সমললৈ যাওক

সদস্য:Dr Jatin Baruah

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ড° যতীন বৰুৱা (Dr. Jatin Baruah) জন্ম : ৯ডিচেম্বৰ ১৯৫৫ চন ৷ তেজপুৰৰ ডিপোটা হাটখলা ৰাজহ গাঁৱৰ মিলনপুৰ কমাৰি চুবুৰীত৷ বৰ্তমান তেজপুৰৰ কুণ্ডাবাৰীৰ নিবাসী ৷ প্ৰাক্তন কলেজ শিক্ষক আৰু অধ্যক্ষ। অসমৰ এগৰাকী প্ৰবীণ কবি, গল্পকাৰ, উপন্যাসিক, নাট্যকাৰ, প্ৰবন্ধকাৰ তথা সাহিত্য-সমালোচক ৷ এতিয়ালৈকে এখেতে কুৰিখন কবিতা পুথি, পাঁচখন গল্প পুথি, তিনিখন উপন্যাসিিকা, বাৰখন পূৰ্ণাংগ নাটক,ত্ৰিশখন একাংকিকা আৰু কুৰিখন প্ৰবন্ধ পুথি ৰচনা কৰিছে ৷ এওঁ অসম সাহিত্য সভাৰ আজীৱন সদস্য, উত্তৰ-পশ্চিম তেজপুৰ সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি, অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক(২০০০—২০০৬), ভাৰতীয় গণনাট্য সংঘৰ শোণিতপুৰ জিলা সমিতিৰ উপ সভাপতি, অসমীয়া সুৰক্ষা মঞ্চৰ মুখ্য উপদেষ্টা আদি বিষয়বাবেৰে বিভিন্ন সামাজিক আ-অনুষ্ঠানৰ লগত জড়িত হৈ আছে।