহিনী সমূহৰ প্ৰসাৰণ কম। ১৮৬৮খ্ৰী: সংঘটিত পথৰুৱাঘাটৰ ৰণৰ পটভূমিত কেন্দ্ৰ কৰি ৰচিত এই গীত সমূহে সৃষ্টিৰ কম সময়ৰ পিছতে লিখিত ৰূপ লাভ কৰাৰ বাবে এই গীত সমূহ লোক কাব্যৰ দৰে মুখে মুখে প্ৰচলন হ'বলৈ নোপোৱাৰ বাবে অতিৰঞ্জিত বৰ্ণনাৰ স্থান কম।
      এই গীত-পদবোৰ সংগ্ৰহ কৰি শ্ৰীকনকচন্দ্ৰ শৰ্মাই আৰু দীনেশ্বৰ শৰ্মাই "দলি-পুৰাণ" নামেৰে সম্পাদনা কৰিছিল। এই দলি পুৰাণ পদটোৰ অৰ্থ ভাঙিলে দেখা যায় যে ইয়াত 'পুৰাণ' পদটোৰ অৰ্থ হৈছে পৰম্পৰাগত ভাৱে প্ৰৱাহমান কাহিনী আৰু 'দলি'টো 'দলন' শব্দৰ পৰা বিকাশ হৈছে; ইয়াৰ অৰ্থ হৈছে নিষ্পীড়ন । ইংৰাজ সৈন্যই কৃষক সকলক দলন কৰিছিল তেনে অৰ্থ প্ৰকাশ কৰিবৰ বাবে হয়তো গীত সমূহৰ নাম দিয়া হৈছিল 'দলি-পুৰাণ' । ইয়াৰ পৰিৱৰ্তে বহুতো লোকে এইয়াও কয় যে, কৃষকসকলে অস্ত্ৰ নথকাৰ বাবে 'দলি' বা চপৰাৰে ইংৰাজ সৈন্যৰ লগত যুদ্ধ কৰিছিল বাবে এই কাহিনী গীত সমূহৰ নাম দলি-পুৰাণ হৈছে। এই ঐতিহাসিক 'দলি-পুৰাণ' সমূহ সাহিত্যিক কাব্যৰ শৈলীত ৰচিত । এই কাহিনী গীত সমূহৰ মাজত পথৰুৱাঘাটৰ ৰণৰ বাস্তৱ-চাক্ষুষ বৰ্ণনা দেখা যায়। 
সহায়ক গ্ৰন্থপঞ্জী


     • নবীন চন্দ্ৰ শৰ্মা :  •'অসমীয়া লোক সংস্কৃতিৰ আভাস'