সদস্য:Porag Saikia
অৱয়ব
অনুপ্ৰেৰণামূলক গ্ৰন্থ হিচাপে ড॰ ৰুবুল মাউতৰ "মোৰো এটা সপোন আছে" গ্ৰন্থৰ চমু অৱলোকন :
বৰ্তমান যুৱ প্ৰজন্মৰ বহুচৰ্চিত আৰু বহুপঠিত এখন অনুপ্ৰেৰণামূলক গ্ৰন্থ হৈছে ড॰ ৰুবুল মাউতৰ 'মোৰো এটা সপোন আছে' । ড॰ মাউতৰ এই আত্মজীৱনীমূলক গ্ৰন্থৰ প্ৰতিটো পৃষ্ঠাতে বৰ্ণিত আছে তেওঁৰ ৰূঢ় বাস্তৱ । অসম অৰুণাচল সীমান্তৰ কৈলাশপুৰৰ টঙনা নামৰ গাঁৱৰ পৰা কোনোদিনে আধুনিক জ্ঞান-বিজ্ঞান সভ্যতাৰ শিক্ষা নোপোৱা এইজন ব্যক্তিয়ে দৰিদ্ৰতাৰ সীমা নেওচি আমেৰিকাৰ মাচাচ্যুচেটচ বিশ্ববিদ্যালয়লৈ যোৱাৰ কাহিনী এই গ্ৰন্থখনত সমৃদ্ধ হৈছে ।
সপোন প্ৰতিজন ব্যক্তিৰেই আছে । সপোনৰ পিছত যিয়ে দৌৰিব পাৰে , তেওঁহে সফল ব্যক্তি । ডঃ ৰুবুল মাউত আছিল তেনে এজন লোক যিয়ে এটি সপোনৰ পিছত দৌৰি তাক বাস্তৱায়িত কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল।
ৰুবুল মাউত আছিল আর্থিকভাৱে দৰিদ্ৰ পৰিয়ালৰ । দেউতাক এজন সাধাৰণ খেতিয়ক । দুবেলা দুসাঁজ খাই কোনোৰকম ঘৰখন পোহপাল দিয়ে। কিন্তু জুপুৰিৰ জোনাক ৰুবুল মাউতে দৰিদ্ৰতাৰ প্ৰাচীৰ ভেদি উচ্চ-শিক্ষাৰে শিক্ষিত হৈ এজন বিজ্ঞানী হিচাপে পৰিচিতি লাভ কৰিবলৈ সক্ষম হয় ।
ড॰ ৰুবুল মাউতৰ সফল সফল জীৱনৰ আঁৰত আছে এক অসাধাৰণ সংগ্ৰাম । তেওঁৰ শৈক্ষিক জীৱনৰ কালছোৱাত নানান ঘাত-প্ৰতিঘাতৰ সন্মুখীন হৈছিল । খেতিৰ সময়ত কপালৰ ঘাম মাটিত পেলাই তেওঁ খেতি কৰ্মত লাগিব লগীয়া হৈছিল । আনকি ঘৰখন চলিবলৈ উপাৰ্জনৰ বাবে সাপ্তাহিক বজাৰত পাচলি বিক্ৰী কৰিছিল। আন নালাগে তেওঁ নানান অনৈতিক কৰ্মটো লিপ্ত হ'বলগীয়া হৈছিল । সেয়ে হয়তো বিজুলীৰ পোহৰ দেখি নোপোৱা এখন অতি দুৰ্গম অঞ্চলৰ পৰা প্ৰথমবাৰৰ বাবে মেট্ৰিকত প্ৰথম বিভাগ পাবলৈ সক্ষম হৈছিল আৰু এনেদৰেই এদিন মহাবিদ্যালয় , বিশ্ববিদ্যালয়ত পঢ়ি জীৱনৰ ৰঙীন সপোন এটা বুকুত বান্ধি মুম্বাইৰ পৰা আমেৰিকালৈ যাত্ৰা কৰিছিল ।
গ্ৰন্থখনত লেখকে জীৱনটোক ট্রেজাৰহাণ্ট খেলবিধৰ লগত ৰিজাইছে এনেদৰে --- "জীৱনটো ঠিক তেনেকুৱাই , আৰম্ভণিতে এটা লক্ষ্য থাকে , সেই লক্ষ্যত উপনীত হোৱাৰ পাছত নতুন সুযোগ আহে ফলত নতুন লক্ষ্যত উপনীত হোৱাৰ আকাংক্ষা জন্মে । এইদৰে লক্ষ্য খেদি খেদি গৈ থাকোঁতে শেষত আপুনিও মহামূল্যৱান সম্পদ পাই যাব পাৰে " ।
জীৱন আৰু সংগ্ৰাম এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি । সংগ্ৰাম অবিহনে জীৱনত সফল হোৱাটো সহজ নহয় । গ্ৰন্থখনত প্ৰতিভাসিত হৈ উঠা জীয়া সংগ্ৰামে প্ৰতিজন পাঠককে আমোদ দিয়াৰ লগতে নৱপ্ৰজন্মক অনুপ্ৰাণিত কৰে ।
পৰাগ শইকীয়া ৰোল নং- ৬৪ স্নাতকোত্তৰ তৃতীয় ষাণ্মাসিক অসমীয়া বিভাগ,ডিব্ৰুগড় বিশ্ববিদ্যালয়