সদস্য:Shyamal barua/অভয়াপুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অভয়াপুৰী হ'ল বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ সদৰ ৷ ই গুৱাহাটীৰ পৰা 200 কি: মি: আৰু জিলা সদৰ বঙাইগাঁৱৰ পৰা 21 কি: মি: দূৰত্বত অৱস্থিত ৷ দেৱদাৰু গছেৰে পৰিবেষ্টিত বাবে ই দেৱদাৰু নগৰী বুলিও জনাজাত ৷ 'ভৌগলিক অৱস্থিতি আৰু জনগাঁঠনি : অভয়াপুৰী নগৰৰ স্থানাংক হৈছে 26*20 উ আৰু 90*40 পূ ৷2001 চনৰ লোকপিয়ল মতে নগৰ সমিতিৰ জনসংখ্যা আছিল 14671 জন ৷

যোগাযোগ : অভয়াপুৰী নগৰৰ পৰা 7 কি: মি: দূৰত্বত 31 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু 31(খ) নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থল তুলুঙীয়া ৷ উত্তৰ পূব সীমান্ত ৰেলপথৰ নিউবঙাইগাওঁ কামাখ্যা শাখা ৰেলপথে (গোৱালপাৰা হৈ) অভয়াপুৰীক চুই গৈছে ৷ 2 নং ৰাজ্যিক ঘাইপথ নগৰখনৰ সোঁমাজেদি পাৰ হৈ গৈছে ৷

অভয়াপুৰী নামৰ উৎপত্তি : ঐতিহাসিক বিজনী ৰাজ্যৰ ৰাজধানী অভয়াপুৰী নগৰৰ পূবদিশত ডুমুৰীয়া নামৰ ঠাইডোখৰত আছিল ৷ কিন্তু 1897 চনৰ ভূমিকম্পত ই ধ্বংশপ্ৰাপ্ত হয় আৰু দেওঁহাটীলৈ ইয়াক স্থানান্তৰ কৰা হয় ৷ ৰাজবংশৰ ৰাণী অভেয়াশ্বৰীৰ নামেৰে নগৰখনৰ নাম অভয়াপুৰী ৰখা হ'ল ৷