সমললৈ যাওক

সদস্য:BabulDU

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আৰিমত্ত গড়

ধেমাজি জিলাৰ মাছখোৱা অঞ্চলৰ এক ঐতিহাসিক স্থান হ'ল আৰিমত্ত গড়। এই আৰিমত্ত প্ৰায় চাৰি পাঁচশ বছৰ পুৰণি। জন প্ৰবাদমতে কৈৱত্ত ৰজা আৰিমত্তই পিতৃক বধ কৰি পাপ খণ্ডনৰ বাবে এই গড় নিৰ্মাণ কৰিছিল এই গড়ক ইতিহাসত মাছখোৱা দফলা গড় বুলিলেও, মাছখোৱাত আৰিমত্ত গড় বুলিহে জনাজাত। আৰিমত্ত গড় হৈছে ওখ মাটিৰে সৈতে চাৰিওফালে খাৱৈৱে আবৃত এটা ৬০ পুৰা মাটিৰ বাসস্থানৰ স্থলি।

আৰিমত্ত গড় ভেঁটিটোত কোনো শাসকৰ এটা মৈদাম আছে আৰু তাত যিটো আৰিমত্ত গড় পুখুৰী আছে সেইটো মৈদাম বনোৱা পুখুৰীৰ গাঁত।

বৰ্তমান গড়ৰ ভিতৰত মাছখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় , মাছখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চাফা কৰা পুখুৰী, ওখ ভেঁটিৰ ওপৰত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘ, নৈ-কোষ মহিলা সমিতি, আৰিমত্তগড় প্ৰাথমিক বিদ্যালয়, খেল পথাৰ শিক্ষকৰ অস্থায়ী কার্যালয় আছে।

বৰ্তমানে আৰিমত্ত গড় পুখুৰী পাৰত চৰকাৰৰ তৰফৰ পৰা এখনি উদ্যান বনাই সৌন্দর্য বৰ্দ্ধন কৰি আটক ধুনীয়া কৰি তুলিছে।