সদস্য:Sanghamitra Konwar
অৱয়ব
মানুহ বিহু বহাগ মাহৰ প্ৰথম দিনটোক মানুহ বিহু বুলি জনা যায়। এই বিহুৰ দিনাই সৰুৱে ডাঙৰক সেৱা জনাই লগতে ডাঙৰে সৰুক মৰম আৰু আৰ্শীৱাদ দি বিহুৰ প্ৰীতি শুভেচ্ছা প্ৰদান কৰে।এই দিনটোতে সকলোৱে নতুন কাপোৰ পিন্ধে আৰু শিপিনীয়ে পৰিয়ালৰ পুৰুষ সকলক বিহুৱান যাচে। বাপুতিসাহোন বহাগ বিহুৰ সাতটি বিহুৰ ভিতৰত মানুহ বিহুৱেই শ্ৰেষ্ঠ। অসমীয়া বছৰৰ এই প্ৰথম দিনটোতেই কৃষকসকলে প্ৰকৃতিদেৱীৰ ওচৰত বৰষুণ কামনা কৰে।সেইদিনা যদি বৰষুণ হয় বছৰটোলে খেতি বাতি ভাল হয় বুলি বিশ্বাস কৰা হয়।সেইবাবে মানুহবোৰে প্ৰকৃতিক তুষ্ট কৰা মানসেৰে পৱিত্ৰভাৱেৰে বিহু বা হুঁচৰি নাম গায়।