সদস্য বাৰ্তা:নৱনিতা গগৈ
বিষয় যোগ কৰক|
|
নমস্কাৰ, নৱনিতা গগৈ
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
|
প্ৰিয়দাস তালুকদাৰ
[সম্পাদনা কৰক]প্ৰিয়দাস তালুকদাৰ
অসমৰ সাহিত্য , সংস্কৃতিৰ লগত ওতঃপ্ৰতভাৱে জড়িত এগৰাকী ব্যক্তি হ'ল প্ৰিয়দাস তালুকদাৰ। তেখেত একাধাৰে পাঠ্যপুথিৰ প্ৰণেতা , ব্যাকৰণ প্ৰণেতা , শিশু সাহিত্যিক , অভিনেতা আৰু সমাজসেৱক আছিল । উল্লেখ্য যে , তেওঁ অসমৰ প্ৰথমখন জিলা সাহিত্য সভা ডিব্ৰুগড় জিলা সাহিত্য পৰিষদৰ প্ৰথমগৰাকী সভাপতি আছিল ।
শিক্ষা :
প্ৰিয়াদাস তালুকদাৰৰ ১৯১০ চনত বৰপেটা জিলাৰ বহৰি গাঁৱত জন্ম হয় । তেখেতে বৰপেটাৰ বহৰিতে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সাং কৰে আৰু যোৰহাট নৰ্মাল শিক্ষা গ্ৰহণ কৰে ।
কৰ্ম জীৱন :
১৯৩১ চনত ডিব্ৰগড় বৰবৰুৱা মাইনৰ স্কুলত চাকৰি জীৱনৰ আৰম্ভণি কৰে । ১৯৩৫ চনত ডিগবৈৰ অসম তেল কোম্পানীৰ মাইনৰ স্কুলত যোগদান কৰে । প্ৰায় ৪১ বছৰ শিক্ষকতা কৰি ১৯৭২ চনত অৱসৰ গ্ৰহণ কৰে ।
শিক্ষকতাৰ উপৰিও ১৯২৯ চনৰ পৰা অসম সাহিত্য সভাৰ লগত এগৰাকী স্বেচ্ছাসেৱক হিচাপে জড়িত হৈ পৰে । ১৯৩৫ চনত ডিগবৈত ' ডিগবৈ সাহিত্য সেৱা সমিতি ' গঠন কৰে । ১৯৬৫ চনত ডিব্ৰুগড় জিলাত ' ডিব্ৰুগড় জিলা সাহিত্য পৰিষদ ' গঠন কৰে । এইখনেই অসমত প্ৰথম জিলা সাহিত্য সভা গঠন হয় । এই পৰিষদ খনেই বৰ্তমানৰ ' ডিব্ৰুগড় জিলা সাহিত্য সভা ' । তালুকদাৰদেৱ এই সভাতেই প্ৰথম প্ৰতিষ্ঠাপক সভাপতি হয় ।
সাহিত্যৰাজি :
তেখেতে অসমীয়া সাহিত্যলৈ ভালেখিনি অৱদান আগবঢ়াই গৈছে । সেইবোৰৰ ভিতৰত হ'ল -
শিশু উপযোগী ৰচনা :
' কিচিঙৰ পয়মাল ' , ' পশুৰ পঞ্চশীল ' ; ' ব 'হাগীৰ বিয়া ' ; ' ৰুণজুন ' ; ' মিকুৰ পুতলা ' ; ' মই ৰজা ' ; ' মিতিৰালিৰ পৰিণাম ' আদি ।
পাঠ্যপুথি :
' দেশৰ মান মৰমী নাই
' ; ' অসম দেশৰ বিষম কথা ' ; ' আদৰ্শ চিঠি আৰু ৰচনা ' ; ' বুনিয়াদী অংক শিক্ষা ' ইত্যাদি ।
ব্যাকৰণ :
' অসমীয়া ভাষা বোধিকা ' আৰু ' উচ্চমানৰ অসমীয়া ভাষা বোধিকা ' ।
সন্মান :
১৯৯৩ চনত ডিগবৈ সাহিত্য সভা সমিতিয়ে ' ভীষ্ম পুৰুষ ' উপাধি প্ৰদান কৰে ।
১৯৮৮ চনত অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰে ।
তথ্য সংগ্ৰহ :
শইকীয়া , ভূপেন : জীৱন জ্যোতি প্ৰথম প্ৰকাশ : ২০০৬ ,
প্ৰকাশক : পূৰ্বভাৰতী প্ৰকাশন নলবাৰী , গুৱাহাটী ।
