সদস্য:Raju/গৰখীয়া গোসাঁইৰ থান: কৃষ্ণৰ ঐতিহাসিক মন্দিৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মহাপ্ৰভু শ্ৰীশ্ৰী গৰখীয়া গোসাঁইৰ থানঃ[সম্পাদনা কৰক]

মহাপ্ৰভু শ্ৰীশ্ৰী গৰখীয়া গোসাঁইৰ থান বৰনগৰৰ ঐতিহ্য বহনকাৰী এটা পবিত্ৰ ধৰ্মীয় অনুষ্ঠান। কোচ ৰজা নৰনাৰায়ণৰ দিনৰেপৰা বৰনগৰৰ ঐতিহ্যমণ্ডিত ক্ষেত্ৰসমূহৰ ভিতৰত মহাপ্ৰভু শ্ৰীশ্ৰী গৰখীয়া গোসাঁইৰ থান অন্যতম। বৰ্তমান সৰভোগ নগৰৰ ৩ নং ৱাৰ্ডত অৱস্থিত গৰখীয়া গোসাঁইৰ থানখন সৰভোগৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ১কি.মি. উত্তৰে অৱস্থিত।

কিংবদন্তিঃ[সম্পাদনা কৰক]

প্ৰবাদ অনুসৰি মহাৰাজ নৰনাৰায়ণে শনিৰ দশাত পৰোতে বৰনগৰত অস্থায়ী ৰাজধানী পাতি শাসন কাৰ্য চলাইছিল। বাৰ বছৰ পিছত মহাৰাজ নৰনাৰায়ণে অস্থায়ী ৰাজধানী বৰনগৰ এৰি গুচি যোৱাৰ পিছত ভতিজাক ৰঘুদেৱ ৰায়ে বৰবাৰীত থাকি বৰনগৰৰ শাসন কৰিছিল। এই সময়ছোৱাত বৰ্তমানৰ সৰভোগ নগৰৰ কাষৰীয়া উত্তৰ গণকগাড়ী আৰু দক্ষিণ গণকগাড়ী গাঁৱৰ খেতিপথাৰবোৰ এসময়ত চৰণীয়া পথাৰ আছিল। এই অঞ্চলৰ গৰখীয়াসকলে প্ৰতিপালন কৰা গৰু-ম’হবোৰ এই চৰণীয়া পথাৰতে চৰাইছিল। এনেদৰে, গৰু চৰাই ফুৰোঁতে গৰখীয়াবোৰে মন কৰিলে যে- উত্তৰ গণকগাড়ী গাঁৱৰ(বর্তমান মেধিপৰা) বৰকোচ পৰিয়ালৰ এজনী কপিলী গাই দুপৰীয়া সদায় একে সময়তে জাকৰপৰা নোহোৱা হয় আৰু পিছত আকৌ জাকলৈ উভতি আহে। প্ৰায়ে এনেকুৱা হ’ব ধৰাত গৰখীয়াবোৰে অনুসন্ধান কৰি দেখিলে যে, গাইজনীয়ে জাকৰ পৰা ওলাই গৈ প্ৰত্যেক দিনেই এডোখৰ নিৰ্দিষ্ট ঠাইত নিজ ইচ্ছাৰে ওহাৰৰ পৰা গাখীৰ এৰি দিয়ে। এই ঘটনাটো দেখাৰ পিছত গৰখীয়াবোৰে সেই ঠাইৰ মাটি খান্দি চাবলৈ সিদ্ধান্ত কৰে। মাটি খন্দাৰ পিছত তাৰপৰাই মহাপ্ৰভু শ্ৰীশ্ৰী গৰখীয়া গোসাঁইৰ আবিৰ্ভাৱ হয়। লাহে লাহে গৰখীয়াবোৰে সেই ঠাইতেই থাপনা পাতি প্ৰভুৰ চৰণত সেৱা কৰিব লয়। গৰু হেৰালে প্ৰধান গৰখীয়াজনে প্ৰভুৰ চৰণত সেৱা জনাই, ঠিকনা চাই দিশ ধৰি দিয়ে আৰু সেইমতে গৰু বিচাৰি পায়। সেয়ে গৰু হেৰালে আন মানুহেও তালৈ গৈ মিঠাতেলৰ চাকি, কল-প্ৰসাদ আগবঢ়াই প্ৰভুৰ চৰণত পৰিলে হেৰোৱা গৰু পুনৰ বিচাৰি পায়। প্ৰভুৰ এই মহিমা দেখি এই অঞ্চলৰ ৰাইজে নিয়মিতভাৱে পূজা কৰিব ধৰে। মহাপ্ৰভু শ্ৰীশ্ৰী গৰখীয়া গোসাঁইৰ এই জন্মস্থানখিনি ‘মা শ্ৰীশ্ৰী তেলোলীয়া গোসাঁই'ৰ থান বুলি জনাজাত।

পৰৱৰ্তী সময়ত এই ঠাইৰপৰা প্ৰায় পাঁচশ মিটাৰ উত্তৰ-পশ্চিম দিশত মহাপ্ৰভু শ্ৰীশ্ৰী গৰখীয়া গোসাঁইক স্থানান্তৰ কৰা হয়। ইয়াৰ প্ৰকৃত কাৰণ সঠিককৈ একো ক’ব নোৱাৰি যদিও বৰ্তমানৰ ঠাইখন আহল-বহল লগতে, মেধি পৰিয়ালৰ ওচৰত হোৱা বাবে থানৰ ঘৰ-দুৱাৰ আদিৰ চোৱা-চিতাত সুবিধা হ’বৰ বাবে হয়তো প্ৰভুক ইয়ালৈ লৈ আহে। আনুমানিক ১২৯০-১৩০০ ভাস্কৰাব্দৰ ভিতৰত থানত টিনপাতৰ ভাঁজঘৰ এটি নিৰ্মাণ কৰা হয়। ইয়াৰ কেইবছৰ মান পিছত ভাঁজঘৰ সংলগ্ন টিন পাতৰ নামঘৰ এটিও নিৰ্মাণ কৰা হয়। পিছলৈ ১৩৯২ ভাস্কৰাব্দৰ জেঠ মাহৰ ১৫ তাৰিখ বুধবাৰে অতি প্ৰত্যুষতে বেদমন্ত্ৰ, শংখ-ঘণ্টা আৰু উৰুলিৰ ধ্বনিৰে মহাপ্ৰভুই নিজে (মহাপ্ৰভু শ্ৰীশ্ৰী গৰখীয়া গোসাঁইৰ বিগ্ৰহ) ভক্তসকলৰ সৈতে ভাঁজঘৰৰ দ্বাৰ উদঘাটন কৰিলে।[1]

থানৰ চৌহদঃ[সম্পাদনা কৰক]

তিনিখন মূল প্ৰৱেশদ্বাৰ থকা থানৰ চৌহদটোৱে এটা বহল এলেকা আৱৰি আছে। মূল নামঘৰটোৰ ভিতৰভাগত এখন ময়ুৰাসন আছে আৰু মণিকূটৰ ভিতৰত ভগৱান শ্ৰীকৃষ্ণৰ আৱিৰ্ভাৱ হোৱা বিগ্ৰহৰ মূৰ্ত্তিটো আছে। মূল নামঘৰটোৰ চাৰিওফালৰ বেৰবোৰত পুৰাণ, উপ-পুৰাণৰ ভালেমান কাহিনীৰ চিত্ৰ অংকন কৰা আছে। প্ৰধানকৈ শিশু কৃষ্ণৰ বাল্যকালৰ বিভিন্ন লীলা দেখুওৱা হৈছে। মূল নামঘৰটোৰ পিছপিনে এটা ডাঙৰ পুখুৰী আছে। পুখুৰীটোৰ সোঁমাজত শ্ৰীকৃষ্ণৰ কালী নাগৰ মূৰৰ ওপৰত নৃত্যৰত অৱস্থাত থকা মূৰ্ত্তি এটা আছে। এই পুখুৰীটোত ভালেমান প্ৰজাতিৰ মাছ আৰু আপুৰুগীয়া প্ৰজাতিৰ কাছ পোৱা যায়। তাৰোপৰি, চৌহদৰ ভিতৰত বিভিন্ন প্ৰজাতিৰ হৰিণ, ময়ূৰ আৰু শহাপহু সংৰক্ষণ কৰি ৰখা হৈছে।

থানৰ চৌহদৰ ভিতৰত ফুলনিত অনন্ত শয্যাগত শ্ৰীকৃষ্ণৰ মূৰ্ত্তি, দৌল মন্দিৰ, গড়ুৰ মন্দিৰ, শিৱৰ উপাসনা স্থান, ভকতসকলৰ চ’ৰাঘৰ, বৰনগৰ নাট্য মন্দিৰ, অতিথিশালা, চিকিৎসা গৃহ আৰু এটা পুথিভঁৰাল আছে। য’ত ভালেমান পুৰণি পুথিৰ লগতে সাঁচিপাত আৰু তুলাপাতত লিখা পুথি সংৰক্ষিত হৈ আছে। থানৰ পৰিচালনা সমিতিৰ কাৰ্যালয়ৰ কাষতে থকা ভোজনালয়টোত প্ৰতিদিনেই মন্দিৰলৈ অহা ৰাইজৰ বাবে সিদ্ধ প্ৰসাদৰ ব্যৱস্থা কৰা হয়।

দৈনিক প্ৰাৰ্থনাঃ      [সম্পাদনা কৰক]

মহাপ্ৰভুৰ আবিৰ্ভাৱ হোৱাৰ পিছৰেপৰা উত্তৰ গণকগাড়ী আৰু দক্ষিণ গণকগাড়ী গাঁওৰ ৰাইজে তেওঁৰ শ্ৰীচৰণত সেৱা জনাইছিল আৰু তেতিয়াৰ পৰাই দৈনিক দুপৰীয়া পূজাৰীৰ দ্বাৰা প্ৰসাদ দিয়াৰ ব্যৱস্থা চলি আহিছে। কিন্তু পৰৱৰ্তী সময়ত তিনি সন্ধ্যা প্ৰভুৰ প্ৰাৰ্থনা আৰু প্ৰসাদৰ ব্যৱস্থা হয়। ইয়াৰ উপৰিও বছৰত ছয়টা উৎসৱক থানৰ মূল পৰ্ব হিচাপে পালন কৰা হয়। এই পৰ্বকেইটা হ’ল-১)বহাগ বিহু

২) জাগৰণ

৩) শ্ৰী কৃষ্ণৰ জন্মাষ্টমী

৪) ৰাস উৎসৱ

৫) মাঘী উৎসৱ

৬) দৌল উৎসৱ

জাগৰণ উৎসৱঃ জেঠ মাহৰ ১৬ তাৰিখৰ পৰা ২২ তাৰিখলৈ জাগৰণ উৎসৱ পালন কৰা হয়। হয়। সাধাৰণতে প্ৰতি নিশাই প্ৰভুক শুৱাই থয় আৰু ব্ৰহ্মপুৱাতেই প্ৰভাত প্ৰাৰ্থনাৰে জগাই দিয়ে। কিন্তু জাগৰণৰ সময়ত প্ৰভু দিনে নিশাই জাগি থাকে। এই উৎসৱৰ সময়ত থানৰ এলেকাভুক্ত ৰাইজে পাকঘৰ আৰু বাচন-বৰ্তনকে আদি কৰি কাপোৰ ধুই পৰিষ্কাৰ হৈ থকাৰ লগতে এই সময়ছোৱাত নিৰামিষ আহাৰ ভোজন কৰে। গাঁওৰ আলিবাটৰ ঘাঁহ-বন কাটি, জেং-জাৱৰ দূৰৈত পেলাই দিয়া হয়। প্ৰত্যেক চুবুৰীৰ নামঘৰবিলাক মেৰামতি কৰি সজাই তোলা হয়। আকৌ এই উৎসৱৰ প্ৰথমদিনা প্ৰভুৰ থানত পাতি থোৱা নাম উৎসৱৰ শেষৰ দিনাহে ভংগ হয় বাবে চুবুৰীৰ নামঘৰ বা কোনো গৃহস্থৰ ঘৰত এই সময়ৰ ভিতৰত নাম ভঙা-পতা হ’ব নোৱাৰে। ইয়াৰ উপৰিও এই সময়ত বিবাহ, হোম, যজ্ঞ আদিও বন্ধ থাকে। ১৬ জেঠৰ পৰা ২১ জেঠলৈ প্ৰত্যেক নিশাই প্ৰত্যেক চুবুৰীৰ পৰা(এলেকাভুক্ত মুঠ ১৯ টা চুবুৰী বা পাৰা) পালপাতি ৰাইজ থানলৈ আহি উজাগৰে থাকে। ইয়াক ‘জাগৰ ৰখা' বুলি কোৱা হয়। জেঠৰ ২১তাৰিখে পুৱা ন/দহ মান বজাত প্ৰভু গাওঁ পৰিভ্ৰমণত ওলায় আৰু নিশা বাৰমান বজাত থানলৈ উভতি আহে। এই ভ্ৰমণৰ সময়ত গাঁওৰ বিভিন্ন নামঘৰত প্ৰভুই জিৰণি লয়। কিছুবছৰ আগৰপৰা ব্যক্তিগত পদূলিতো প্ৰভুক ৰখাৰ ব্যৱস্থা কৰা হৈছে। সকলো স্থানতেই প্ৰভুৰ কৃপাদৃষ্টি পৰাটো আৰু ইয়াৰ ফলত ৰাইজে সৎ জীৱন যাপন কৰিব পৰাটো এই ভ্ৰমণৰ উদ্দেশ্য। ২২ তাৰিখে দুপৰীয়া হোম আৰু নাম-প্ৰসংগ কৰি উৎসৱৰ সামৰণি মৰা হয়।[2] জাগৰণ উৎসৱ সম্পৰ্কে প্ৰবাদ আছে যে, এসময়ত গোটেই বৰনগৰ অঞ্চলত কলেৰা মহামাৰীয়ে দেখা দিয়াত ৰাইজে আতংকগ্ৰস্ত হৈ প্ৰভুৰ ওচৰত শৰণাপন্ন হৈছিল। তেতিয়া প্ৰভুই তেওঁৰ প্ৰকৃত ভক্তসকলক ৰক্ষা কৰাৰ বাবে মাজৰাতি বগা ঘোঁৰাত উঠি গাওঁৰ পদূলিয়ে পদূলিয়ে ঘূৰি ফুৰিছিল। ইয়াৰ পিছতেই মহামাৰীৰ প্ৰভাৱ কমি যায়। প্ৰভুক বগা ঘোঁৰাত উঠি ফুৰা সেই মনোৰম দৃশ্য বহুতো ভক্তই দেখা পোৱা বুলিও শুনা যায়। এই ঘটনাৰ পিছতেই ৰাইজে জাগৰণ উৎসৱ পাতি প্ৰভুক দোলাত লৈ গাঁও পৰিভ্ৰমণ কৰাৰ নিয়ম প্ৰচলিত হয়।

জন্মাষ্টমী উৎসৱঃ ভাৰতৰ বিভিন্ন প্ৰান্তত জন্মাষ্টমী উৎসৱ পালন কৰা হয়। শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ পাঁচ দিন পিছত থানত পঁচতি উৎসৱ(নন্দ উৎসৱ) পালন কৰা হয়। সেইদিনা থানত ভাগৱত পাঠ আৰু নাম প্ৰসংগৰ পিছত গৰখীয়াসকলে চৌহদৰ ভিতৰত ‘পেক ভাওনা’ খেলে। এই খেলত পুৰস্কাৰ হিচাপে প্ৰত্যেককে নাৰিকল দিয়া হয়।

দৌল উৎসৱঃ বছৰৰ শেষৰটো উৎসৱ হৈছে দৌল উৎসৱ। এই উৎসৱৰ সময়ত মহাপ্ৰভু শ্ৰীশ্ৰী গৰখীয়া গোসাঁইক দৌলত তোলা হয় আৰু হস্তা নক্ষত্ৰ নপৰালৈকে এদিন বা দুদিন দিনে ৰাতিয়ে কৃষ্ণ লীলা, যাত্ৰাগান আদিৰে উৎসৱ চলাই নিয়া হয়। হস্তা নক্ষত্ৰ পৰিলে প্ৰভুক লগে লগে দৌলৰ পৰা নমাই অনা হয় আৰু ৰাইজৰ সুবিধা অনুসৰি প্ৰভুক নিৰ্দিষ্ট অঞ্চলৰ পথাৰলৈ ফুৰাবলৈ লৈ যোৱা হয়। ইয়াক ‘গৰখীয়া গোসাঁইৰ সুঁৱেৰী’ বুলি কোৱা হয়।

সহায়ক গ্ৰন্থপঞ্জীঃ

১।বৰ্ণিল মানাহ । দাস,হিতেশ আৰু ধ্ৰুৱকুমাৰ তালুকদাৰ, সম্পা.। অসম সাহিত্য সভা, ২০১৩

২।ভক্তি দৰ্পন । দাস, ভবানন্দ পাঠক আৰু দীনেশ চন্দ্ৰ নাথ, সম্পা.। মহাপ্ৰভু শ্ৰীশ্ৰী গৰখীয়া গোসাঁইৰ থান, ২০২০


[1] ভবানন্দ দাস পাঠক আৰু দীনেশ চন্দ্ৰ নাথ,সম্পা., ভক্তি দৰ্পন, পৃ-৫

[2] উল্লিখিত গ্ৰন্থ, পৃ-৭