সমললৈ যাওক

সদস্য বাৰ্তা:জ্যোতিষ্ক বৰুৱা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

AdoroniBot (বাৰ্তা) 09:27, 24 October 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

জ্যোতিষ্ক বৰুৱা

[সম্পাদনা কৰক]

জ্যোতিষ্ক বৰুৱাৰ সম্পাদনাৰ ইতিহাস চাব, বহুতো গুৰুত্বপূৰ্ণ পৃষ্ঠত গৈ পৃষ্ঠাৰ সৈতে সম্পৰ্ক নথকা ব্যক্তিগত লেখা যোগ কৰি আছে। একেই লেখা বিভিন্ন প্ৰবন্ধৰ মাজত কপি-পেষ্ট কৰি আছে। বহু কেইজনে পুনৰ সম্পাদনা কৰাৰ পিছতো তেওঁ আকৌ পৃষ্ঠাবোৰৰ মাজত সোমাই গৈ সেই একেই কাৰ্য কৰি আছে। ~ কন্দৰ্পজিৎ কল্লোল 21:04, 18 November 2024 (ইউ.টি.চি.)

User Page (সদস্য পৃষ্ঠা)

[সম্পাদনা কৰক]

সদস্য পৃষ্ঠাত আপুনি নিজৰ বিষয়ে লিখিব পাৰে, নিজৰ অনুভৱ লিখিব পাৰে। কিন্তু ৱিকিপিডিয়াৰ নিয়ম অনুসৰি কোনো ৰাজনৈতিক দলৰ সপক্ষে বা কোনো ধৰ্মৰ সপক্ষে ব্যক্তিগত অভিমত প্ৰকাশ কৰি প্ৰৱন্ধ লিখিব নোৱাৰে। ৱিকিপিডিয়াৰ প্ৰৱন্ধসমূহত পাৰাপক্ষত তথ্যসূত্ৰ যোগ দিব লাগে, তাৰোপৰি প্ৰৱন্ধসমূহ নিৰপেক্ষ হোৱা বাঞ্ছনীয়। ধন্যবাদ। ~ কন্দৰ্পজিৎ কল্লোল 13:46, 22 November 2024 (ইউ.টি.চি.)

নামৰূপত প্রথম বোলছবি নির্মাণ কৰা চাহ জনগোষ্ঠীয় লোক সকলৰ মাজৰ প্ৰথম জন ব্যক্তি তথা যুৱ শিল্পী মংগল নায়কৰ বিষয়ে একলম...

[সম্পাদনা কৰক]

নামৰূপত প্রথম বোলছবি নির্মাণ কৰা  চাহ জনগোষ্ঠীয় লোক সকলৰ মাজৰ প্ৰথম জন ব্যক্তি তথা যুৱ শিল্পী মংগল নায়ক ৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি সাংস্কৃতিক ক্ষেত্রৰ এক অপূর্ব সমাহাৰ তথা সমন্বয়েৰে পৰিপুষ্ট অসমৰ ডিব্ৰুগড় জিলাৰ নামৰূপ অঞ্চল । এই নামৰূপতেই কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, প্রযোজক, পৰিচালক মংগল নায়ক, কণ্ঠশিল্পী বর্ণালী কলিতা, যোগেশ ফুকন,পলাশ ফুকনকে ধৰি বহু স্বনামধন্য শিল্পীৰ জন্ম হৈছে ।

          প্রকৃতিৰ অচাক্ষুষ আহ্বানৰ শুভ ক্ষণতে আদিবাসী চাহ জনগোষ্ঠী সমাজৰ সন্তান নামৰূপ চাহ বাগিচাত পিতৃ মহিন্দ্ৰ (চমৰা) নায়কৰ ঔৰসত আৰু মাতৃ শান্তি নায়কৰ গৰ্ভত অসমৰ বহুমুখী প্রতিভা সম্পন্ন এইজন  দৰদী শিল্পী  মংগল নায়কৰ জন্ম হয় । অসমৰ আদিবাসী চাহ জনগোষ্ঠীসকলো কলা- কৃষ্টি, সংস্কৃতিৰ ক্ষেত্ৰত অতিকৈ চহকী  মেটমৰা ভঁৰাল স্বৰূপ। সংস্কৃতিক ঐতিহ্যমণ্ডিত কৰি তুলিবৰ বাবেই যেন মংগল নায়কৰ জন্ম হৈছিল। বিভিন্ন সময়ত বিভিন্ন অভাৱ-অনাটনৰ ওচৰত কেতিয়াও হাৰ মানিব নিবিচৰা নেৰানেপেৰা প্ৰচেষ্টাৰ ফলস্বৰূপে ভৱিষ্যতে শিল্পী হোৱাৰ সপোন দেখা মংগল নায়কে এদিন দিঠকত পৰিণত কৰিলে । পঢ়ি থকা- অৱস্থাতে নামৰূপৰ সংগীত মহাবিদ্যালয়ত নামভর্তি কৰে আৰু গুৰু লক্ষ্যধৰ চৌধুৰীৰ সান্নিধ্যত সংগীতৰ শিক্ষা আৰম্ভ কৰে।

নামৰূপ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মংগল নায়কে মেট্ৰিকৰ দেওনা সুখ্যাতিৰে পাচ কৰাৰ পাছত গুৱাহাটী বি. বৰুৱা মহাবিদ্যালয়ত কলা শাখাত নামভর্তি কৰে ।

গুৱাহাটীতে থাকি মংগল নায়কে পুনৰ সংগীত গুৰু নন্দ বেনাৰ্জীৰ ওচৰত সংগীতৰ শিক্ষা আৰম্ভ কৰিবলৈ লয় । সংগীতৰ লগতে  নিজৰ শৈক্ষিক তথা অধ্যয়ণৰ দিশটোও সমান্তৰাল ভাৱে আগবঢ়াই নিবলৈ সক্ষম হোৱা মংগল নায়কে স্নাতক ডিগ্রীও লাভ কৰে । ডিগ্রী লাভ কৰাৰ পিছত উচ্চ শিক্ষাৰ বাবে মংগলে কটন কলেজিয়েটত স্নাতকোত্তৰ ডিগ্রীৰ বাবে নামভর্তি কৰে।  সেই সময়চোৱাত  গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰি সুনাম অর্জন কৰিবলৈ সক্ষম হয় । ইয়াৰ লগতে  সমসাময়িকভাবে মংগল নায়কে গুৱাহাটী দূৰদর্শন কেন্দ্র, গুৱাহাটী অনাতাঁৰ কেন্দ্র আৰু নগাওঁ অনাতাঁৰ কেন্দ্ৰত গীত পৰিৱেশন কৰে। পর্যায়ক্রমে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত চাহ শ্রমিকৰ আঁচৰ" অনুষ্ঠানত প্রায় ৫ বছৰৰো অধিক কাল ঘোষক হিচাপে কাম কৰে ।

মংগল নায়ক সংগীত চর্চাৰ লগতে সমান্তৰালকৈ লিখা মেলাতো  একান্ত অনুৰাগী আছিল। "সাদিন" বাতৰি কাকত, "দৈনিক জনমভূমি"ৰ লগতে অসমৰ বিভিন্ন আলোচনীত তেখেতৰ চুটি গল্প, কবিতা আদি প্রকাশ পাইছে । আনহাতে, সাদিন বাতৰি কাকতত "চাহ  বাগিচাৰ জীৱন " শিতানত প্রায় দুবছৰ ধৰি সাংবাদিক হিচাপে কৰ্মৰত হৈ আছিল । চুটি গল্প লিখাৰ বাবে মংগল নায়কে সাদিন বাতৰি কাকতৰ পৰা "গল্পকাৰ হিচাপেও স্বীকৃতি লাভ কৰি আহিছে ।

২০০০ চনত মংগল নায়কে অসমীয়া ছবি জগতত ভুমুকি মাৰে । অশোক শৰ্মাই নির্মাণ- কৰা "ঘৰ সংসাৰ" নামৰ ছবিখনত আইচুংফা বৰুৱাৰ লগত নায়কৰ ৰূপত অভিনয় কৰে ।

তাৰ পাছত দেবাৰু উৰাংৰ "বোনাছ", বলদেৱ নাগৰ "বাদল ঢাকা চান্দ" আদি ছবিত অভিনয় কৰে। সিমানতে ক্ষান্ত নাথাকি মংগল নায়কে নিজে চিনেমা নিৰ্মাণৰ পৰিকল্পনা কৰে । প্রথমবাৰ "আইনা" নামৰ এক পূর্ণদৈর্ঘ্যৰ ছবি নির্মাণ কৰি ছবিখনত কণ্ঠদানৰ আৰু অভিনয়ৰ লগতে কাহিনী, সংলাপ, চিত্রনাট্য, প্রযোজনা আৰু পৰিচালনাৰ দায়িত্বত নিজে পূৰ্ণ ভূমিকা পালন কৰে  । তাৰ পিছত তেখেত একেধাৰে "আখড়া মে বাজে  ঢল", আঁখিয়া, লালচুনাৰিয়া, ধোঁৱা, কালা যাদু, সুন্দৰ চেহেৰা (এলবাম), নিস্তব্ধ (দুই মিনিটৰ ছবি), দিৱানা দিল (এলবাম) মালতী, মহিমা (হিন্দী এলবাম), কৰুনাৰ ওপৰত আধাৰিত দুখন ছুটি-ছবি আছি নির্মাণ কৰে।

বোলছবি জগতখনত সমান্তৰালকৈ মংগল নায়কে এন. কে প্ৰডাকচনৰ পৰদেশী বাবু, ৱেভ নিবেদিত  দিলৰুবা, কৃষ্ণমণি চুতীয়াৰ লালপাড়ী, চলগৰী দ্বিতীয়, তিলক নেবাৰৰ মেম চাহাব, জে.ডি.ৰ চামেলী - আদি জনপ্রিয় এলবাম বিলাকত গীত ৰচনা কৰিছে আৰু সুৰ দিছে । আৰু তেখেতে লিখা গীতৰ ইতিমধ্যে কন্ঠ নিগৰাইছে জুবিন গার্গ, কৃষ্ণমণি চুতীয়া, সীমান্ত শেখৰ, বর্ণালী কলিতা, চয়নিকা ভূঞাঁ,  তুষাৰ অর্জুন আদি স্বনামধন্য শিল্পীসকলে।

বর্তমান মংগল নায়ক আদিবাসী চাহ জনগোষ্ঠীয় ভাষাৰ ছবি গুমৰাহ, পাঞ্জা খিলাড়ীৰ ছুটি ছবিৰ নিৰ্মাণৰ কামত ব্যস্ত হৈ আছে । ২০২১ চনত মংগল নায়কে শিল্পী কৰ্মৰ বাবে অসম চৰকাৰৰ সাংস্কৃতিক আৰু পৰিক্রমা বিভাগৰ পৰা "শিল্পী বঁটা" লাভ কৰিবলৈ সক্ষম হৈছে ।

অসমীয়া সংস্কৃতিৰ জগতখনলৈ অনবদ্য আগবঢ়াই অহা মংগল নায়ক বৰ্তমান নগাওঁ জিলাৰ বাসিন্দা যদিও জন্ম ঠাই নামৰূপৰ প্ৰতি আছে অগাধ ভালপোৱা ৷ নামৰূপৰ মানুহ লগ পালেই মানুহ জন হৈ পৰে আপোন পাহৰা ৷ অঞ্চলটোৰ মানুহৰ খৱৰ,যুৱ প্ৰজন্মৰ শিক্ষাৰ অগ্ৰগতি তথা বিভিন্ন দিশত আপোন ঠাই নামৰূপৰ খৱৰ বতৰা লৈ সুখ অনুভৱ কৰে ৷  সাংস্কৃতিক দিশত সংস্কৃতিৰ চেতনাৰ মন এটি লৈ বৰ্তমানেও বিভিন্ন দিশত অধিক কাল সময় কটাই  ভাৱনাত উৎপন্ন সৃষ্টিক গতিশীল মাত্ৰাৰে এক ৰূপ দিয়াৰ ক্ষেত্ৰত কঠোৰ  চিৰ-সাধনাত ব্ৰতী ৷ সফলতাৰ মাপ-কাঠিৰে "সাফল্যৰ এখোজ" দিশেৰে ধাৱমান হৱ খুজা সমগ্ৰ  নামৰূপ অঞ্চলৰে গৌৰৱ মংগল নায়কৰ অগ্ৰণী ভূমিকা আৰু অৱদানখিনি  সাৰ্থক হওক ৷ শেষত তেখেতৰ সুন্দৰ সুস্বাস্থ্য আৰু শতবৰ্ষীয়া আয়ুসে জীৱনটো গৰকি যাওক তাৰেই কামনাৰে ভগৱানৰ চৰণত সেৱা জনাইছোঁ ৷

✍ জ্যোতিষ্ক বৰুৱা জ্যোতিষ্ক বৰুৱা (বাৰ্তা) 08:53, 28 November 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

অসমৰ মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হৈ অনুভৱী একলম... ✍️

[সম্পাদনা কৰক]

অসমৰ মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হৈ অনুভৱী একলম... ✍️

(এটি চমু প্ৰৱন্ধ)

ৰাজনৈতিক ক্ষেত্ৰখনত নিজৰ কৰ্ম দক্ষতা, বিচক্ষণতাৰ জৰিয়তে কেৱল অসমতেই নহয় সমগ্ৰ দেশখনতে এক চিনাকী নাম অসমৰ মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া।  যিজন ব্যক্তিয়ে নিজৰ সক্ৰিয় কাৰ্যপন্থাৰে দেশখনত নিজৰ নাম জনপ্ৰিয়তাৰ শিখৰলৈ তুলি ধৰি জনতাৰ মাজত বুকুত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান ৰাজনৈতিক মঞ্চ খনত উত্তৰ-পূৰ্বাঞ্চলৰ  ৰাজনীতিৰ চানক্য নামে খ্যাত সন্মানীয় মুখ্যমন্ত্রী ডাঙৰীয়াই বৰ্তমান নিজকে দেশবাসীৰ সন্মূখত এজন জনপ্ৰিয় নেতা ৰূপে জিলিকাই তুলিবলৈ সক্ষম হৈছে।  যি জন ব্যক্তিৰ কৰ্ম, অভিনৱ-চিন্তা, উদ্যমীতাৰ নিভাঁজ সানিধ্যত বৰ্তমান অসম তথা উত্তৰ-পূৰ্বাঞ্চলে উন্নয়ন আৰু বিকাশৰ ধাৰাৰে এক নতুন দিশেৰে গতি কৰিছে। অসমৰ এজন সুযোগ্য সন্তান হিচাপে ৰাজ্যখনক সৰ্বাংগীন সুন্দৰ কৰি তোলাৰ প্ৰচেষ্টাৰে যেন তেখেতৰ চেষ্টাৰ কোনো ক্ৰটি নাই। এই ক্ষেত্ৰত ৰাজ্যখনৰ ভিতৰত উজনি অসমৰ প্ৰধান চহৰ ডিব্ৰুগড় খনক এক আটক ধুনীয়া সু-প্ৰসিদ্ধ মহানগৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াসৰ লগতে ৰাজ্যখনৰ দ্বিত্বীয় খন ৰাজধানী হিচাপে গঢ়ি তোলাৰ সংকল্পৰে মিনি সচিবায়লয়কে ধৰি ডিব্ৰুগড় বিমান বন্দৰক এক আন্তৰাষ্ট্ৰীয় বিমান বন্দৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ কাম হাতত লৈছে। ডিব্ৰুগড়ৰ দৰে ঐতিহাসিক বুৰঞ্জী প্ৰসিদ্ধ চহৰখনক এক নতুন ৰূপেৰে গঢ়াৰ মানসিকতাৰে অভিনৱ পন্থা হাতত লৈছে। ডিব্ৰুগড় জিলা খনত থকা আহোম যুগৰ ময়ডাম সমূহ, দৌল, দেৱালয় পুখুৰী আদি সংৰক্ষণকে ধৰি আহোম যুগৰ তিপাম অঞ্চলৰ দেওশালি থানক এক বিশেষ আকৰ্ষণীয় পৰ্যটন স্থলী ৰূপান্তৰ কৰাত বাস্তৱতাৰ সঠিক দিশৰ প্ৰকাশ ঘটিছে। লগতে চৰাইদেউ  জিলাৰ চৰাইদেউ ময়দাম স্থলীক আন্তৰাষ্ট্ৰীয় পৰ্যটন স্থলীৰে মৰ্যদাপূৰ্ণ বিশ্বৰ আকৰ্ষণীয় কেন্দ্ৰবিন্দু ৰূপে উত্থান আনিবলৈ সৰ্বতো প্ৰকাৰে সক্ষম হৈছে। অসমৰ বিভিন্ন জিলা সমূহত যুগ-যুগান্তৰৰ পৰা থকা পুৰনি-কলীয়া  কিৰ্তীচিহ্ন বোৰ সংৰক্ষণৰ লগতে ইয়াৰ স্থলীৰে সুন্দৰ ৰূপত গঢ়ি তোলাত তেখেতৰ নেতৃত্বত আৰু নেতৃত্বাধীন চৰকাৰখনে অহোপুৰুষাৰ্থ কৰি আহিছ।

তাৰোপৰি তেখেতৰ চিন্তাৰ মাপকাঠিৰে অসমত শিক্ষা খণ্ডৰ মানদণ্ড  সঠিক দিশেৰে লৈ যোৱাৰ প্ৰয়াসেৰে যথেষ্ট ভূমিকা পালন কৰি আহিছে। জিলা সমূহত মেডিকেল কলেজ স্থাপনৰ লগতে বিভিন্ন পাঠ্যক্ৰম সংযোজন, অন্যান্য স্কুল, কলেজ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বহুখিনি কাম কৰি আহিছে।

তাৰ লগতে যাতায়াত, উদ্যোগিক, বানিজ্যিক,

স্বাৱলম্বীতাৰ দিশ সমূহত প্ৰয়োজনীয় মাত্ৰা প্ৰদান কৰিছে।

ইয়াৰ ওপৰিও এডভাণ্টেজ আছাম ২.০ৰ জৰিয়তে ছেমিকণ্ডাক্টৰ, ডীপ টেকন'লজী, আন্তঃগাঁথনি আৰু নিৰ্মাণ আদি খণ্ডত ৰাজ্যৰ বৰ্ধিত সম্ভাৱনাৰ দিশৰ লগতে উন্নত উদ্যোগ আৰু উদ্ভাৱনৰ দিশত অসমক এক উদীয়মান কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠাৰ বাবে বিভিন্ন বৈদেশিক ৰাষ্ট্ৰৰ লগত নিয়োগ-বিনিয়োগ নীতিৰে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলকেই দেশৰ ভিতৰতে সুউচ্চ ৰূপত জিলিকাই তোলাৰ ক্ষেত্ৰত হাত উজান দিছে আৰু ইতিমধ্যে অন্য উন্নত কিছু বৰ্হি ৰাষ্ট্ৰ সমূহৰ পৰা বিশেষ ভাৱে সহাৰি লাভ কৰিছে।

অসম তথা অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ লক্ষ্যৰে ভূমি নীতি গ্ৰহন কৰি "মিছন বসুন্ধৰা"ৰ জৰিয়তে খিলঞ্জীয়া সকলক ভূমি পট্টা প্ৰদানত তেখেতে অত্যন্ত সুন্দৰ ভূমিকা পালন কৰি আহিছে। স্বৰ্গদেউ চুকাফাৰ অতীতৰ "বৰ অসম" গঢ়াৰ সপোনক যেন পুণৰ উজ্জ্বীৱিত কৰি তাক বাস্তবায়িত কৰাৰ যেন লক্ষ ৰাখি তেখেতে ৰাজ্যখনৰ হকে দিনে-নিশাই কাম কৰাৰ অযুত সংকল্প গ্ৰহন কৰিছে।

অসমৰ এজন অসমীয়া হিচাপে জাতিটোক পুণৰ সুন্দৰ ৰূপত প্ৰতিষ্ঠা কৰাত তেখেতে ৰাজ্যখনৰ বিভিন্ন দিশত বিকাশ আৰু উন্নয়নৰ বীজ সংৰোপন কৰি বিশাল ৰূপত দেশৰ বুকুত চিৰদিনৰ বাবে উজলাই খুজেছে। যি বীজৰ ফচলে দেশৰ ভিতৰতে অত্যন্ত জাকত জিলিকা হৱ। তেখেতৰ কৰ্ম, দক্ষতা, চিন্তাৰ পৰিধি, বাকপটুতা,কৰি যোৱা কৰ্মৰ নিদৰ্শনৰ চানেকি প্ৰতিজন অসমবাসীৰ বাবে হওক এক অনুকৰণীয় প্ৰচেষ্টা। নল মৰি গঁজালি ওলোৱাৰ দৰে তেখেতে জাতিটোৰ বাবে কৰি যোৱা কৰ্মৰাজিৰ নিদৰ্শন বোৰ হওক সকলোৰে বাবে এক উৎকৃষ্ট নিদর্শনৰ সফল নমূনা।

       ✍️ জ্যোতিষ্ক বৰুৱা

              নামৰূপ/অসম । জ্যোতিষ্ক বৰুৱা (বাৰ্তা) 21:56, 13 February 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক