সমললৈ যাওক

সদস্য:সাহিত্য সাধনা মঞ্চ, অসম

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সাহিত্য সাধনা মঞ্চ, অসম

সাহিত্য সাধনা মঞ্চ অসমৰ গঠন ২০২১ ইং চনৰ চেপ্তেম্বৰ মাহৰ ২৬ তাৰিখে বাক্সা জিলাৰ শিমলাত কৰা হয়। দিলীপ মদাহি, নৱজিৎ দাস আৰু গুণোজিৎ দাসৰ আহ্বানত শিমলা জাতীয় বিদ্যালয়ত এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হৈছিল। উক্ত সাধাৰণ সভাতেই সাহিত্য সাধনা মঞ্চ অসমে আত্মপ্ৰকাশ কৰে। উক্ত সভাত দিলীপ মদাহিক সাহিত্য সাধনা মঞ্চ অসমৰ সভাপতি হিচাপে, নৱজিৎ দাসক সম্পাদক, জিৎজৌতি ডেকাক সহঃসম্পাদক, দিগন্ত দাসক কোষাধ্যক্ষ, গুণোজিৎ দাসক পত্ৰিকা সম্পাদক, কংকন কাকতিক সাংস্কৃতিক সম্পাদক, অৰ্পনা নাথক প্ৰকাশন সচিব, দ্বীপজৌতি দাসক সাংগঠনিক সম্পাদক, দ্বিপজৌতি কলিতাক প্ৰচাৰ সম্পাদক, নয়ন দাসক কাৰ্যালয় সম্পাদক, নিপেন দাস, প্ৰাণজিৎ শৰ্মা, জিতু কাশ্যপক কাৰ্যকৰী সদস্য হিচাপে লৈ সাহিত্য সাধনা মঞ্চ অসমৰ কেন্দ্ৰীয় সমিতি এখন গঠন কৰি প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰা হৈছিল। উক্ত সভাতেই মুখ্য উপদেষ্টা হিচাবে শ্ৰীযুত বিনয় কুমাৰ শৰ্মা আৰু উপদেষ্টা হিচাবে নয়নমণি চৌধুৰীক নিয়োগ কৰা হৈছিল। পৰবৰ্তী সময়ত সাহিত্য সাধনা মঞ্চ অসমৰ কেন্দ্ৰীয় সমিতিয়ে প্ৰথমখন আঞ্চলিক সমিতি হিচাবে চৰ্ণা বজাৰ আঞ্চলিক সমিতিখন গঠন কৰে। প্ৰথমখন আঞ্চলিক সমিতি গঠনৰ পিছতে কেন্দ্ৰীয় সমিতিৰ সম্প্ৰসাৰণ কৰা হয় আৰু গোটেই অসমজুৰি সাহিত্য সাধনা মঞ্চ অসমে প্ৰসাৰ লাভ কৰে। কেন্দ্ৰীয় সমিতিৰ বৰ্তমানৰ বিষয়ববীয়াসকল- শ্ৰীযুত বিনয় কুমাৰ শৰ্মা (মুখ্য উপদেষ্টা), শ্ৰী নয়ন মণি চৌধুৰী (উপদেষ্টা), দিলীপ মদাহি (সভাপতি), নৱজিৎ দাস (সম্পাদক), সহঃ সম্পাদকমণ্ডলী ক্ৰমে জিৎজোতি ডেকা, নিৰঞ্জন বৰা, মনোজ কুমাৰ নাথ, দেৱ বৰা, মাইনু গগৈ আৰু আনোৱাৰ হুছেইন, গুণোজিৎ দাস (পত্ৰিকা সম্পাদক) দিগন্ত দাস (কোষাধ্যক্ষ) ড৹ মৰশেদুছ জামান (শিক্ষা সম্পাদক), কংকন কাকতি (সাংস্কৃতিক সম্পাদক) অৰ্পনা নাথ (প্ৰকাশন সচিব) কাকলি হাজৰিকা (সাহিত্য সম্পাদিকা), সাংগঠনিক সম্পাদক মণ্ডলী ক্ৰমে দ্বীপজৌতি দাস, নিতুল শইকীয়া, ৰাজীৱ তালুকদাৰ, সুভদ্বীপ লোধ, অসীম পায়েং,  নিৰুপম দাস, ৰফিকুল ইছলাম, দ্বীপেন য়েইন, অভিজিৎ নাথ, প্ৰচাৰ সম্পাদকদ্বয় ক্ৰমে দীপজ্যোতি কলিতা আৰু প্ৰাঞ্জল দাস, কাৰ্যকৰী সদস্যসকল ক্ৰমে নিপেন দাস, প্ৰাণজিৎ শৰ্মা, জিতু কাশ্যপ, হিমাশ্ৰী বায়ন দত্ত, ৰূপা দত্ত। সাহিত্য সাধনা মঞ্চ অসমৰ প্ৰথমখন জিলা সমিতি হল যোৰহাট জিলা সাহিত্য সাধনা মঞ্চ। সাহিত্য সাধনা মঞ্চ অসমৰ কেন্দ্ৰীয় সমিতিয়ে সাংগঠনিক কাম কাজৰ সমানে সমানে সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনত গ্ৰন্থ প্ৰকাশৰ লগতে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আছে।