সমললৈ যাওক

সদস্য:Bhaskar j Das 1

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া কবিতাৰ ইতিহাসত দেৱকান্ত বৰুৱা হৈছে এটি উজ্জ্বল নক্ষত্ৰৰ স্বৰূপ। ৰোমাণ্টিকতাৰ অব্যাহতি কালৰ অলসতাক জাৰি জোকাৰি অসমীয়া কাব্য-জগতক সমৃদ্ধ কৰা দেৱকান্ত বৰুৱ৷ বাস্তৱক কথা-নৈপুণাৰ বিক্ৰমেৰে যুক্তি আৰু ঐহিক সত্যৰ আধাৰত উপস্থাপন কৰি আধুনিক অসমীয়া কবিতাৰ নতুন স্তৰটোক নতুন যাত্ৰা প্ৰদান কৰিছিল। প্ৰচুৰ প্ৰজ্ঞা আৰু মেধাৰ অধিকাৰী কবিগৰাকীয়ে কবিতাৰ মাজত চিন্তা আৰু প্ৰজ্ঞাৰ সমাহাৰ ঘটাই তাসমীয়া পাঠকৰ মাজত নতুন অনুভূতি জগাই ভুলিবলৈ সক্ষম হৈছিল। কবিতাৰ বাবে স্থান আৰু কালৰ সীমা যে অপ্রাসংগিক, ভার আৰু অনুভূতিৰ সামঞ্জসাহে প্রাসংগিক, সেয়া দেৱকান্ত বৰুৱাই প্রমাণ কৰি গ'ল। মাত্র এখন কাব্যগ্রন্থ সাগৰ দেখিছাৰ যোগেদিয়ে তেখেতে প্রমাণ কৰিলে যে অসমীয়া কবিতাৰ ৰূপান্তৰৰ পৰ্বপ্ৰত্যয়জনকভাৱে আৰম্ভ হোৱাৰ লগ্ন সমুপস্থিত। বহুতেই দেৱকান্ত বৰুৱাক প্ৰথম অসমীয়া আধুনিকতাবাদী কবি বুলি ক'ব বিচাৰে। আন বহুতৰ বাবে তেওঁ তাসমীয়া কবিতাৰ সন্ধিক্ষণৰ বা সংক্রান্তি কালৰ কবি। কিন্তু আলোচনাৰ আৰম্ভণিতে আমি হীৰেন গোহাঁইদেৱৰ এটা উক্তিৰেই দেৱকান্ত বৰুৱাৰ কাব্য-দৃষ্টিৰ মূল্যায়নৰ ক্ষেত্ৰত এটা আগতীয়া ধাৰণা প্রতিষ্ঠা কৰিব বিচাৰিম। গোহাঁইদেৱৰ মতে, “দেৱকান্তক তেওঁৰ কবিতাৰ আংগিকৰ পৰিচিত ভংগীৰ বাবেই চিধাই ৰোমাণ্টিক বুলি ভাবি মোহৰ মৰাটো বুদ্ধিমানৰ কাম নহ'ব। বৰং ৰোমাণ্টিক খোলৰ মাজত তেওঁ কিছু পৰিমাণে বিদ্ৰোহী আধুনিকতাত আগৰণুৱা আছিল বোলাহে উচিত হ'ব।" (`দেৱকান্ত বৰুৱাৰ কাব্যৰ বিষয়ে একাষাৰ,' হীৰেন গোহাঁই ৰচনাৱলী, প্রথম খণ্ড, পৃ. ৪৩৭)। আমাৰ বোধেৰে, অসমীয়া কাব্যৰ ইতিহাসত দেৱকান্ত বৰুৱাক সঠিক স্থানত প্ৰতিষ্ঠা কৰিবলৈ সালাগাহাঁইদেৱৰ এই অভিমত আমি মনত ৰখা উচিত হ'ব।