সমললৈ যাওক

সদস্য বাৰ্তা:কৰুণা দাস

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

জিতেন ডেকাৰ জাতীয়তাবোধ ভাবাপন্ন গীত

[সম্পাদনা কৰক]

জিতেন ডেকাৰ জাতীয়তাবোধ ভাবাপন্ন গীত


*--------*--------*---------*------------*--------

               জিতেন‌ ডেকা জন্ম হয় ১৯৫২ চনৰ ২৬ জানুৱাৰীত গোৱালপাৰা জিলাৰ ধূপধৰাৰ ওচৰৰ দীঘলী নামৰ গাওঁত।তেওঁৰ পিতৃৰ নাম স্বৰ্গীয় বানেশ্বৰ ডেকা আৰু মাকৰ নাম স্বৰ্গীয় পুহেশ্বৰী ডেকা।
           "মই দেৱতাৰ বাঁহী" আৰু "স্ৰোতস্বিনী" তেওঁৰ দুখন গীতৰ পুথি।পৰৱৰ্তি সময়ত এই দুয়োখনত সন্নিবিষ্ট নোহোৱা গীতসমূহ একত্ৰিত কৰি দুধনৈ শিল্পি সমাজে "মোৰ অনুভৱে অনুভৱে" নামেৰে অন্য এখন গীতৰ পুথি প্ৰকাশ কৰে।তেওঁ ২০১৫ চনৰ ২৬ অক্টোবৰত এক শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যুবৰণ কৰে।
           জিতেন ডেকা এগৰাকী জাতীয়তাবোধ ভাবাপন্ন ব্যক্তি আছিল।তেওঁৰ স্বদেশ আৰু স্বজাতিৰ প্ৰতি ভালপোৱা আছিল বাবেই লিখিছিল-
             ‌‌‌‌‌    অ' মোৰ দেশৰ মাটি
        ‌‌‌‌‌‌‌         সোণৰ দৰে খাটি
                 মোৰ দেশৰে মাটিত ফুলে
                 হীৰা সোণৰ গুটি।
          লাচিত,মূলা,কনকলতাৰ দৰে বীৰ-বীৰাঙ্গনা থকা অসমখন ক্ৰমশঃ কৰ্ম বিমুখতা আৰু আত্মকেন্দ্ৰিকতাই নিঃশেষ কৰা কথা উপলব্ধি কৰি লিখিছিল-
              ‌‌ এইখন লাচিতৰ দেশ
         ‌‌‌‌‌‌‌‌      এইখন মূলাৰ দেশ
               ক'ত শ্বহীদৰ মেজৰ বিনিময়ত
               পাইছো এইখন দেশ
               আমাৰ প্ৰিয় অসম দেশ।।
               শস্য-শ্যামলী ৰূপে অনুপমা
               আছিল এদিন আই
               কৰ্ম বিমুখ অসমীয়া জাতিৰ
               আগৰ গৌৰৱ নাই
               আত্মকেন্দ্ৰিক অলস  বীজাণুৱে
               অসমক কৰিছে নিঃশেষ
               ...................।।
      জীতেন ডেকাই জন্মভূমিক ভাল পাইছিল বাবেই তেওঁ মৃত্যুৰ পিছতো পুনৰ নিজ জন্মভূমিত জন্ম লোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে এনেদৰে-
               তোৰ গা চুই খাইছো শপত
               পুনৰ জন্ম ল'ম এই দেশতে
               আকাশৰ বুকুতে তৰাৰ দীপাৱলী
               পাতিম আকৌ মই এই মাটিতে।
         বহিৰাগতৰ কবলত পৰি অসমতেই অসমীয়া সংখ্যালঘু হোৱাৰ শংকা প্ৰকাশ কৰি লিখিছিল-�
      ‌‌‌‌‌‌‌        বোলো শুনিছানে নাই
              কলে অজগৰে
              অসমক গিলিব মূৰটোহে মাথো আছে বাকী
              যাওক অসম,যাওক অসমীয়া
               .........
               .........
               বোলো শুনিছানে নাই
               অসমতে অসমীয়া লয় পায় পায়
               কাৰ হেমাহীত অসমৰ মাটিতে
               অসমীয়া হ'ব সংখ্যালঘু সম্প্ৰদায়
               বোলো শুনিছনে নাই...।
          শোষন-বঞ্চনা মুক্ত অসম গঢ়িবলৈ ইচ্ছা প্ৰকাশ কৰি কৃষকসকলক প্ৰাধান্য দি তেওঁ লিখিছে-
                মই আকৌ আহিম দেশৰ বাবে
                আধৰুৱা স্বদেশ প্ৰেম পূৰ্ণ কৰিম
                আহি নতুন ভাবে।
                আকৌ আহিম আইৰ বুকুত
                নাঙলেৰে চহাম মাটি
                আকৌ সিঁচিম সোণালী ধাননি
                গঢ়িম দুৰ্বাৰ কৃষক জাতি.....।
     
                  ****-****-*****
                               কৰুণা দাস
                               স্নাতকোত্তৰ তৃতীয় ষান্মাষিক
                               অসমীয়া বিভাগ

সহায়ক গ্ৰন্থপঞ্জী


*-----*-----*----

১। ডেকা জিতেনঃ মই দেৱতাৰ বাঁহী,

                           স্ৰোতস্বিনী,
                            মোৰ অনুভৱে অনুভৱে

২। জিনাৰীৰ জোনাকী ঘা সম্পাদনা-পাঞ্চজন্য কৰুণা দাস (বাৰ্তা) 15:48, 15 February 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক