সদস্য:Psneog/তেজপুৰখ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Psneog/তেজপুৰখ
তেজপুৰ
অন্য নাম: ধ্ৰুপদী প্ৰেমৰ নগৰ
ভৌগোলিক স্থানাংক: 26°38′N 92°48′E / 26.63°N 92.8°E / 26.63; 92.8
জনসংখ্যা (২০০১)
 - মুঠ ১,০৫,৩৭৭ জন

তেজপুৰ শোণিতপুৰ জিলাৰ এখন প্ৰধান নগৰ৷ ই ব্ৰহ্মপুত্ৰ নদীৰ পাৰত, ১৮১ কিলোমিটাৰ গুৱাহাটীৰ পূবত অৱিস্থত৷ বৰ্তমান শোণিতপুৰ জিলাৰ প্ৰধান নগৰ তেজপুৰ ঐতিহাসিক সম্পদৰ কাৰণে ভাৰত বিখ্যাত৷ তেজপুৰ নামটোৰ ঐতিহাসিক কাহিনী এনেধৰণৰ৷ এসময়ত তেজপুৰত বা্ণ নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল, তেওঁ আছিল অসুৰৰ ৰজা৷ বাণ ৰজাৰ জীয়ৰী উষাই সপোনত এজন কোঁৱৰক দেখা পায় আৰু তেওঁৰ প্ৰেমত পৰে৷ তেওঁ চিত্ৰলেখাৰ সহায়ত সেই কোঁৱৰজন ভগৱান শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ বুলি গম পায় আৰু দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক স্থাপিত হয়৷ বাণ ৰজাই সেই কথা গম পাই উষাক অগ্নিৰ দ্বাৰা আৱৰি থকা এটা ঘৰৰ মাজত বন্দী কৰি ৰাখে৷ সেই ঘৰটোকে অগ্নিগড়ৰ বোলে৷ কিন্তু অনিৰুদ্ধই উষাৰ সখীয়েক শিল্পী চিত্ৰলেখাৰ সহায়ত উষাক লাভ কৰে আৰু গন্ধৰ্ব প্ৰথাৰে বিবাহ কৰে৷ এই কথাত বা্ণ ৰজা আৰু শ্ৰীকৃষ্ণৰ মাজত যুদ্ধ আৰম্ভ হয়৷ এই যুদ্ধত হাজাৰ হাজাৰ যোদ্ধাৰ মৃত্যু হয় চাৰিওফালে তেজৰ নৈ-বৈ যায়৷ ইয়াৰ ফলতেই এই ঠাইৰ নাম তেজপুৰ (তেজৰ নগৰ) লাভ কৰে৷ বান ৰজা আছিল প্ৰধানত: শিৱ ভক্ত৷ গতিকে ভক্তক উদ্ধাৰ কৰিবলৈ অহা শেষত শিৱ(হৰ) আৰু কৃষ্ণ(হৰি)ৰ মাজত কীৰ্তনত বৰ্ণিত বিখ্যাত হৰি-হৰ যুদ্ধৰ সূত্ৰপাত হয়৷ জয়-পৰাজয় সুনিশ্চিত নোহোৱাত দুয়োপক্ষৰ সন্ধি হয় | বাণৰজায়েও নিজৰ ভুল উপলব্ধি কৰি ঊষাক অনিৰুদ্ধলৈ বিয়া দিয়ে |

কলা, সংস্কৃতি, সাহিত্য[সম্পাদনা কৰক]

তেজপুৰ কলা, সংস্কৃতি, সাহিত্য আৰু প্ৰাকৃতিক সম্পদৰ ফালৰ পৰা অতি মনমোহা নগৰ৷ ইয়াতেই অসমীয়া সাহিত্যৰ বহুকেইজন বিশিষ্ঠ ব্যক্তিৰ জন্ম হয়৷

"ৰূপকোঁৱৰ"জ্যোতিপ্ৰসাদ আগৰৱালাই তেজপুৰতেই প্ৰথম অসমীয়া চলচিত্ৰ 'জয়মতী'ৰ সকলো কাম সম্পাদনা কৰে৷ আনহাতে শোণিতপুৰ জিলাৰ অন্তৰ্গত 'গহপুৰ'আৰক্ষী চকিত ১৯৪২ চনত ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ গৈ আৰক্ষী চকিৰ ওপৰত ত্ৰিৰংগ পতাকা উত্তোলন কৰি ১৪ বছৰীয়া কনকলতাৰ আৰক্ষীৰ গুলিত নিহত হয়৷

উল্লেখযোগ্য ঠাই[সম্পাদনা কৰক]

তেজপুৰ নগৰৰ উল্লেখযোগ্য ঠাই :

  1. চিত্ৰলেখা উদ্যান : ইয়াক ১৮০০ শতিকাত ব্ৰিটিছ ডেপুটি কমিচনাৰে প্ৰতিষ্ঠা কিৰিছল৷
  2. মহাভৈৰৱ মন্দিৰ : তেজপুৰৰ প্ৰধান বজাৰ চৌকি বজাৰৰ পৰা ১ কিঃমিঃ উত্তৰত অৱস্থিত প্ৰধান শিৱ মিন্দৰ৷
  3. অগ্নিগড় : বান ৰজাই নিজৰ জীয়েক উষাক বন্দী কৰি ৰাখিবৰ কাৰণে ইয়াক নিৰ্মাণ কৰিছিল ৷ ইয়াৰ চাৰিওফালে জুই জলাই ৰখা হৈছিল বাবে ইয়াৰ নাম অগ্নিগড় ৷ ই অসমীয়া প্ৰেমৰ এটা উত্কৃষ্ট নিদৰ্শন ৷
  4. দ-পৰ্বতীয়াশৈল দ্বাৰ : তেজপুৰ নগৰৰ পৰা ৬ কিঃমিঃ দক্ষিণত ই অৱস্থিত ৷ ই পুৰণি অসমৰ স্থাপত্য আৰু ভাস্কৰ্য্যৰ নিদৰ্শন বহন কৰিছে৷
  5. ভৈৰৱী মন্দিৰ আৰু বামুণী পাহাৰ : কলাত্মক সৌন্দৰ্য্যৰ কাৰণে ই বিখ্যাত ৷ ইয়াক নৱম দশম শতিকাৰ সময়ত নিৰ্মান কৰা হৈছিল ৷
  6. হজৰা পুখুৰী : ই প্ৰায় ৭০ একৰ মাটি আৱৰি থকা তৃতীয় বৃহত্তম জল সংৰক্ষিত এলেকা ৷
  7. কেতেকেশ্বৰ : তেজপুৰৰপৰা প্ৰায় ২ কি:মি: উত্তৰে অৱস্থিত পৃথিৱীৰ বৃহত্তম শিৱ লিংগ বুলি ঠাৱৰ কৰা হৈছে |
  8. নামেৰী ৰাষ্ট্ৰীয় উদ্যান : তেজপুৰৰ পৰা ৪৫ কি:মি: উত্তৰে অৱস্থিত |
  9. বাণষ্টেজ

শৈক্ষিক প্ৰতিষ্ঠান :

  1. তেজপুৰ বিশ্ববিদ্যালয়
  2. দৰং মহাবিদ্যালয়
  3. তেজপুৰ মহাবিদ্যালয়
  4. তেজপুৰ আইন মহাবিদ্যালয়
  5. তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
  6. জ্যোতিকলা কেন্দ্ৰ
  7. লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান ইত্যাদি |