সমললৈ যাওক

সদস্য বাৰ্তা:কোষেশ্বৰ পাদী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

অলংকাৰ : ধাৰণা, প্ৰয়োজনীয়তা, ভাগ আৰু ধাৰণা ~2025-26670-87 (talk) 18:00, 25 September 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

অলংকাৰৰ ধাৰণা

[সম্পাদনা কৰক]

অলংকাৰ হ'ল কাব্যতত্ত্ব আলোচনাৰ অন্যতম প্রয়োজনীয় ভাগ। অলংকাৰে কাব্যক সৌন্দর্য বৃদ্ধি কৰাৰ লগতে লালিত্যপূর্ণ আৰু ব্যঞ্জনাময় কৰি তোলে। যেতিয়া কাব্যত শব্দ, শব্দসম্ভাৰ বা বাক্য বিন্যাসৰ জৰিয়তে চমৎকাৰিত্ব আৰু মনোহাৰিত্ব ৰূপ প্ৰদান কৰে তেতিয়াই তাক অলংকাৰ বোলা হয়। অলংকাৰ শব্দটো সংস্কৃত 'অলং' বা 'অলম্ʼ শব্দৰ পৰা উৎপত্তি হৈছে। এই 'অলং' বা 'অলম্' শব্দটি প্রাচীন আলংকাৰিকসকলে দুটা অৰ্থত ব্যৱহাৰ কৰিছিল। এই দুটা অৰ্থ হ'ল-- পর্যাপ্তি বা যথেষ্ট আৰু আনটো হ'ল ভূষণ।

পৰ্যাপ্তি শব্দৰ অৰ্থ হ'ল- 'সেয়াই যথেষ্ট আৰু নালাগে।' উদাহৰণস্বৰূপে- কোনো মুখৰা তিৰোতাৰ কথা ক'বলৈ গৈ কোৱা হয় 'মুখখন লাওপাত-কচুপাত' নাইবা ৰমণীৰ সুন্দৰ মুখাবয়ৱৰ কথা ক'বলৈ গৈ কোৱা হয় 'পদুমৰ নিচিনা মুখ' নাইবা 'মুখ নহয় যেন পদুম হে' আদি বাক্যই কওঁতাৰ মনলৈ পৰ্যাপ্তিৰ ধাৰণা আনে। প্রথম উদাহৰণটিত লাওপাত বা কচুপাতৰ লগত মানুহৰ মুখৰ পোনপটীয়া সম্পর্ক নাই; কিন্তু এই লাওপাত বা কচুপাতে খজুৱাৰ বা বিজবিজাই যোৱাৰ দৰে তিৰোতাগৰাকীৰ মুখৰ কথায়ো বিজবিজায় যায়। সেই অর্থ দৃঢ় তথা গাঢ়ভাৱে প্ৰকাশ কৰিবলৈ আপাত দৃষ্টিত মিল নথকা দুটা বস্তুৰ লগত তুলনা কৰা হৈছে। ঠিক সেইদৰে দ্বিতীয় উদাহৰণটিতো ৰমণীৰ মুখৰ লগত পদুমৰ কোনোধৰণৰ পোনপটীয়া সম্বন্ধ নাই; কিন্তু তাইৰ মুখৰ কমনীয়তাক অধিক অর্থবহভাৱে প্ৰকাশ কৰিবলৈ পদুমৰ লগত ৰিজোৱা হৈছে। সাধাৰণ এটি মনৰ ভাব প্রকাশ কৰিবলৈ ইমান আওপকীয়াকৈ কোৱাৰ প্ৰয়োজনীয়তা কি? এই প্রশ্নৰ উত্তৰতেই অলংকাৰৰ পৰ্যাপ্তিৰ ধাৰণাটি সোমাই আছে।

আনাহতে, ভূষণ শব্দটিৰ অৰ্থ ক'বলৈ গৈ আলংকাৰিকসকলে সুন্দৰী নাৰীৰ লগত তুলনা কৰিছে। এজনী সুন্দৰী নাৰী যেনেদৰে তেওঁৰ পিন্ধা বিচিত্র সাজ-পাৰ, আ-অলংকাৰ যেনে- খাৰু -মণি আদিৰ প্ৰসাধানে সুশোভিত, উজ্জ্বলতৰ কৰি তোলে, ঠিক তেনেদৰে কাব্যতো অলংকাৰ প্ৰয়োগে সৌন্দর্য বৃদ্ধি কৰাৰ লগতে মাধুৰ্য ৰূপ লাভ কৰে। এনে অৰ্থত ভূষণ শব্দটি ব্যৱহাৰ কৰিছে।

~2025-26670-87 (talk) 18:06, 25 September 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক