সদস্য বাৰ্তা:দীপকঠাকুৰীয়া

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ধন্যবাদ

.

গাৰো সংস্কৃতিত বোৰাং[সম্পাদনা কৰক]

গাৰো সংস্কৃতিত বোৰাং লেখক এডৱাৰ্ড ষ্টেডী এন্ চাংমা

  মাতৃ সুত্ৰীয় পৰম্পৰাৰ অধিকাৰী গাৰোসকল উত্তৰ পূৰ্বাঞ্চল তথা ভাৰতৰ ভিতৰত অন্যতম উল্লেখযোগ্য জনজাতি । মাতৃগোত্ৰীয় সমাজ ব্যৱস্থাৰ অনুগামী গাৰোসকলৰ সাংস্কৃতিক বৈশিষ্ট্যও সুকীয়া ।  সামাজিক ৰীতি-নীতি, সমাজ ব্যৱস্থাৰ বিচিত্ৰ ৰুপ, উৎসৱ-অনুষ্ঠান, বিবাহ পদ্ধতি, চাল-চলন, আচাৰ-ব্যৱহাৰ, সাজপোছাক, কৃষি পদ্ধতি সকলোতে গাৰোসকলৰ সাংস্কৃতি বৈচিত্ৰৰে ঐতিহ্য সমৃদ্ধ এক বিশুদ্ধ মনৰ পৰিচয় পোৱা যায় ।
    গাৰোসকলে নিজকে 'আছিক মান্দে' (A CHIK MANDE) বুলি জগতত পৰিচয় দি ভাল পায় । তেওঁলোকে নিজৰ মাজত GARO শব্দৰ প্ৰয়োগ প্ৰায় নকৰেই । তেনে দিশৰ পৰা GARO শব্দৰ প্ৰয়োগ অৰ্বাচীন যেন অনুভৱ হয় । অসমত দক্ষিণ কামৰুপ আৰু গোৱালপাৰা জিলাতেই সৰ্বাধিক ভাবে গাৰোসকলৰ বসবাস দেখা যায় । অৱশ্যে কাৰ্বি আলং জিলাৰ বালিপথাৰ আৰু বিথুং এন এ চি সমষ্টিৰ সাতগাওঁ অঞ্চলতো অবিকাংশ গাৰোলোকে বসবাস কৰে । ইয়াৰ উপৰিও অসমৰ বঙাইগাঁও, শোনিতপুৰ, সোনাপুৰ, চন্দপুৰ, শিৱ সাগৰ, ডিব্ৰুগড়, দৰং আৰু বড়োলেণ্ডৰ অনেক ঠাইত গাৰোসকলে বাস কৰে । 

গাৰোসকলৰ মূল বাসভূমি বুল ক'বলৈ গ'লে কাজেই মেঘালয়ৰ গাৰোপাহাৰৰ কথা উল্লেখ কৰিবই লাগিব । তদুপৰি বাংলাদেশৰ মৈমন সিং আৰু চিলেট জিলাৰ লগতে ভাৰতবৰ্ষৰ পশ্চিম বংগ নাগালেণ্ড মনিপুৰ আৰু ত্ৰিপুৰা ৰাজ্যতো গাৰোসকলৰ বসতি দেখা যায় । আজি এই গাৰো জনজাতি সকলৰ সংস্কৃতিত বিশেষ ভাৱে স্থান পোৱা বোৰাঙৰ কথাকে চমুকৈ আলোচনা কৰিবলৈ লোৱা হৈছে ।

    গাৰো ভাষাৰ  'BO-RANG' (বোৰাং) শব্দৰ ইংৰাজী অৰ্থ হৈছে 'A Tree-top watchnig house' আনহাতে, গাৰো 'BURANG' শব্দৰ অৰ্থ হৈছে Jungle Forest wood, wilds. BURUNG শব্দ দুটাৰ মাজত ব্যুৎপত্তিগত অৰ্থ হিচাপেও হয়তো ওচৰ সম্পৰ্ক আছে ।  এককথাত অসমৰ ভৈয়ামৰ জনজাতীয় সংস্কৃতিত ব্যৱহৃত 'টঙীঘৰ'ৰ স'তে 'বোৰাঙ'ক তুলনা কৰিব পাৰি ।

BO.RANG (বোৰাং) সাধাৰণতে BURUNGত সজা হয় । BURUNG মানে হ'ল জংগল । গাৰো সকলে যিহেতু পাহাৰীয়া ঠাইতহে বাস কৰে, সেই বাবে জীৱিকাৰ বাবে কৃষি ভূমিৰ উপযোগী স্থল হিচাপে তেওঁলোকে পাহাৰৰ ওখ ওখ ঠাইজেৰ গাৰো সকলে ঢাপ কাটি-কাটি পানী কিছু পৰিমাণে ৰৈ যাব পৰাকৈ, পথাৰ সদৃশ কৰি খেতিৰ বাবে সজাই লয় । এনে কৃষিপদ্ধতিক 'জুমখেতি' বুলি কোৱা হয় । গাৰোসকলে ইয়াক 'আআ-চাআ' বুলি কয় । এই সময়তেই তেওঁলোকে জুমখেতি সৰ্বাংগীন উন্নতিৰ বাবে বছৰৰ আৰম্ভণীতেই শস্য সিচাঁৰ আগে আগে 'আগাল-মাকা' উৎসৱ উদযাপন কৰে । পৰ্বত পাহাৰৰ হাবি-বননি কাটি সেইবোৰ শুকোৱাৰ পিছত জুই লগাই কৃষিস্থলী চাফ কৰি জুম খেতিৰ বাবে আগবঢ়া হয় । এই সময়ছোৱাত 'আগালমাকা' উৎসৱ পালনৰ মুল হ'ল- কৃষি ক্ষেকৰ্মৰত্ৰত হ'ৱ পৰা অপায় অমঙ্গল দূৰ কৰা এই উৎসৱৰ মতে সংগতি ৰাখি গাৰোসকলে 'আছিৰোকা' গীত পৰিবেশন কৰে । গীতৰ লগত নৃত্য ম'ততে জড়িত হয় । এই উৎসৱৰ সামৰণিৰ পিছত জুমখেতিৰ শস্যৰ বীজ সিঁচা হয় । দীপকঠাকুৰীয়া (talk) 06:31, 3 জুলাই 2015 (UTC)