সমললৈ যাওক

সদস্য বাৰ্তা:ধনমনি ডেকা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
Latest comment: 3 বছৰৰ পূৰ্বে by AdoroniBot

AdoroniBot (বাৰ্তা) 10:09, 14 October 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

Home > Opinion > Articles and Features


দৰঙৰ বহাগমহীয়া দেউল

[সম্পাদনা কৰক]

মহাবিষুৱ সংক্রান্তিৰ পৰা পালন হয় অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহু৷ এই সময়ত প্রকৃতিৰ ৰং চৰে৷ বৃক্ষ-লতা, পত্রে-পুষ্পে সুশোভিত হয়৷ প্রকৃতিৰ ৰাজ্য ৰং-ৰহইচেৰে উথলি উঠাৰ লগে লগে মানুহৰো হিয়া-মন ৰঙেৰে উপচি পৰে৷ হুঁচৰি, বিহুগীতৰ ৰোল উঠে৷ পঞ্জাবৰ বৈশাগী, বংগৰ চড়ক পূজা, কোচবিহাৰৰ বাঁশ পূজা, কামৰূপৰ ভথেলিৰ দৰে মঙলদৈ তথা দৰঙৰ বহাগমহীয়া দেউল উৎসৱ এই সময়ৰে বসন্তোৎসৱসমূহৰ অন্যতম৷

দৰঙৰ দেউল উৎসৱ মূলতঃ বিষ্ণু পূজাৰ আয়োজন৷ ই দৰঙৰ স্বকীয় ঐতিহ্যৰ স্বাক্ষৰ বহন কৰি প্রায় একাদশ শতিকাৰ পৰাই নিৰৱচিছন্নভাৱে বর্তমানো চলি আছে৷ বৈশিষ্ট্যপূর্ণ এই দেউল উৎসৱৰ লগত মঙলদৈ আৰু দৰং এই শব্দ দুটাৰ ঐতিহ্যও মন কৰিবলগীয়া৷ পূর্বৰ কোচ ৰজাসকলৰ ৰাজত্ব কালত সমগ্র শোণিতপুৰৰ পৰা বর্তমান মঙলদৈলৈকে দৰং ৰাজ্য বোলা হৈছিল৷ পাছত ব্রিটিছসকলে শাসনৰ সুবিধাৰ বাবে মঙলদৈ আৰু তেজপুৰ মহকুমাক সামৰি দৰং জিলা নামকৰণ কৰিলে৷ পুৰণি দৰংখন সম্প্রতি দৰং, ওদালগুৰি, শোণিতপুৰ জিলা হিচাপে ঘোষণা কৰা হ’ল৷ সি যি কি নহওক, বর্তমানৰ দৰং জিলাখনেই কোচ ৰাজত্বৰ সময়ত দৰং ৰাজ্য ৰূপে জনাজাত আছিল৷

শাস্ত্রত কোৱা আছে যে বহাগ মাহ বিষ্ণুৰ অতি প্রিয় মাহ৷ এই কাৰণেই সম্ভৱতঃ বিষ্ণুভক্ত দৰঙী ৰজাসকলৰ পৃষ্ঠপোষকতাত প্রাচীন কালৰে পৰা দৰং অঞ্চলত দেউল উৎসৱ পালন কৰি অহা হৈছে৷ দৈৱজ্ঞ ব্রাহ্মণ কবি সুচণ্ডাই ৰচিত ‘শিয়ালা বৈষ্ণৱ চৰিত্র’ত এই উৎসৱৰ আৰম্ভণি সম্পর্কে কিছু বর্ণনা আছে৷ একাদশ শতিকাত প্রখ্যাত শিয়ালা বৈষ্ণৱৰ পিতৃ ধর্মদেৱে বিপ্র ভূঞাই ছিপাঝাৰ অঞ্চলৰ বৰাবাৰী গাঁৱত সত্র পাতি বাস কৰিছিল৷ তেখেত অতি শাস্ত্রজ্ঞ আৰু ধর্মপ্রাণ ব্যক্তি আছিল৷ তেখেতে ধর্ম চিন্তা-চর্ৰ জৰিয়তে মানুহৰ মনত ধর্মীয় ভাব জগাই তুলিবলৈ চেষ্টা কৰিছিল৷

ধর্মদেৱ বিপ্রভূঞা নামৰ এইজন শাস্ত্রজ্ঞ পণ্ডিতেই প্রায় একাদশ শতিকাতে পোনপ্রথম ছিপাঝাৰ অঞ্চলৰ বৰদৌলগুৰিত বিষ্ণু পূজাৰ জৰিয়তে দেউল উৎসৱৰ পাতনি মেলে৷ শাস্ত্রৰ নির্দেশৰ প্রতি শ্রদ্ধা আৰু বিশ্বাস ৰাখি মঙলদৈৰ হিন্দুসকলে বহুকাল পূর্বৰে পৰা গোটেই বহাগজুৰি বিষ্ণু পূজা কৰি আহিছে৷ এই পূজা বিভিন্ন দিনত বিভিন্ন স্থানত অনুষ্ঠিত হয়৷ মঙলদৈৰ বহাগমহীয়া বিষ্ণু পূজা দৌলযাত্রাৰ বিধিৰে কৰা হয় বাবে ইয়াৰ নাম দেউল৷

দৰং জিলাৰ হিন্দুঘোপা মৌজাৰ অন্তর্গত বর্তমানৰ বৰদৌলগুৰিৰ পুৰণি নাম বৰাবাৰী৷ এই বৰাবাৰী গাঁৱতে ধর্মপ্রাণ মহন্ত ধর্মদেৱ বিপ্রই এখন সত্র স্থাপন কৰি ধর্মচর্ কৰিছিল৷ সেই সত্র বর্তমান ‘পোৰাসত্র’ নামেৰে জনাজাত৷ এই ধর্মদেৱ বিপ্রই এটি প্রাপ্ত বিষ্ণুমূর্তি প্রতিষ্ঠা কৰি ৰাজহুৱাভাৱে পূজিবৰ অর্থে সত্রৰ নাতিদূৰৈত ঈশান কোণত বৰ ওখকৈ মাটিৰ ঢাপ বান্ধিছিল আৰু বহাগত ওপৰত বিষ্ণু মূর্তি প্রতিষ্ঠা কৰি পূজাৰ আয়োজন কৰিছিল৷ ধর্মদেৱ বিপ্রৰ সময়ৰ দশম শতিকাৰ আদিভাগ বুলি ঠাৱৰ কৰা হৈছে৷ গতিকে বিষ্ণু পূজাক কেন্দ্র কৰি আৰম্ভ হোৱা এই দেউল উৎসৱ দশম শতিকাৰ আদিভাগৰ কোনো এটি বহাগৰ ১লা তাৰিখৰ পৰা আৰম্ভ হোৱা বুলি ক’ব পৰা যায়৷ বৰ ওখকৈ দল বান্ধি এই উৎসৱ পালন কৰা হৈছিল কাৰণে ইয়াক ‘বৰদৌল’ বোলা হৈছিল আৰু আজিও এই ঠাইৰ নাম বৰদৌলগুৰি বুলি জনাজাত৷

‘তাহাম ঈশানে এক দৌলক বান্ধিলা৷

বৰদৌল নাম হুৱা অদ্যপিও ৰৈলা৷৷’

ধর্মদেৱ বিপ্রই আৰম্ভ কৰা সেই দেউল উৎসৱৰ পৰম্পৰা ৰক্ষা কৰি সেই তেতিয়াৰ পৰাই বর্তমানলৈ প্রতিবছৰে বহাগ মাহৰ ১লা তাৰিখে এই ঠাইত দেউল উৎসৱ মহা সমাৰোহেৰে পালন কৰি অহা হৈছে আৰু সম্ভৱতঃ পাছলৈ এই ‘বৰদৌল’ক অনুকৰণ কৰি বহাগ মাহৰ এটা দিনো বাদ নপৰাকৈ প্রতিদিনে দৰঙৰ বিভিন্ন ঠাইত দেউল উৎসৱ কিছুমানত দৰঙী কলা-কৃষ্টিৰ অন্যতম কৃষ্টি ঢেপা ঢুলীয়া, সুকন্ন্যানি ওজাপালি আৰু কিছুমানত ব্যাসৰ ওজাপালি উৎসৱমুখৰ পৰিৱেশনে দেউল উৎসৱসমূহক অধিক আকর্ষণীয় কৰি তোলা দেখা যায়৷ ই মূলতঃ বিষ্ণু পূজা হ’লেও বর্তমান ই বেপাৰ-বাণিজ্য আৰু ব্যৱসায়ৰ বিৰাট মেলা হৈ পৰিছে৷ হেজাৰ-বিজাৰ লোকৰ স্বতঃস্ফূর্ত উৎসৱত পৰিণত হোৱাৰ লগতে হিন্দু-মুছলমান সকলো লোকৰ সমাগমেৰে সম্প্রীতিৰ সেতু স্বৰূপ হৈ পৰিছে দেউল উৎসৱ৷

সমগ্র দৰঙত কিমান দেউল আছে সঠিক হিচাপ দিয়া কঠিন৷ সকলোতে দেউলৰ পূজা একে হ’লেও জনসমাৱেশ আৰু ব্যৱসায়ৰ আধিক্য লৈহে দেউল ডাঙৰ বা সৰু বুলি ধাৰণা কৰা হয়৷ এইক্ষেত্রত ১২ বহাগত অনুষ্ঠিত ছিপাঝাৰৰ ঘোঁৰাবান্ধা দেউল উৎসৱটি সমগ্র অসমতেই অতি পৰিচিত৷ দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ঘোঁৰাবান্ধা দেউললৈ সর্থেবাৰী, শুৱালকুছি আদিৰ বেপাৰীৰে ভৰি পৰে আৰু অসমৰ বিভিন্ন কোণৰ পৰা মানুহৰ সমাগমে দেউলটোক এক অনন্য মাত্রা প্রদান কৰি আহিছে৷ স্মর্তব্য যে একালৰ বিখ্যাত দেউলৰ গুৰুত্ব হ্রাস পাইছে৷ ঘোঁৰাবান্ধা দেউলৰ উপৰি জিলাখনৰ কেইটামান সৰু-বৰ দেউল হ’ল– সৰু জলজলি, বামুণপাৰা, খটৰা, বুঢ়ী নগৰ, ঠেকেৰাবাৰী, ৰইনাপীত (হাজৰিকাপাৰা), মাইৰ সুঁৱৰি সত্রৰ দেউল, বিহুভাঙা, নামখলা, ধোপৰতল, ৰাজঘাট, ওদালগুৰি জিলাৰ ভিতৰত কলাইগাঁও, টংলা, খাম্পাখলা আদি ।