সমললৈ যাওক

সদস্য:Nivashree Gogoi

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমৰ জনগোষ্ঠী সকলৰ পৰম্পৰাগত আ-অলংকাৰ :

[সম্পাদনা কৰক]

সৌন্দয্যপ্ৰিয়তা মানুহৰ এক সহজাত প্ৰবৃত্তি । নিজকে সুন্দৰকৈ সজাই পৰাই আনৰ আগত তুলি ধৰাৰ হাবিয়াস মানুহৰ মনত আদিম কালৰে পৰাই প্ৰচলিত হৈ আহিছে । অতীজতে মানুহে জন্তুৰ দাঁত, হাড়, নখ, ৰং বিৰঙৰ চৰাই পাখি আদিৰে নানাবিধ অলংকাৰ তৈয়াৰ কৰি নিজকে সজাই তুলিছিল ।

অতীত অসমৰ পেক্ষাপতত মন কৰিলে দেখা যায় যে আ-অলংকাৰৰ ক্ষেত্ৰত এই অঞ্চলৰ আদিবাসী সকল যথেষ্ট চহকী আছিল । ইয়াত প্ৰত্যেক জাতি জনগোষ্ঠীৰ নিজা নিজা ৰূপত গঢ়ি লোৱা আ-অলংকাৰ পৰিধান কৰিছিল । ইয়াৰে কেইটামান জাতি জনগোষ্ঠীয়ে পৰিধান কৰা অলংকাৰ সমূহৰ বিষয়ে তলত উল্লেখ কৰা হল ।

১) টাই আহোম সকলৰ আ-অলংকাৰ :

[সম্পাদনা কৰক]

অসমৰ এটি ঐন্যতম জনগোষ্ঠী হ'ল টাই আহোম সকল । অন্যান্য ব্যৱহাৰিক শিল্পকাৰৰ লগতে আ-অলংকাৰ ক্ষেত্ৰতো তেওঁলোক যথেষ্ঠ চহকী । তেওঁলোকৰ মাজতে প্ৰচলিত পৰম্পৰাগত আ-অলংকাৰ সমূহৰ ভিতৰত জোনবিৰি, ঢোলবিৰি, বেনা, মাদলি, দুগদুগী, গলপতা আদি অন্যতম । হাতত তেওঁলোকে মুঠিখাৰু, গামখাৰু আৰু আঙুলিত নেজপতা আঙুঠি, জেঠী নেজীয়া আঙুঠি আদি অলংকাৰ পৰিধান কৰে । তেওঁলোকে লংকেৰু , আধলিমুখিয় কেৰু, জাংফাই আদি বিভিন্ন ধৰণৰ কেৰুৰ ব্যৱহাৰ কৰা দেখা পোৱা যায় ।

২) মিচিং সকলৰ আ-অলংকাৰ :

[সম্পাদনা কৰক]

মিচিং সমাজত মহিলা সকলে বিভিন্ন ধৰণৰ মণি পৰিধান কৰা দেখা যায় । বিবাহৰ সময়ত দগনৌ দাক্চকী নামৰ এবিধ বিশেষ মণি ব্যৱহাৰ কৰা বাধ্যতামূলক । মিচিং গাভৰুৱে নৃত্য পৰিবেশন কৰা সময়ত ৰঙীন উল সূতাৰে তৈয়াৰী ফুল দুম্পুম আৰু লাক্পুন ব্যৱহাৰ কৰে । তেওঁলোকে হাতত গামখাৰু, পটীয়া খাৰু আৰু গোটা খাৰু পৰিধান কৰে ।

৩) দেউৰী সকলৰ আ-অলংকাৰ :

[সম্পাদনা কৰক]

দেউৰী সমাজত মহিলা সকলে ডিঙিত তিল ক'লা মণিসহ সোণৰ মাদলি পৰিধান কৰে । তেওঁলোকৰ মাজত দুগদুগী, জোনবিৰি আৰু বেনাৰ ব্যৱহাৰ কৰে । বয়সস্থা দেউৰী মহিলাসকলে কাণত কেৰু আৰু জাংফাই পৰিধান কৰা দেখা যায় । মহিলা সকলে হাতত মুঠি খাৰু, গাম খাৰু, পটীয়া খাৰু আদি অলংকাৰৰ পৰিধানৰ প্ৰচলন আছে ।

৪) সোণোৱাল কছাৰী সকলৰ আ-অলংকাৰ :

[সম্পাদনা কৰক]

সোণোৱাল কছাৰী সকলৰ মাজত মহিলা সকলে হাতত মুঠি খাৰু, গামখাৰু, গোটা খাৰু পৰিধান কৰে । আঙুলিত বিভিন্ন শৈলীৰ আঙুঠি পৰিধান কৰে , ডিঙিত মাদলি, জোনবিৰি, বেনা, দুগদুগী আদি অলংকাৰ পৰিধান কৰে ।

৫) গাৰো সকলৰ আ-অলংকাৰ :

[সম্পাদনা কৰক]

গাৰো সমাজত পুৰুষ মহিলা উভয়ৰ মাজত অলংকাৰৰ বহুল প্ৰচলন থকা পৰিলক্ষিত হয় । অসমত বসবাস কৰা গাৰো পুৰুষ মহিলা উভয়ে হাতত জাকতক (খাৰু), ৰৃকৃতক (পৰম্পৰাগত মণি) আৰু নাথাপ্চি (কানফুলি) পৰিধান কৰে । গাৰো মহিলা সকলে কঁকালত 'চেংখি' পৰিধান কৰে । তেওঁলোকে হাতত পিন্ধা আঙুঠিক 'জাক্সথেম' বোলে । ভৰিত তেওঁলোকে 'জাস্ৰাং' (নূপুৰ) পৰিধান কৰে ।

৬) টাই ফাঁকে আৰু খামায়ং সকলৰ আ-অলংকাৰ :

[সম্পাদনা কৰক]

লাংচ'প (আঙুঠি) চকৰ পতা আঙুঠি, কংপং (মানুহৰ মূৰ অংকিত আঙুঠি) পৰিধান কৰে । কাণত প্ৰধানকৈ তেওঁলোকে কেনেহু (কেৰু) আৰু চেংফাই (জাংফাই) পৰিধান কৰা দেখা যায় । খোপাত তেওঁলোকে সোণ বা ৰূপৰ এপাহ ফুল গুজি লয়। এই ফুলপাহক তেওঁলোকে কাটকাও বোলে ।

৭) মেচ কছাৰী সকলৰ আ-অলংকাৰ :

[সম্পাদনা কৰক]

মেচ কছাৰী মহিলা সকলে হাতত মুঠি খাৰু, গাম খাৰু, পটীয়া খাৰু, আৰু গোটা খাৰু পৰিধান কৰা দেখা যায় । ডিঙিত তেওঁলোকে পদ, ৰঙামণি, সোণৰ মাদলি, পোৱালি মণি, বেনা আদি অলংকাৰ পৰিধান কৰে । আঙুলিত নেজপতা আঙুঠি, মকৰা চানেকীয়া আঙুঠি, জেঠিনেজীয়া আঙুঠি আদি বিভিন্ন শৈলীৰ আঙুঠি পৰিধান কৰে ।

৮) বড়ো সকলৰ আ-অলংকাৰ :

[সম্পাদনা কৰক]

অসমৰ এটি অন্যতম জনগোষ্ঠী হ'ল বড়োসকল । তেওঁলোকে প্ৰধানকৈ নামনি অসমৰ বাসিন্দা । বড়ো সমাজত মহিলা সকলে হাতত 'আচান' (খাৰু) পৰিধান কৰে । আঙুলিত পৰিধান কৰা আঙুঠিক তেওঁলোকে 'আস্তাম' বোলে । কাণত তেওঁলোকে সোণা (কানফুলি) পৰিধান কৰে । তেওঁলোকৰ নাকফুলিক 'গুণথং সোণা' বোলে ।

৯) কাৰ্বি সকলৰ আ-অলংকাৰ :

[সম্পাদনা কৰক]

কাৰ্বি মহিলা সকলে ডিঙিত লেক্, পেংমুই, লেক্ পেংখাৰা, লেক্ পেংজিৰি, লোকাহিকি, লেক্ মাদুলি, লেক্ ৰূবে, লেক্ ৱাইকম্, বনেমেলা আদি পৰিধান কৰে । তেওঁলোকে কাণত পৰম্পৰাগত থুৰীয়া 'ন'থেপী' পৰিধান কৰে । হাতত পৰিধান কৰা খাৰুক তেওঁলোকে 'ৰই' বোলে ।

১০) ডিমাছা সকলৰ আ-অলংকাৰ :

[সম্পাদনা কৰক]

ডিমাছা সমাজত মহিলা সকলে ডিঙিত বিভিন্ন ধৰণৰ অলংকাৰ পৰিধান কৰে । ইয়াৰ ভিতৰত ইংগ্ৰাছা জংচামা (পোৱাল মণি), ৰাং বৰছা (ৰূপৰ মুদ্ৰাৰে তৈয়াৰী মণি), লিকচিম্, লি গজাও (ৰঙা মণি) চংগ্ৰাথাই (গছৰ গুটিৰে তৈয়াৰী মালা), জিংক্ৰিং (চন্দ্ৰহাৰা), লিক্ গোৰমা, লিক্ মিখা আদি অন্যতম । হাতত তেওঁলোকে ৰূপৰ খাৰু, কাডুডিমা আৰু খাডু পৰিধান কৰে । কাণত পৰিধান কৰা ৰূপৰ থুৰীয়াক তেওঁলোকে 'কামাউতাই' বোলে । আঙুলিত তেওঁলোকে 'য়াওচিদাম' (পৰম্পৰাগত আঙুঠি) পৰিধান কৰে ।

ইয়াৰ পৰা এই কথা প্ৰতিফলিত হয় যে অসমৰ জনগোষ্ঠী সমূহ আ-অলংকাৰ দিশত যথেষ্ট চহকী । তেওঁলোকে পৰম্পৰাগত আ-অলংকাৰ সমূহক ব্যাপক ৰূপে ব্যবহাৰ কৰে । অসমত প্ৰত্যেক জনগোষ্ঠীৰ আ-অলংকাৰৰ সাদৃশ্য আছে । কিন্তু কিছুমানৰ অলংকাৰ কেইবাটাও জনগোষ্ঠীয়ে উমৈহতীয়াকৈ ব্যবহাৰ কৰা পৰিলক্ষিত হোৱা দেখা যায় ।