সদস্য বাৰ্তা:চুমি গগৈ1
বিষয় যোগ কৰক|
|
নমস্কাৰ, চুমি গগৈ1
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
|
-𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 07:49, 29 January 2022 (ইউ.টি.চি.)
দেওশাল
[সম্পাদনা কৰক]দেওশাল ( টাই ভাষাত হ'-ফী) আহোমসকলৰ এক উপাসনাস্থলী। আহোমৰ প্ৰথম স্থায়ী ৰাজধানী চৰাইদেউত স্বৰ্গদেউ চাওলুং চুকাফাই ১২৫৩ খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা দেওশালৰ প্ৰতিষ্ঠা কৰে। চৰাইদেউ পৰ্বতৰ শিখৰত সমূহীয়া উপাসনা স্থলী ৰূপে প্ৰতিষ্ঠিত দেওশাল এক ঐতিহ্যমণ্ডিত কীৰ্তিচিহ্ন। চৰাইদেউ জিলাৰ দ'ল বাগান অঞ্চলত এই কীৰ্তিচিহ্নটো অৱস্থিত। দেওশালত বৰ্তমানেও আহোম সম্প্ৰদায়ৰ লোকসকলে পৰম্পৰাগত ৰীতি-নীতিৰে বিভিন্ন পূজা-পাতল কৰি আহিছে।
ইতিহাস
[সম্পাদনা কৰক]চুকাফাই অসম আগমনৰ সময়ত দিখৌ আৰু দিহিঙৰ মাজ অংশত ঠিক ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে বৰাহীৰ লগতে চুতীয়াসকলো সিঁচৰতি হৈ আছিল। চুকাফাই ১২২৮ খ্ৰীষ্টাব্দত অসমত প্ৰৱেশ কৰি বিভিন্ন অঞ্চল জয় কৰাৰ লগতে বৰাহী ৰজা থাকুমথাক আৰু মৰাণ/মটক ৰজা বদৌচাক মিত্ৰভাৱে বশ কৰি বৰাহী-মৰাণৰ কুঁৱৰী চাৰিগৰাকীৰ লগত চকলং প্ৰথাৰে বিয়া কৰি মিত্ৰতা স্থাপন কৰি ১২৫৩ খ্ৰীষ্টাব্দত চৰাইদেউত স্থায়ী ৰাজধানী পাতে। নতুন ৰজাক উপহাৰ স্বৰূপে বৰাহী ৰজাই এই চৰাইদেউ পাহাৰত থকা তেওঁলোকৰ উপাসনা স্থলী "দেওঘৰত"টো অৰ্পণ কৰে। চুকাফাই দেওঘৰ থকা স্থানতে আহোম পুৰোহিতৰ হতুৱাই মাংগলিক অনুষ্ঠান সম্পন্ন কৰি "দেওশাল"স্থাপন কৰে। দেওশালৰ পূজা নিয়মিত ভাৱে পৰিচালিত কৰিবৰ বাবে চুকাফাই কিছুমান বিষয় পদৰো সৃষ্টি কৰিছিল। যেনে- দেওধাই বৰুৱা, দেওধাই ফুকন, বাইলুং ফুকন ইত্যাদি। সময় সলনি হোৱাৰ লগে লগে চৰাইদেউ ওচৰত জনবসতি বৃদ্ধি হৈ অহাৰ লগতে অন্যান্য ৰাজকীয় কাৰণত স্বৰ্গদেউ সকলৰ আদেশানুসাৰে মহামন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁঞিয়ে (এওঁ গৌৰী নাথ সিংহ (১৭৮০-১৭৯৫), কমলেশ্বৰ সিংহ(১৭৯৫-১৮১০), চন্দ্ৰকান্ত সিংহ(১৮১০-১৮১৭) খ্ৰীষ্টাব্দত) দিনত মন্ত্ৰী আছিল) দেওশালত স্থান পৰিবৰ্তনৰ বাবে আলোচনা কৰি ৰজা প্ৰজা সকলোৰে সন্মতিক্ৰমে লাকুৱা লৈ স্থানান্তৰিত কৰে ( আমলখি দেওশাল ৰূপে খ্যাত)। অৱশ্যে চৰাইদেউ দেওশাল ৰজাসকলৰ বাবে সংৰক্ষিত অৱস্থাতে আছিল।[1]
পূজা-পাতল
[সম্পাদনা কৰক]আহোমসকলৰ দেওশালত আহোমসকলৰ ধৰ্মীয় সভা বা শক্তিসমূহৰ উপৰিও থলুৱা সকলো জনগোষ্ঠী আৰু হিন্দুৰ দেৱ-দেৱীৰ পূজা কৰা হৈছিল। দেওশালত সম্পাদন হোৱা বিভিন্ন অনুষ্ঠান বা পূজা, যেনে বিকখন, ওমফা, মে-ডাম-মে-ফী আদি পূজাত গৰু, ম'হ, গাহৰি, হাঁহ, পাৰ, কুকুৰা আদি জীৱ জন্তু বলি দিয়া হয়। আহোম পৰম্পৰাত বলি দিবৰ বাবে ‘বলিমৰা’ খেল আছিল। তাই আহোম পৰম্পৰাত দেও পূজাৰ বাবে উদ্গা কৰা হাঁহ কুকুৰা আদি মন্ত্ৰপূত কৰি মুচৰি অথবা টঙনিয়াই মৰাৰ প্ৰথাহে আজিও প্ৰচলন হৈ আছে।[2][3]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]১/ সম্পাদক: সৰ্বানন্দ ৰাজকুমাৰ. ইতিহাসে সোঁৱৰা ছশটা বছৰ. বনলতা.
২/কাশীনাথ তামূলী. আসাম বুৰঞ্জী. ৩/পৰানন কোঁৱৰ (জুন ২০২০). প্ৰবন্ধৰ নাম "দেওশালৰ ইতিহাস". প্ৰান্তিকত প্ৰকাশিত. চুমি গগৈ1 (বাৰ্তা) 13:56, 13 February 2022 (ইউ.টি.চি.)
