সদস্য বাৰ্তা:ইব্ৰাহিম আনশাৰি
বিষয় যোগ কৰক|
|
নমস্কাৰ, ইব্ৰাহিম আনশাৰি
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
|
— AdoroniBot (বাৰ্তা) 07:35, 24 May 2022 (ইউ.টি.চি.)
বিৰিঞ্চি কুমাৰ বৰুৱাৰ কাহিনীবিযুক্ত সাহিত্য
[সম্পাদনা কৰক]অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰা বিৰিঞ্চি কুমাৰ বৰুৱা এগৰাকী বিশিষ্ট ভাৰতীয় সাহিত্যিক।বীণা বৰুৱা ছদ্মনামত 'জীৱনৰ বাটত'শীৰ্ষক উপন্যাস লিখি অসমীয়া সাহিত্যজগতত বিশিষ্ট আসন লাভ কৰা বিৰিঞ্চি কুমাৰ বৰুৱা এহাতে কাহিনীযুক্ত সাহিত্যৰ শক্তিশালী গদ্যলেখক হোৱাৰ সমান্তৰালকৈ কাহিনীবিযুক্ত সাহিত্যৰ ক্ষেত্ৰতো তেওঁ মৌলিক প্ৰতিভাৰ অধিকাৰী। অসমীয়া সমাজ, সংস্কৃতি আৰু শিক্ষাৰ সচেতন দৰ্শক বৰুৱাৰ কাহিনীবিযুক্ত সাহিত্যৰ প্ৰধান বিষয় হিচাপেও উল্লিখিত ক্ষেত্ৰ তিনিটাই প্ৰভুত্ব বিস্তাৰ কৰিছে। অসমীয়া সমাজ-সংস্কৃতিৰ বৰুৱা সচেতন গৱেষক। তেওঁৰ বিজ্ঞানসন্মত গৱেষণাৰ ফলতেই অসমীয়া সমাজ-সংস্কৃতিৰ বহুকেইটা অনালোচিত দিশ আলোচনাৰ পথাৰলৈ আহিছে।অন্যহাতে বৃত্তিগতভাৱে শিক্ষা ক্ষেত্ৰখনৰ লগত জড়িত হোৱাৰ বাবে তেওঁৰ গৱেষণাৰ প্ৰধান বিষয় শিক্ষা হোৱাটোৱেই স্বাভাৱিক।সি যি কি নহওঁক,আমাৰ এই আলোচনাত "প্ৰফেছাৰ বৰুৱাৰ চিঠি" গ্ৰন্থৰ "মাৰ্কিন ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পঢ়া শুনা" শীৰ্ষক লেখাৰ আধাৰত কাহিনীবিযুক্ত লেখক হিচাপে বৰুৱাৰ মৌলিকত্ব আৰু গদ্যৰ স্বৰূপ বিশ্লেষণ কৰিবলৈ যত্ন কৰা হৈছে।
মাৰ্কিন ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পঢ়া-শুনাঃ
আমেৰিকাৰ ইণ্ডিয়ানা বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে বৰুৱাই ১৯৬৩ চনত লোকসংস্কৃতিৰ অস্থায়ী অধ্যাপক হিচাপে যোগদান কৰিছিল।উক্ত বিশ্ববিদ্যালয়ত যোগদান কৰাৰ পাছত বৰুৱাই আমেৰিকাৰ সমাজ, সাহিত্য, সংস্কৃতি,শিক্ষা ইত্যাদি বিষয়ক লৈ লিখা এলানি প্ৰবন্ধক তেওঁৰ মৃত্যুৰ পিছত "প্ৰফেছাৰ বৰুৱাৰ চিঠি" শীৰ্ষকেৰে প্ৰকাশ কৰা হয়। আমেৰিকাৰ শৈক্ষিক বাতাবৰণ আৰু সেই বাতাবৰণত ছাত্ৰ-ছাত্ৰীৰ সম্পাদনীয় বিভিন্ন কাৰ্যকলাপক লৈ বৰুৱাই আলোচিত প্ৰবন্ধটো লিখিছে।
শিক্ষা জাতীয় উত্তৰণৰ ধাৰক আৰু বাহক । জাতিৰ উন্নতিত শিক্ষাৰ ভূমিকা সুদূৰপ্ৰসাৰী। বৰুৱাই ইণ্ডিয়ানা বিশ্ববিদ্যালয়ৰ বিশেষ উল্লেখনৰ যোগেদি আমেৰিকাৰ ছাত্ৰসমাজৰ আৰু শৈক্ষিক ব্যৱস্থাৰ সামগ্ৰিক ৰূপৰেখা দাঙি ধৰিবলৈ যত্ন কৰিছে।
আমেৰিকাৰ মানুহ শিক্ষাক লৈ যথেষ্ট সচেতন।শিক্ষা মানৱ জীৱনৰ প্ৰধান সম্বল বুলি গণ্য কৰা আমেৰিকাত শিক্ষা দান আৰু শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত প্ৰশাসনীয় ব্যৱস্থাৰ আপোচবিহীন মনোভাৱ থকাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ আছে আন্তৰিক আত্মনিবেদন। সেয়েহে বিশ্ববিদ্যালয়ত কিবা উৎসৱ-অনুষ্ঠান হ'লেও পাঠদান আৰু পাঠগ্ৰহণ কৰাৰ নিয়মিত প্ৰক্ৰিয়া স্তব্ধ হৈ নাযায়,আনকি পৰীক্ষাও নিয়মীয়াকৈ চলি থাকে।
আমেৰিকাৰ শিক্ষা ব্যৱস্থা ভাৰতীয় শিক্ষা ব্যৱস্থাতকৈ বহুত বেলগ।বিংশ শতিকাৰ ষাঠিৰ দশকতে আমেৰিকাৰ লাইব্ৰেৰীবোৰ আহল-বহল লাউঞ্জ, আৰামদায়ক চকী-মেজ তথা সংগীতৰ মৃদু ধ্বনিৰে মুখৰিত হোৱাৰ সমান্তৰালকৈ বিজুলী বাতিৰ চমৎকৃত পোহৰেৰে আলোকিত।যিয়ে পঢ়াৰ প্ৰতি ধাউতি বঢ়োৱাৰ লগতে শৈক্ষিক মন এটা গঢ়ি দিয়াত যথেষ্ট সহায়ক হৈছে।
বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস পতাৰ পদ্ধতিও সুকীয়া ধৰণৰ। প্ৰতিষ্ঠা দিৱসৰ দিনা সুখ্যাতি অৰ্জন কৰা বিভিন্ন অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীক সন্মান জনোৱা হয়।অন্যহাতে সন্মান লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ পিতৃ-মাতৃক উক্ত অনুষ্ঠানত বিশেষকৈ নিমন্ত্ৰণ জনাই তেওঁলোককো উৎসাহ প্ৰদান কৰা হয়।যিয়ে শিক্ষক,ছাত্ৰ আৰু অভিভাৱকৰ মাজত এক আন্তৰিক সম্পৰ্ক ৰক্ষা কৰাত ইতিবাচক ভূমিকা পালন কৰে। প্ৰতিষ্ঠা দিৱসৰ দিনা ইণ্ডিয়ানা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাতা ডক্টৰ এণ্ড উন্টলিৰ সমাধিত সন্মান জনাই প্ৰাৰ্থনাও কৰা হয়।
ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনাৰ খৰচ পাতি কেনেকৈ নিজে উপাৰ্জন কৰিব পাৰে তাৰ সুবিধা কৰি দিবৰ বাবে বিশ্ববিদ্যালয়ত নিয়োগ বিভাগ থকাৰ কথা প্ৰফেছাৰ বৰুৱাই লিখি থৈ গৈছে। আমেৰিকাৰ ছাত্ৰ-ছাত্ৰী প্ৰাপ্তবয়স্ক হোৱাৰ পিছত শিক্ষা গ্ৰহণৰ বাবে অভিভাৱকৰ ওপৰত নিৰ্ভৰশীল নহয় ।অন্যহাতে এনে স্বনিৰ্ভৰশীলতাৰ ভেঁটি নিৰ্মাণৰ ক্ষেত্ৰত শৈক্ষিক প্ৰশাসনৰ ভূমিকা অতুলনীয়।শৈক্ষিক খৰচ উলিওৱাৰ লগতে ইণ্ডিয়ানা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বাতৰি কাকত পৰ্যন্ত প্ৰকাশ কৰে আৰু এই বাতৰি কাকতৰ দৈনিক ১৫হাজাৰ কপি বিক্ৰীও হয়।ইয়াৰ বাহিৰেও ছাত্ৰ-ছাত্ৰীৰ সুখ-দুখৰ খবৰ ল'বলৈ তথা উৎকৰ্ষমূলক পৰামৰ্শ দিবলৈ ফেকাল্টী এছ'চিয়েটসকলে অহোপুৰুষাৰ্থ কৰে।ফেকাল্টী এছ'চিয়েটসকলে কেৱল দিহা-পৰামৰ্শই দিয়ে তেনে নহয়,তেওঁলোকে মাজে সময়ে ছাত্ৰ-ছাত্ৰীৰ লগত বহি চাহ,ভাত খোৱাৰ লগতে ফুৰিবলৈ যোৱা তথা বিভিন্ন খেল খেলি সময় কটায়।যিয়ে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ মাজত মধুৰ সম্পৰ্ক এটা গঢ়ি দিয়ে।
আমেৰিকাত ছাত্ৰ-ছাত্ৰীৰ থাকিবৰ বাবে উপযুক্ত আবাসৰ সু-ব্যৱস্থা আছে। ছাত্ৰ-ছাত্ৰীৰ আবাসস্থলীবোৰত আছুতীয়া অধ্যয়ন কোঠা,লাউঞ্জ আদিৰ ব্যৱস্থা আছে।শোৱা কোঠাতে পঢ়া খোৱা আদিৰ ব্যৱস্থা থকাৰ বিপৰীতে প্ৰত্যকটো কৰ্মৰ বাবে আছুতীয়া কোঠাৰ ব্যৱস্থা আছে। উদাহৰণস্বৰূপে কাপোৰ ধোৱা কোঠা আৰু কাপোৰ শুকুৱা কোঠা দুয়োটা পৃথক পৃথক। আমেৰিকাৰ ইণ্ডিয়ানা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ আবাসবোৰ বিভিন্ন গছ-গছনিৰ নামেৰে নামকৰণ কৰা হৈছে। অন্যহাতে বিবাহিত ছাত্ৰ-ছাত্ৰীয়ে সুবিধাজনকভাৱে নিজৰ সংগী,সন্তানৰ লগত বসবাস কৰিব পৰা আবাসৰ ব্যৱস্থাও আছে।আনকি ছাত্ৰাবাস আৰু ছাত্ৰীবাসৰ ভোজনশালাও একেটা থকাৰ উদাহৰণো আছে।
আমেৰিকাৰ ছাত্ৰ-ছাত্ৰীয়ে আনে কি কৰি আছে সেইবোৰ কথালৈ বৰ বিশেষ মন নিদিয়ে।তেওঁলোকে নিজৰ কৰ্মদায়িত্বত বিশ্বাসী।বাটে-পথে আনৰ কৰ্ম জুমাজুমি কৰাটো আমেৰিকাত অশোভনীয় অভ্যাস বুলি বিশ্বাস কৰা হয়।অন্যহাতে পৰীক্ষা, মূল্যায়ন আদিক লৈ আমেৰিকাৰ ছাত্ৰ-ছাত্ৰীয়ে বৰ বিশেষ চিন্তা নকৰে।সেয়ে লেখকৰ ছাত্ৰ এগৰাকীয়ে পৰীক্ষাৰ আগনিশা লেখকক লগত লৈ 'ব্ৰাউন কাউন্টি পাৰ্কলৈ' লগ-বন্ধুসহিতে নিজৰাৰ পানী বন্ধ কৰি থোৱা পুখুৰীত সাঁতুৰি স্ফূৰ্তি কৰিছে।
সামগ্ৰিক বিশ্লেষণঃ
আমেৰিকাৰ দৰে উন্নত দেশৰ শৈক্ষিক ব্যৱস্থাৰ সম্ভেদ দিবলৈ গৈ লেখকে ভাৰতীয় মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।আমেৰিকাৰ শিক্ষাক লৈ থকা সচেতন মনোভাৱ আৰু উদ্যমী ছাত্ৰ-ছাত্ৰীৰ শিক্ষা আহৰণৰ প্ৰতি থকা প্ৰবল অভীপ্সাৰ সম্ভেদ বৰুৱাৰ আলোচিত প্ৰবন্ধৰ জৰিয়তে পোৱা যায়।অন্যহাতে যোগ্যজনক উপযুক্ত সন্মান প্ৰদান কৰাৰ ক্ষেত্ৰত আমেৰিকাৰ শিক্ষক-ছাত্ৰ সমাজ যে অত্যন্ত সচেতন আৰু কৰ্তব্যনিষ্ঠ তাৰ উমান আলোচিত প্ৰবন্ধটোৱে দিয়ে।এই কৰ্তব্যনিষ্ঠা কেৱল সন্মান প্ৰদানৰ ক্ষেত্ৰতে সীমাবদ্ধ নাথাকি ব্যক্তিগত আৰু জাতীয় স্তৰলৈ বিস্তাৰিত হৈছে। এই বিস্তাৰণৰ বাবেই উৎসৱ-অনুষ্ঠানৰ সমান্তৰালকৈ আমেৰিকাত নিয়মিতভাৱে পাঠদান আৰু পৰীক্ষা অনুষ্ঠিত হৈ থাকে।ই জাতি বিশেষৰ মংগল আৰু উন্নতি চিন।
আমেৰিকাৰ ছাত্ৰ-ছাত্ৰী নিজৰ পূৰ্বসূৰী প্ৰকৃত কৰ্মীৰ প্ৰতি কৃতজ্ঞ।যি কৃতজ্ঞতাৰ ভাৱ ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বুকুত নাই। আমেৰিকাৰ ছাত্ৰ-ছাত্ৰীয়ে বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ দিনা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাতাগৰাকীৰ সমাধিক্ষেত্ৰলৈ গৈ পুষ্প অৰ্পণ আৰু মংগল প্ৰাৰ্থনা কৰে।ইয়াৰ বিপৰীতে ভাৰতত বহুতো প্ৰকৃত কৰ্মীক ইতিহাসৰ বুকুৰ পৰা মচি পেলোৱাৰ কু-অভিসন্ধি ৰচনা কৰা দেখা যায়।যি জাতিৰ উন্নতিৰ পথত অন্তৰায়স্বৰূপ। আমেৰিকাৰ ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনাৰ সমান্তৰালকৈ অৰ্থোপাৰ্জনতো মনোনিবেশ কৰে।যিয়ে পৰৱৰ্তীকালত ছাত্ৰ-ছাত্ৰীক অৰ্থোপাৰ্জনৰ বাবে যিকোনোধৰণৰ সৎ আৰু উপযুক্ত কৰ্ম সম্পাদন কৰিবলৈ উদ্বুদ্ধ কৰে। কিন্তু ভাৰতত উচ্চ শিক্ষা লাভৰ বেলিকা ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ ওপৰত নিৰ্ভৰ কৰা অভ্যাসে তথা কৰ্মক লৈ কৰা স্তৰ বিভাজনৰ মনোভাৱে তেওঁলোকৰ মনৰ মাজৰ পৰা কৰ্মস্পৃহাৰ বীজটোক গচকি নেফানেফ কৰি পেলাইছে।সেয়ে ভাৰতৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষা গ্ৰহণৰ বেলিকা আৰু পিছত কৰ্মৰ মান(standard)নিৰ্ণয় কৰিবলৈ গৈ নিবনুৱা হৈ জনমুৰি আয় হ্ৰাস হোৱাত নিৰ্লজ্জ অৱদান আগবঢ়ায়।
আমেৰিকাৰ ছাত্ৰসমাজ উদাৰনৈতিক চিন্তা-চেতনাৰে পৰিপুষ্ট।লিংগবৈষম্যৰ অনৰ্থক চিন্তাৰ পৰা তেওঁলোক মুক্ত।সেয়ে আমেৰিকাৰ ছাত্ৰ-ছাত্ৰীয়ে একেলগে পঢ়া-শুনা কৰাৰ লগে লগে একেটা ভোজনশালা ব্যৱহাৰ কৰা,একেটা হোষ্টেল কেম্পাচত থকা আদি কামবোৰ অতি সাধাৰণ আৰু স্বাভাৱিকভাৱে কৰে।অন্যহাতে শিক্ষক বা লগৰ ছাত্ৰৰ লগত ৰাতি-বিয়লি ক'ৰবাত ফুৰিবলৈ গ'লেও নিৰাপত্তাহীনতা অনুভৱ নকৰে।লগতে এনে কৰ্মবোৰো অশোভনীয় বুলি বিবেচিত নহয়।
এনেদৰে বৰুৱাই এগৰাকী সচেতন দৰ্শকৰূপে আমেৰিকাৰ শিক্ষা ব্যৱস্থা তথা আমেৰিকাৰ ছাত্ৰ-ছাত্ৰীৰ চিন্তা-চেতনাৰ অতল গহ্বৰলৈ জুমি চোৱাৰ প্ৰয়াস কৰিছে।অন্যহাতে শিক্ষা ক্ষেত্ৰত একালত বিশ্ববিখ্যাত প্ৰাচীন ভাৰতীয় শিক্ষা ব্যৱস্থাৰ গুণ-গৰিমা বিদেশীৰ মুখেৰে শুনি ধন্য হোৱাৰ সমান্তৰালকৈ মনতে বৰ্তমানৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ চালুকীয়া অৱস্থাৰ কথা ভাবি লজ্জানত হ'ব লগা হৈছে।
বিৰিঞ্চি কুমাৰ বৰুৱাৰ গদ্যঃ
গদ্য ৰচনাৰ ক্ষেত্ৰত বিৰিঞ্চি কুমাৰ বৰুৱা বাণীকান্ত কাকতি, সত্যনাথ বৰা আৰু সূৰ্যকুমাৰ ভূঞাৰ যোগ্য উত্তৰসূৰী।এগৰাকী গৱেষক-পণ্ডিত হোৱাৰ বাবেও চাগে তেওঁৰ ওপৰত কাকতি,বৰা আৰু ভূঞাৰ গদ্যৰ প্ৰভাৱ পৰিছে।কিয়নো হীৰেণ গোহাঁই পূৰ্বৱৰ্তী সকলো গৱেষক আৰু সমালোচক বাণীকান্ত কাকতিৰ ৰচনাশৈলীৰ দ্বাৰা প্ৰভাবান্বিত।
বিৰিঞ্চি কুমাৰ বৰুৱাৰ গদ্য সহজ-সৰল আৰু পোনপটীয়া।যাৰ বাবে অৰ্থবোধৰ ক্ষেত্ৰত পাঠকে বিৰাট মানসিক কছৰৎ কৰাৰ পৰা বিৰত থাকিব লগা হয়।যথা-
"এই উৎসৱত ক্লাছ বন্ধ দিয়া নহয়;পৰীক্ষা আদিও নিয়মমতে চলি থাকে।যিসকলে প্ৰতিযোগিতাত নামে তেওঁলোকে ক্লাছৰ পৰা ছুটী লয়,যাৰ ক্লাছ নেথাকে তেওঁলোক দৰ্শক হয়।"(বিৰিঞ্চি কুমাৰ বৰুৱা ৰচনাৱলী, দ্বিতীয় খণ্ড, পৃ.নং-১৬৩৪)
বৰুৱাৰ বাক্য প্ৰয়োগৰ কৌশল সুকীয়া। কাহিনীবিযুক্ত সাহিত্যত তেওঁ আলংকাৰিক বাক্য প্ৰায়েই বৰ্জন কৰিছে। তেওঁৰ বাক্য পোনপটীয়া আৰু স্পষ্ট লগতে বৰ্ণনাবাহুল্য বৰ্জিত।যথা-
"অনুষ্ঠানৰ প্ৰাৰম্ভতে আৰু শেষত চেইন্ট চাৰ্লছ বৰোমিও গীৰ্জাৰ যাজকে শুভাশিস পাঠ কৰিলে।ইয়াৰ প্ৰায় অনুষ্ঠানতেই ধৰ্মযাজক থাকে। দুপৰীয়া ছাত্ৰ-ছাত্ৰীসকলৰ পিতৃ-মাতৃক অভ্যৰ্থনা জনোৱা হ'ল।তিনি বজাত ইণ্ডিয়ানা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাতা উক্টৰ এণ্ড উন্টলিৰ সমাধিত প্ৰাৰ্থনা কৰিবলৈ শোভাযাত্ৰা ওলাল।"(বিৰিঞ্চি কুমাৰ বৰুৱা ৰচনাৱলী, দ্বিতীয় খণ্ড, পৃ.নং-১৬৩৬)
কথোপকথনমূলক শৈলীৰ অৱতাৰণা কৰি বৰুৱাই আলোচিত বিষয়ক আকৰ্ষণীয় আৰু পঠনীয় ৰূপ প্ৰদান কৰাত সিদ্ধহস্ত।যথা-
"তেওঁ আচৰিত হৈ উত্তৰ দিলে,কিয়?"
"কেঁচুৱাটো কোনে চাব?"
"অʼ তাৰ ব্যৱস্থা কৰা হৈছে। তেওঁ পুৱা কলেজলৈ যাব - সেই সময়ত মই চাম।"(বিৰিঞ্চি কুমাৰ বৰুৱা ৰচনাৱলী, দ্বিতীয় খণ্ড,পৃ.নং-১৬৩৭)
শব্দ ব্যৱহাৰৰ ক্ষেত্ৰত বৰুৱাই অৰ্থবোধৰ প্ৰয়োজন অনুসৰি নিভাজ অসমীয়া শব্দ ব্যৱহাৰৰ সমান্তৰালকৈ বিদেশী শব্দও ব্যৱহাৰ কৰিছে।যথা-
"বিভিন্ন বিভাগৰ সন্মানিত ছাত্ৰ-ছাত্ৰীসকলে দলে দলে গৈ 'প্ৰেছিডেন্ট'(ভাইচ-চেঞ্চেলাৰ)আৰু 'ডীন'ৰ লগত হাত জোকাৰিলে"(বিৰিঞ্চি কুমাৰ বৰুৱা ৰচনাৱলী, দ্বিতীয় খণ্ড,পৃ.নং-১৬৩৬)
অসমীয়া জতুৱা ঠাঁচ আৰু খণ্ডবাক্য ব্যৱহাৰ কৰি বহুসময়ত বৰুৱাই ব্যংগ কৰা দেখা যায়।কোনো এটা কথা যেতিয়া ব্যংগাত্মক ধৰণেৰে কʼবলগীয়া হয় তেতিয়া বৰুৱাই প্ৰায়েই জতুৱা ঠাঁচ আৰু খণ্ডবাক্যৰ সহায় লৈছে।যথা-
"মনে মনে ভাবিলো,বুঢ়া শালিকাই আৰু কিমান নো শিকিম?এইবোৰ শিকিয়েই বা কাৰ নাক-কাণত পিন্ধামগৈ?"(বিৰিঞ্চি কুমাৰ বৰুৱা ৰচনাৱলী, দ্বিতীয় খণ্ড,পৃ.নং-১৬৩৫)
বৰুৱাৰ গদ্য ৰচনাৰ মনকৰিবলগীয়া বৈশিষ্ট্য হ'ল যে তেওঁ বাক্যৰ বৰ্ণনাবাহুল্য বৰ্জন কৰাৰ বাবে অৰ্থবোধৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি বন্ধনীৰ ভিতৰত আনুষংগিক প্ৰংগৰ প্ৰায়েই অৱতাৰণা কৰে।যথা-
"মই তেওঁক হহুঁৱাবলৈ কʼলো,'ভাগ্য মোৰ প্ৰতি সদায় সুপ্ৰসন্ন;নহʼলেনো ভাৰতবৰ্ষৰ পৰা ইণ্ডিয়ানা পাওহি নে?"(ইণ্ডিয়া আৰু ইণ্ডিয়ানা শব্দ দুটাৰ মিল দেখুৱাবলৈ কʼলো)
(বিৰিঞ্চি কুমাৰ বৰুৱা ৰচনাৱলী, দ্বিতীয় খণ্ড,পৃ.নং-১৬৩৫)
গদ্যৰ সমালোচনাঃ
বিৰিঞ্চি কুমাৰ বৰুৱা নিসন্দেহে অসমীয়া গদ্যসাহিত্যৰ এগৰাকী বিশিষ্ট গদ্যলেখক। কিন্তু এইখিনিতে উল্লেখযোগ্য যে গদ্য ৰচনাৰ ক্ষেত্ৰত তেওঁ বাণীকান্ত কাকতি, সত্যনাথ বৰা আৰু সূৰ্যকুমাৰ ভূঞাৰ গদ্যৰ ধাৰাৰ ধাৰকহে। তেওঁৰ গদ্যই স্বতন্তৰীয়া ৰীতি লাভ কৰিবলৈ সক্ষম হোৱা নাই।অন্যহাতে গদ্যৰচনাৰ ক্ষেত্ৰত তেওঁৰ মৌলিকত্ব এইখিনিতে যে তেওঁ সংস্কৃতগন্ধী শব্দ প্ৰয়োগৰ পৰা বিৰত থাকি নিভাজ অসমীয়া শব্দ প্ৰয়োগৰ দ্বাৰা পোনপটীয়া আৰু সহজবোধম্য বাকভংগীৰ নিৰ্মাণ কৰিছে।যʼত তেওঁৰ গৱেষণামূলক জ্ঞান আৰু অভিজ্ঞতা সম্পৃক্ত হৈ আছে।
মন্তব্যঃ
আলোচিত প্ৰবন্ধটোৱে আমেৰিকাৰ শৈক্ষিক বাতাবৰণ আৰু ছাত্ৰ-ছাত্ৰীৰ চিন্তা-চৰ্চাৰ সম্ভেদ দিয়াৰ লগতে বৰুৱাৰ গদ্য প্ৰতিভাৰ নিদৰ্শন দাঙি ধৰাত সহায়ক হৈছে।নিজা এক স্বতন্তৰীয়া গদ্যৰীতি সৃষ্টি কৰিব নোৱাৰিলেও অসমীয়া ভাষাৰ সুষম্য প্ৰকাশ কৰিব পৰাকৈ গদ্য ৰচনা কৰাৰ ক্ষেত্ৰত তেওঁ মৌলিক প্ৰতিভাৰ অধিকাৰী। সেয়েহে অসমীয়া গদ্য সাহিত্যৰ ইতিহাসত বিৰিঞ্চি কুমাৰ বৰুৱা বিশেষ আসনৰ দাবীদাৰ।
সহায়ক গ্ৰন্থ
শইকীয়া,নগেন(সম্পা)-বিৰিঞ্চি কুমাৰ ৰচনাৱলী, দ্বিতীয় খণ্ড, ফেব্ৰুৱাৰী,২০১৫
বিৰিঞ্চি কুমাৰ বৰুৱা স্মাৰক ন্যাস পৰিষদ।
