সমললৈ যাওক

সদস্য:সৃষ্টিবাণী দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা

তান্ত্ৰিক উপন্যাসৰ বিষয়ে আলোচনা:

[সম্পাদনা কৰক]
হোমেন বৰগোহাঞিৰ দ্বিতীয়খন উপন্যাস 'তান্ত্ৰিক' এখন ভাবধাৰা প্ৰধান উপন্যাস । ইয়াত প্ৰতিফলিত ভাবধাৰা প্ৰধানতঃপ্ৰকৃতিবাদী(Naturalistic) যদিও ,প্ৰকৃতিবাদৰ লগতে অতীন্দ্ৰিয়বাদ বা ৰহস্যবাদ (Mysticism) আৰু তাৰ অন্য এটা ৰূপ দৈহিক অতীন্দ্ৰিয়বাদ (fleshy mysticism) বা তান্ত্ৰিক ভাবধাৰাও ফুটাই তোলা হৈছে । এইবোৰ ভাবধাৰাৰ লগতে উপন্যাসখনত আধুনিকতাবাদী ভাৱধাৰা- অস্তিত্ববাদ (Existentialism)ৰো প্ৰতিফলন ঘটিছে ।  উপন্যাসখনৰ বিষয়বস্তু বা দাৰ্শনিক ভাবধাৰা প্ৰকৃতিবাদী আৰু অস্তিত্ববাদী অৰুণ চক্ৰৱৰ্তীৰ মনোযোগী শ্ৰোতা অতীন্দ্ৰিয়বাদী অমল চৌধুৰীৰ আগত ব্যক্ত কৰা বক্তৃতাবোৰ আৰু অমল চৌধুৰীৰ সেইবোৰ বক্তৃতা শুনাৰ পিছত নিজৰ নিঃসগ মুহূৰ্তৰ ভাবনাৰ মাজেদি প্ৰকাশিত হৈছে ।

লেখকৰ পৰিচয়

[সম্পাদনা কৰক]
৭ ডিচেম্বৰ, ১৯৩২ চনত লখিমপুৰ জিলাৰ ঢকুৱাখনাত হোমেন বৰগোহাঞিৰ জন্ম হয় । তেওঁ আছিল একাধাৰে সাহিত্যিক , সাংবাদিক , কবি, সমালোচক আৰু গল্পকাৰ । অসমীয়া সাহিত্যলৈ আগবঢ়োৱা সাহিত্যিক অৱদানৰ বাবে তেওঁ ১৯৭৮ চনত 'সাহিত্য অকাডেমি বঁটা' (পিতা-পুত্ৰ) , ১৯৯১ চনত 'অসম উপত্যকা সাহিত্য বঁটা' আৰু ২০০৭ চনত শ্ৰীমন্ত শংকৰদেৱ বঁটা' লাভ কৰে । ২০০১ আৰু ২০০২ চনত দুবাৰকৈ অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰা বৰগোহাঞিৰ ২০২১ চনৰ ১২ মে' তাৰিখে , ৮৮ বছৰ বয়সত , গুৱাহাটীৰ জি এন আৰ চি হস্পিটেলত মৃত্যু হয় ।
             অমলৰ ঘৰত দিয়া এটা পাৰ্টিত হোৱা কথোপকথন , অমলৰ ঘৰৰ আৰু অপৰূপা সুন্দৰী নাৰী লিলিৰ ঘৰৰ অৰুণ-অমল , অৰুণ-লিলি, লিলি-অমলৰ মাজৰ কথোপকথন আৰু অৰুণৰ ঘৰৰ সাক্ষাতৰ সময়ৰ অৰুণৰ বক্তৃতা আৰু বিভিন্ন সময়ৰ অমলৰ মনৰ ভাবৰ মাজেদি যি ভাবধাৰা প্ৰকাশিত হৈছে এই সকলোবোৰ দিশ লগ-লাগি উপন্যাসখনৰ কাহিনীটো নিৰ্মাণ হৈছে । উপন্যাসখনৰ কাহিনীটোত কাৰ্য নাই বুলিয়েই ক'ব পাৰি । আৰম্ভণিৰ অংশত অমলৰ ঘৰৰ পাৰ্টিটো আৰু সামৰণিত অমলৰ অসুখৰ সময়ত লিলিৰ পৰিচৰ্যাৰ বিষয়ত অৱশ্যে সামান্য কাৰ্য সংঘটিত হৈছে ।
            অতীন্দ্ৰিয়বাদ, দেহজ অতীন্দ্ৰিয়বাদ, তান্ত্ৰিক ভাবধাৰা, প্ৰকৃতিবাদ , অস্তিত্ববাদ আদি বিভিন্ন ভাবধাৰাৰ স্ফুলিংগায়িত দ্বন্দ্ব আৰু সমাহাৰৰ এই উপন্যাসখন অসমীয়া সাহিত্যৰ এখন অতি অগতানুগতিক বিৰল প্ৰকৃতিৰ ভাবপ্ৰধান উপন্যাস ।কাহিনীহীন , অল্পকাৰ্যৰ, বক্তৃতাধৰ্মী এই উপন্যাসখন ভাবধাৰাসৰ্বস্ব হৈয়ো অতি সুখপাঠ্য আৰু আনন্দদায়ক। উপন্যাসখনৰ চৰিত্ৰবোৰৰ তিনিটা প্ৰধান চৰিত্ৰ অমল , অৰুণ আৰু লিলিৰ ভিতৰত এই সংলাপবহুল উপন্যাসখনৰ অধিকাংশই অৰুণৰ সংলাপেৰে ভৰা । অল্পভাষী , মাৰ্জিত কথা-কাৰ্যৰ অমল উপন্যাসখনৰ প্ৰধান চৰিত্ৰ আৰু নায়ক । 

==সহায়ক গ্ৰন্থপঞ্জী== হোমেন বৰগোহাঞি,'তান্ত্ৰিক' , মিত্ৰ এজেঞ্চি, তিনিচুকীয়া,(১৯৬৭)