সদস্য:GogoiPurabiwiki
অলিম্পিয়া বৰ্তমান অসমীয়া ভাষাত প্ৰকাশ হৈ থকা একমাত্ৰ ক্ৰীড়া আলোচনী। অসমৰ সম্ভ্ৰান্ত প্ৰকাশন গোষ্ঠী অলিম্পিয়া প্ৰকাশনে প্ৰকাশ কৰি আহিছে এই ক্ৰীড়া আলোচনীখন। জন্মলগ্নৰ পৰাই আলোচনীখনে অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বহুদিশ সামৰি পাঠকৰ মাজলৈ ক্ৰীড়া সাহিত্যৰ সমলসমূহ লৈ যাবলৈ সক্ষম হৈছে। তদুপৰি এচাম ক্ৰীড়াসাহিত্যৰ পাঠক তথা লেখক সৃষ্টিটো অলিম্পিয়াই অগ্ৰণী ভূমিকা পালন কৰি আহিছে। অসমৰ বিশিষ্ট ক্ৰীড়া সাহিত্যৰ লেখকসকলৰ লেখাৰে সমৃদ্ধ অলিম্পিয়াৰ প্ৰতিটো সংখ্যাই বহন কৰে বিশেষ তাৎপৰ্য। বিভিন্ন সময়ত অসমলৈ সুনাম কঢ়িয়াই অনা ক্ৰীড়াবিদ যেনে, হিমা দাস, শিৱ থাপা, অস্মিতা চলিহা, ফাইলাও বসুমতাৰী, যমুনা বড়ো, ৰ'দালি বৰুৱা আদিৰ সাক্ষাৎকাৰ আদিও প্ৰকাশ কৰি তেওঁলোকৰ জীৱনশৈলীৰ সৈতে পাঠক সমাজক চিনাকি কৰাই দিছে অলিম্পিয়াই। ইয়াৰ উপৰি অসমৰ ক্ৰীড়া সংগঠন সমূহৰ বুৰঞ্জীৰ সবিশেষ ধাৰাবাহিকভাৱে প্ৰকাশ পাই আহিছে অলিম্পিয়াত। ক্ৰীড়াভিত্তিক গল্প, উপন্যাস, কবিতা আদি প্ৰকাশৰে আলোচনীখনে অসমৰ ক্ৰীড়া সাহিত্যক চহকী কৰিছে বুলি ক'ব পাৰি।[1]
- ↑ অলিম্পিয়া প্ৰকাশন :অলিম্পিয়া বৰ্তমান অসমীয়া ভাষাত প্ৰকাশ হৈ থকা একমাত্ৰ ক্ৰীড়া আলোচনী। অসমৰ সম্ভ্ৰান্ত প্ৰকাশন গোষ্ঠী অলিম্পিয়া প্ৰকাশনে প্ৰকাশ কৰি আহিছে এই ক্ৰীড়া আলোচনীখন। জন্মলগ্নৰ পৰাই আলোচনীখনে অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বহুদিশ সামৰি পাঠকৰ মাজলৈ ক্ৰীড়া সাহিত্যৰ সমলসমূহ লৈ যাবলৈ সক্ষম হৈছে। তদুপৰি এচাম ক্ৰীড়াসাহিত্যৰ পাঠক তথা লেখক সৃষ্টিটো অলিম্পিয়াই অগ্ৰণী ভূমিকা পালন কৰি আহিছে। অসমৰ বিশিষ্ট ক্ৰীড়া সাহিত্যৰ লেখকসকলৰ লেখাৰে সমৃদ্ধ অলিম্পিয়াৰ প্ৰতিটো সংখ্যাই বহন কৰে বিশেষ তাৎপৰ্য। বিভিন্ন সময়ত অসমলৈ সুনাম কঢ়িয়াই অনা ক্ৰীড়াবিদ যেনে, হিমা দাস, শিৱ থাপা, অস্মিতা চলিহা, ফাইলাও বসুমতাৰী, যমুনা বড়ো, ৰ'দালি বৰুৱা আদিৰ সাক্ষাৎকাৰ আদিও প্ৰকাশ কৰি তেওঁলোকৰ জীৱনশৈলীৰ সৈতে পাঠক সমাজক চিনাকি কৰাই দিছে অলিম্পিয়াই। ইয়াৰ উপৰি অসমৰ ক্ৰীড়া সংগঠন সমূহৰ বুৰঞ্জীৰ সবিশেষ ধাৰাবাহিকভাৱে প্ৰকাশ পাই আহিছে অলিম্পিয়াত। ক্ৰীড়াভিত্তিক গল্প, উপন্যাস, কবিতা আদি প্ৰকাশৰে আলোচনীখনে অসমৰ ক্ৰীড়া সাহিত্যক চহকী কৰিছে বুলি ক'ব পাৰি।