সমললৈ যাওক

সদস্য বাৰ্তা:বিশাল আকাশ শইকীয়া

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

= পদ্মনাথ গোহাঞিবৰুৱাৰ ‘অসমৰ বুৰঞ্জী’ গ্ৰন্থখনৰ এক সামগ্ৰিক আলোচনা ( প্ৰথম খণ্ডৰ বিশেষ উল্লিখনসহ) =

[সম্পাদনা কৰক]


যিসকল মহান মণিষীয়ে আধুনিক অসমীয়া ভাষা-সাহিত্যৰ বৰঘৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল সেইসকলৰ ভিতৰত অসমীয়া সাহিত্যৰ ‘কাণ্ডাৰী’ স্বৰূপ পদ্মনাথ গোহাঞিবৰুৱা অন্যতম। প্ৰকৃততে ঊনবিংশ শতিকাৰ শেষৰ দুটা দশক আৰু বিংশ শতিকাৰ প্ৰথমছোৱা সময়ৰ অসমীয়া ভাষা-সাহিত্যৰ সমাজ-বৌদ্ধিক পটভূমি নিৰ্মাণ কৰাত বা এই পটভূমিৰ মূল অৱলম্বন হিচাপে গোহাঞিবৰুৱা প্ৰভৃতি দুই-এজন অসমীয়াই মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। গোহাঞিবৰুৱাৰ অনেক সাহিত্যকৃতিৰ মাজেৰে তেখেতৰ পাণ্ডিত্যৰ উমান পোৱা যায়। সেইবোৰৰ ভিতৰত কবিতা,নাটক, বুৰঞ্জী, আত্মজীৱনী, হাস্যৰসাত্মক ৰচনা, প্ৰবন্ধ আদি উল্লেখযোগ্য। এইসমূহৰ উপৰিও ‘জোনাকী’, ‘বিজুলী’ আদি আলোচনীক প্ৰাণময় ৰূপ প্ৰদান কৰোঁতা গোহাঞিবৰুৱাৰ বুৰঞ্জী সাহিত্য সমূহ, ‘শ্ৰীকৃষ্ণ’ আৰু ‘গীতাসাৰ’ আদি তাত্ত্বিক ৰচনাৰ মাজেৰে তেখেতৰ এক বৌদ্ধিক দৃষ্টিভংগী তথা মননৰ পৰিচয় পৰিস্ফুট হৈ উঠে।

                 অসমীয়া বুৰঞ্জীমূলক নাটক ৰচনাৰ বাটকটীয়া পদ্মনাথ গোহাঞিবৰুৱাই বুৰঞ্জী সাধনাৰ আদিপাঠ গ্ৰহণ কৰিছিল নিজৰ ঘৰখনতেই। পুৰুষানুক্ৰমে বুৰঞ্জীৰ সৈতে পোনপটীয়া সম্পৰ্ক সংস্পৰ্শ থকা গোহাঞিবৰুৱা বংশৰ পদ্মনাথৰ তেজতো বুৰঞ্জী সাধনাৰ এক অধ্যয়ন পিপাসু মনৰ স্পৃহা পৰিলক্ষিত হয়। সেয়েহে তেখেতৰ সাহিত্য সাধনাৰ পথাৰখনক এক সাৰুৱা ৰূপ প্ৰদান কৰিছে বুৰঞ্জী সাহিত্যসমূহে। আধুনিক যুগৰ দ্বিতীয়জন অসম বুৰঞ্জীৰ লেখক পদ্মনাথ গোহাঞিবৰুৱাৰ ‘অসমৰ বুৰঞ্জী’ গ্ৰন্থত অসমৰ স্বৰ্ণিল ইতিহাসৰ স্বাক্ষৰ বহনকাৰী বিষয়বোৰ অতি সুন্দৰ ৰূপত আত্মপ্ৰকাশ কৰিছে। এই আলোচনীটিত পদ্মনাথ গোহাঞিবৰুৱাৰ ‘অসমৰ বুৰঞ্জী’ গ্ৰন্থৰ বিষয়ে এক সামগ্ৰিক আলোচনা আগবঢ়োৱাৰ চেষ্টা কৰা হৈছে।
                 ‘অসমৰ বুৰঞ্জী’ গ্ৰন্থখন প্ৰথম প্ৰকাশ হৈছিল ১৮৯৯ চনত। পৰৱৰ্তী সময়ত জুন ১৯৭৬ চনত ‘অসম প্ৰকাশন পৰিষদে’ পুনৰ মুদ্ৰণ কৰি প্ৰকাশ কৰে। এই আলোচনীটি অধ্যয়নৰ মূল সমল হিচাপে অসম প্ৰকাশন পৰিষদে তৃতীয়বাৰৰ বাবে প্ৰকাশ কৰা ‘অসমৰ বুৰঞ্জী’ গ্ৰন্থখন লোৱা হৈছে। 
               ১৯৭৬ চনত প্ৰকাশিত ‘অসমৰ বুৰঞ্জী’ গ্ৰন্থৰ পাতনিত চন্দ্ৰ প্ৰসাদ শইকীয়াই উল্লেখ কৰিছে যে গোহাঞিবৰুৱাৰ অসমৰ বুৰঞ্জী পুথিখন পাঠ্যপুথি হিচাপে ৰচনা কৰা হৈছিল। কিন্তু এয়ে হ'লেও গুণাভিৰাম বৰুৱাৰ ‘আসাম বুৰঞ্জী’ৰ পাছত ৰচিত গোহাঞিবৰুৱাৰ ‘অসমৰ বুৰঞ্জী’ পুথিখন অসমৰ বুৰঞ্জী সাহিত্যৰ ক্ষেত্ৰখনত এক গুৰুত্বপূৰ্ণ মৰ্যাদা আছে। পদ্মনাথ গোহাঞিবৰুৱাই তেওঁৰ এই ‘Asomar Buranjee’ গ্ৰন্থখনৰ পাতনি (PREFACE)ত গ্ৰন্থখন ৰচনাৰ উদ্দেশ্যৰ বিষয়ে এইদৰে উল্লেখ কৰিছে -"It is some time, since my friends at Tezpur and North-Lakhimpur urged upon me the desirableness of compiling text in the History of Assam such as might prove useful as reading book on our schools. Following their suggestions and realising from my own experience as a teacher that the results of study of History of Assam in our Middle and High Schools are anything but satisfactory, and that the young pupils neither receive any distinct impression, nor acquire a love for study of history that would lead them, in after years, to pursue the subject further, from the present standards entitled "Assam-Buranjees ", which are in use a texts in the schools of Assam proper,I have endeavoured to embody in this little book, entitled “Asomar Buranjee", as many collection of authenticated historical accounts of Assam as available up-to-date, in a systematic order and abriedged form, easy for comprehension of the readers of tender age and the general reading-public as well."[১]
                  অসমৰ বুৰঞ্জী গ্ৰন্থখনত মুঠ পাঁচটা খণ্ড আছে। এই পাঁচটা প্ৰধান খণ্ডক আকৌ বিভিন্ন আধ্যাত ভাগ কৰি আলোচনা কৰা হৈছে। গ্ৰন্থখনৰ প্ৰতিটো আধ্যাতে লেখকে অসমৰ গৌৰৱময় ইতিহাসক তথ্য সহকাৰে পদ্ধতিগত ক্ৰম একোটাত সজাই আলোচনা কৰিছে। প্ৰথম খণ্ড ‘আৰম্ভণ’ৰ পৰাই অসমৰ ভৌগোলিক পৰিচয়ৰে গ্ৰন্থখনৰ মূল বিষয় আৰম্ভ হৈছে। তেওঁ এই অংশত প্ৰথমেই বিষদভাৱে তদানিন্তন সময়ৰ অসম প্ৰদেশৰ চাৰিসীমাটো বৰ্ণনা কৰিছে এনেদৰে-"উত্তৰে ভোটান, অঁকা, ডফলা, মিৰি, আপাটাঙ্গা, আবৰ আদি জাতি বাস কৰা হিমালয়ৰ নামনি পৰ্ব্বতৰ শাৰী ; পূবে মিছিমি, খামতি, চিংফৌ, পাটকাই পৰ্ব্বত, নগা- পৰ্ব্বত, মণিপুৰ আৰু ব্ৰহ্মদেশৰ সীমা; দক্ষিণে চট্টগ্ৰামৰ পৰ্বতীয়া ভাগ, ত্ৰিপুৰা পৰ্ব্বত আৰু বঙ্গদেশৰ সীমা; পছিমে মৈমনচিং, ৰংপুৰ, কোচবিহাৰ আৰু জলপাইগুৰি এই চতুঃসীমাৰ অন্তৰ্গত ৰাজ্যখণ্ডকে বর্তমান অসম প্রদেশ বোলে।"[২] লেখকে অতি পৰিপাট্যৰে পাঠকে অসম সম্পৰ্কে এক ফটফটীয়া ধাৰণা  গ্ৰহণ কৰিব পৰাকৈ গ্ৰন্থখনত তথ্য সন্নিৱিষ্ট কৰিছে। তেওঁ অসমৰ ভৌগোলিক অৱস্থানৰ লগতে অসম প্ৰদেশক ব্ৰহ্মপুত্ৰ উপত্যকা,চুৰ‌্মা উপত্যকা আৰু পৰ্বতীয়া বিভাগ; পুনৰ এই তিনিটা উপত্যকা কোনবোৰ জিলাক লৈ গঠিত তাৰ বৰ্ণনা দিছে। অৱশ্যে সেই সময়ত গোহাঞিবৰুৱাই দিয়া অসম সম্পৰ্কীয় যি মানচিত্ৰ পৰৱৰ্তী সময়ত যথেষ্ট সলনি হৈছে।
              গোহাঞিবৰুৱাই ‘অসম’ নামেৰে খ্যাত এই ভুখণ্ডৰ ইতিহাসো বিচাৰ কৰি চাইছে। তথ্যপূৰ্ণ সমলৰ আধাৰত তেখেতে ‘অসম’ নামৰ উৎপত্তিৰ বৰ্ণনা আগবঢ়াইছে। আহোমসকল অহাৰ পূৰ্বে ইয়াৰ নাম অসম নাছিল। আহোম আগমনৰ পাছত ‘আহোম স্বৰ্গদেউ’ৰ প্ৰতাপৰ বাবে এই ভুখণ্ডৰ নাম অসম আৰু পাছত আসাম হয়। অৱশ্যে এই নামটো সম্পৰ্কত অন্য বহু প্ৰচলিত মত আছে যদিও তাক গোহাঞিবৰুৱাই গ্ৰহণ কৰা নাই।
              গোহাঞিবৰুৱাই এই খণ্ডতে অসমত পোৱা সম্পদৰাজিৰ বৰ্ণনা দিছে এনেদৰে -"এৰী, মুগা, পাট, কপাহ, মেজাঙ্কৰি, ধান, সৰিয়হ, চাহ, ধপাঁত, আলু, মৰাপাট, লা, বৰ-এঠা, লোণ, গান্ধকলায়, নাগমাটি, কয়লা, মজাঠি, জালুক, আলুগুটি, সুমথিৰা টেঙ্গা, মৌ-জোল, শিং, গঁড় খড়গ, হাতীদাঁত, বিবিধ মূল্যবান কাঠ ইত্যাদি অসমৰ ঘাই উৎপন্ন বস্তু। সোৱণশিৰী নৈৰ গুৰিছোৱাত সোণগুৰি আৰু ব্ৰহ্মপুত্ৰৰ ঠায়ে ঠায়ে চূণশিল পোৱা যায়। লক্ষীমপুৰ জিলাৰ অন্তৰ্গত মাৰ্ঘেৰীতাৰ ওচৰত নতুনকৈ কেৰোচিন তেলৰ নিচিনা 'পেট্রোলিয়ম' নামে এটা তেলৰ পুং ওলাইছে, তাৰ তেল এতিয়া কেৰোচিনৰ দৰে ব্যৱহাৰত আহিছে। ১৮৬০খ্ৰীষ্টাব্দত গৱৰ্ণমেণ্টৰ আদেশ অনুসৰি ৰহিত হোৱাৰ আগলৈকে, অসমত আঙুৰ খেতিটোও বৰ বলী আছিল।"[৩]
              ইয়াৰ পাছৰ ‘অসমীয়া জাত-পাত’ত অসমত বসবাস কৰা অনেক জাতি(ব্ৰাহ্মণ, গোস্বামী, আহোম,বৈশ্য, মহন্ত বা মহাজন, কায়স্থ,গণক বা দৈবজ্ঞ,কলিতা, কেওঁট,কোঁচ, চুটিয়া আৰু মুছলমান)ৰ বিষয়ে পৰিচয়মূলক চমু বিৱৰণ আগবঢ়াইছে। তেওঁ কৈছে যে পুৰণি কালৰ পৰা অসমত হিন্দু আৰু বৌদ্ধ ধৰ্মাৱলম্বী মানুহেই আছিল যদিও লাহে লাহে আক্ৰমণকাৰী মুছলমানসকলৰ প্ৰভাৱত ইছলাম আৰু বৃটিছ আগমনৰ পাছত খ্ৰীষ্টান ধৰ্মই বিস্তাৰ লাভ কৰে।
              প্ৰথম খণ্ডটোৰ একেবাৰে শেষৰ ফালে গোহাঞিবৰুৱাই অসমীয়া ভাষাৰ উদ্ভৱ বিকাশ আৰু বিৱৰ্তন সম্পৰ্কে এক সম্যক বৰ্ণনা আগবঢ়াইছে। ইয়াত ভাষাটোৰ নাম কিদৰে অসমীয়া হ'ল তাক বৰ্ণাইছে আৰু কৈছে যে ‘অসমীয়া’ নামটো আধুনিক। পৌৰাণিক নাম কামৰূপীয়া ভাষা। অসম দেশত আহোমসকলৰ প্ৰতাপৰ বাবেই তেওঁলোকৰ নামেৰে ঠাইখিনিৰ নাম অসম আৰু প্ৰচলিত ভাষাটো অসমীয়া হয় বুলি গোহাঞিবৰুৱাই উল্লেখ কৰিছে।
        এই প্ৰসংগতে গোহাঞিবৰুৱাই অসমীয়া ভাষা আৰু আহোম ভাষাৰ মাজৰ পাৰ্থক্য স্পষ্ট কৰি কৈছে যে;‌ যদিও ‘আহোম’ শব্দৰ পৰা অসম ৰাজ্যৰ নাম হৈছে, তথাপিও অসমীয়া ভাষাটো আহোম ভাষা নহয়, আহোম বা টাই ভাষাত লিখা বুৰঞ্জী আৰু ধৰ্মপুথিসমূহে তাৰ প্ৰমাণ দিয়ে। গোহাঞিবৰুৱাই আক্ষেপ প্ৰকাশ কৰি কৈছে যে "আজিকালি আহোম ভাষা জনা মানুহৰ অভাৱত সেই অমূল্য ৰত্ন স্বৰূপ বুৰঞ্জীবিলাক আন্ধাৰতে ভেঁকুৰিছে", যিটো এশ শতাংশই সঁচা কথা।[৪]
                 অসমীয়া ভাষাৰ উদ্ভৱ সম্পৰ্কে বিশ্লেষণ কৰি তেওঁ কৈছে অসমীয়া ভাষাৰ মূল সংস্কৃত। সংস্কৃতৰ পৰা প্ৰাকৃত আৰু প্ৰাকৃতৰ পৰাই হিন্দী, কাশ্মীৰী, ব্ৰজাৱলী আদি ভাষাৰ সৈতে অসমীয়া ভাষাৰ জন্মৰ সময় একে আৰু এইবোৰৰ ক'ত ক'ত মিল আছে তাৰ উল্লেখ কৰিছে। আনহাতে বঙলাতকৈ যে অসমীয়া ভাষা আগতেই উদ্ভৱ হোৱা তাক যুক্তিৰে প্ৰমাণ কৰিছে। অসমীয়া ভাষাৰ ইতিহাসক তেওঁ তিনি ভাগত ভাগ কৰিছে -"(১)নিচেই আদিৰেপৰা শঙ্কৰদেৱৰ দিনলৈকে (২) শঙ্কৰদেৱৰ পিচৰ পৰা বৃটিচ গৱৰ্ণমেণ্টৰ আগমনলৈকে ; (৩) বৃটিচ শাসনৰ আৰম্ভণৰ পৰা বৰ্তমানলৈকে।"[৫]
                এই স্তৰটোত অসমীয়া ভাষাই কিদৰে বিৱৰ্তন লাভ কৰিছে তাৰ বৰ্ণনাৰ লগতে অসমীয়া ভাষাৰ অপসাৰণ আৰু পুনৰ প্ৰতিষ্ঠা, এইক্ষেত্ৰত হেমচন্দ্ৰ - গুণাভিৰাম আদিৰ অৰিহণাৰ কথা উল্লেখ কৰিছে। ইয়াৰোপৰি পৰৱৰ্তী সময়ত হেমকোষ ৰচনা আৰু অসমীয়া পুথি প্ৰণয়ন, সাহিত্য চৰ্চা আদিৰ দিশত অসমীয়া মানুহৰ যি উৎসাহ তাৰ বিষয়েও গোহাঞিবৰুৱাই আলোচনা কৰিছে।
                   গ্ৰন্থখনৰ দ্বিতীয় খণ্ডক আকৌ ৭টা আধ্যাত ভাগ কৰা হৈছে। এই খণ্ডটোৰ প্ৰথম আধ্যাত অসমত দানৱ,কিৰাত আৰু অসুৰ বংশী ৰজাসমূহে কৰা ৰাজত্ব কালৰ বৰ্ণনা পোৱা যায়। ২য় আধ্যাৰ পৰা ক্ৰমে ৭ম আধ্যালৈকে বিবিধ বংশৰ ৰজা,জীতাৰিবংশী ৰজাৰ ৰাজত্ব,পাল বংশী ৰজাৰ ৰাজত্ব, বাৰভূঞা,খেনবংশী ৰজাৰ ৰাজত্ব আৰু শিৰোমণি ভূঞাৰ ৰাজত্বকালৰ বিষয়ে আলোচনা কৰা হৈছে। এইখিনিতে উল্লেখযোগ্য যে পদ্মনাথ গোহাঞিবৰুৱাই এই বুৰঞ্জীখন ৰচনা কৰাৰ ক্ষেত্ৰত যথাসম্ভৱ সঠিক আৰু শুদ্ধ সমলৰ সহায় লৈছে। গ্ৰন্থখনত ব্যৱহাৰ কৰা প্ৰত্যেকটো সমলৰ বিৱৰণ গোহাঞিবৰুৱাই গৱেষণাধৰ্মীভাৱে পাদটীকাৰে উল্লেখ কৰিছে। গ্ৰন্থখন ভালদৰে অধ্যয়ন কৰিলে আমি দেখা পাওঁ যে গোহাঞিবৰুৱাই বিভিন্ন বুৰঞ্জী সাহিত্য,ৰাজবংশাৱলী,শাসনাৱলী, লিপি আদিৰ উপযুক্ত অধ্যয়নলব্ধ জ্ঞানৰ জৰিয়তে প্ৰতিটো বিষয়কে যথোচিত ক্ৰমত সজাবলৈ যত্ন কৰিছে। বিভিন্ন বিষয়ৰ আলোচনাৰ লগতে তেখেতে সমসাময়িক ভাৰত বুৰঞ্জীৰ কেতবোৰ বিষয় চমুকৈ স্পষ্ট কৰিছে।
                 ৬টা আধ্যাৰে গঠিত তৃতীয় খণ্ডটোত আহোমৰ ছশ বছৰীয়া ৰাজত্বকালৰ ইতিহাস বৰ্ণিত হৈছে। ইয়াত আহোমসকলৰ আগমনৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ শাসনকালৰ বিষয়ে সম্যক ধাৰণা আগবঢ়োৱা হৈছে। আহোম বংশাৱলীৰ উল্লিখনেৰে গোহাঞিবৰুৱাই বিভিন্ন ৰজাৰ শাসনকালৰ বিষয়ে আলোচনা কৰিছে। এই আধ্যাত আহোম ৰাজত্ব কালৰ পৰা আৰম্ভ কৰি ৰজাঘৰীয়া বহুতো প্ৰসংগৰ বিষয়ে প্ৰথমৰ পৰা ষষ্ঠ আধ্যালৈকে চমু চমুকৈ আলোচনা কৰা হৈছে।
                গ্ৰন্থখনৰ চতুৰ্থ খণ্ডটিও ৬টা আধ্যাৰে গঠিত। এই খণ্ডত অসমত ৰাজত্ব কৰা আন বহুতো ৰজা আৰু ৰাজ্যৰ বিষয়ে আলোচনা কৰা হৈছে। অসমৰ কোঁচ, চুটিয়া, কছাৰী,জয়ন্তা,শ্ৰীহট্ট, মণিপুৰৰ ৰজা আৰু তেওঁলোকৰ শাসনকালৰ বিৱৰণেৰে গোহাঞিবৰুৱাই এই চতুৰ্থ খণ্ডটি প্ৰস্তুত কৰিছে।
                 গ্ৰন্থখনৰ শেষৰটো খণ্ড আটাইতকৈ মনকৰিবলগীয়া। এই খণ্ডত ৪টা আধ্যা আছে। প্ৰতিটো আধ্যাতে গোহাঞিবৰুৱাৰ বিচক্ষণ মন আৰু পদ্ধতিগত গৱেষণাৰ উমান পোৱা যায়। অৱশ্যে গ্ৰন্থখনৰ প্ৰতিটো অংশই ইয়াৰ ব্যতিক্ৰম নহয়; তথাপিও আধুনিক চিন্তাৰে বিষয়ৰ উপস্থাপন কৰা গ্ৰন্থখনৰ যি ধাৰাবাহিকতা সি এই অন্তিমটো খণ্ডটো স্তিমিত হোৱা নাই। বৃটিছ গৱৰ্ণমেণ্টৰ পাতনিৰ পৰা আৰম্ভ কৰি অসমত প্ৰচলিত বৃটিছৰ ভূমি নীতি, পৰ্বতীয়া আৰু দাঁতি-কাষৰীয়া জাতি-জনগোষ্ঠীৰ অনেক কথা, অসমৰ চাহ খেতি, অসমত বৃটিছ শাসনৰ বিস্তাৰৰ বিষয়ে, বহুতো তথ্যৰ ব্যৱহাৰৰ সৈতে গ্ৰন্থখনৰ এই আধ্যা সামৰণি মাৰিছে।
              অন্তত গ্ৰন্থখনত থকা ‘ওপৰিঞ্চি’ নামৰ অংশটোত গোহাঞিবৰুৱাই বহুতো তথ্য দিবলৈ যত্ন কৰিছে। সেইবোৰ হৈছে - বিভিন্ন ৰজাৰ শাসনকালৰ সময়সীমা, ইংৰাজ চৰকাৰৰ চীফ্ কমিছনাৰ, গৱৰ্ণৰ জেনেৰেল আদিৰ বিভিন্ন তথ্য।
              সামগ্ৰিকভাৱে ক'ব পাৰি যে ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ পঢ়ুৱৈৰ উপযোগীকৈ ৰচিত হোৱা গোহাঞিবৰুৱাৰ ‘অসমৰ বুৰঞ্জী’ গ্ৰন্থখনত তেখেতৰ একনিষ্ঠ প্ৰচেষ্টা স্পষ্ট ৰূপত জিলিকি উঠিছে। অসম বুৰঞ্জীৰ প্ৰচুৰ জ্ঞান থকা গোহাঞিবৰুৱাই বৈজ্ঞানিক গৱেষণা প্ৰণালীৰে ‘অসমৰ বুৰঞ্জী’ পুথিখন ৰচনা কৰিছে। ইতিমধ্যে এই গ্ৰন্থখনৰ বহুকেইটা সংস্কৰণ প্ৰকাশিত হৈ ওলাইছে। প্ৰকাশিত প্ৰতিটো সংস্কৰণে  এটাতকৈ আনটোৱে উদগতি লাভ কৰিছে। এইক্ষেত্ৰত ‘পদ্মনাথ গোহাঞিবৰুৱা’ গ্ৰন্থত লীলা গগৈয়ে ‘গোহাঞিবৰুৱাৰ সাহিত্যত অসম বুৰঞ্জীৰ ৰূপ’ শীৰ্ষক আলোচনাত এইবুলি উল্লেখ কৰিছে যে-"‘অসমৰ বুৰঞ্জী’ৰ শেষৰ সংস্কৰণটো যথাসম্ভৱ সকলো তথ্য-পাতি জাৰি-জোকাৰি, সজাই-পৰাই সঙ্কলন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল, কিন্তু কিছুমান সৰু-সুৰা ভুলো নকৰাকৈ থকা নাছিল।"[৬] লীলা গগৈয়ে গোহাঞিবৰুৱাৰ বুৰঞ্জীৰ সাধনা,সমল সংগ্ৰহ, তথ্যৰ বিষয়ে ক'বলৈ গৈ উল্লেখ কৰিছে যে, তেখেতে অসমৰ চুকে-কোণে সিঁচৰতি হৈ থকা বিভিন্ন সাঁচিপতীয়া বুৰঞ্জী, বংশাৱলী, অন্যান্য পুথি, কিম্বদন্তি, আদিৰ সহায় লৈছে। শেষৰটো সংস্কৰণত বহুতো লিখিত সমলৰ সহায় লোৱা হৈছে, সেইবোৰৰ ভিতৰত -‘দেওধাই অসম বুৰঞ্জী', 'তুংখুঙ্গীয়া বুৰঞ্জী’, ‘কামৰূপৰ বুৰঞ্জী', 'অসমৰ পদ্য বুৰঞ্জী', 'কছাৰী বুৰঞ্জী', কাশীনাথ তামুলী ফুকনৰ 'আসাম বুৰঞ্জী’, হৰকান্ত বৰুৱা সদৰামিনৰ 'আসাম বুৰঞ্জী', গুণাভিৰাম বৰুৱাৰ ‘আসাম বুৰঞ্জী', 'দৰং ৰাজবংশাৱলী', এডৱাৰ্ড গেইটৰ 'হিষ্টৰী অব আসাম', জন পিটাৰ ৱেডৰ 'হিষ্টৰী অব্ দি আহোম কিংচ' আৰু 'জিয়’- গ্রাফ্রিকেল একাউণ্টচ্ অব আসাম' উল্লেখযোগ্য।[৭] গ্ৰন্থখনত গোহাঞিবৰুৱাই পাঠকৰ সুবিধাৰ্থে বুজিবলৈ অলপ অসুবিধা হোৱা প্ৰতিটো দিশৰ পাদটীকাৰ জৰিয়তে তথ্যৰ বিষদ ব্যাখ্যা প্ৰদান কৰিছে। তেখেতে এই তথ্যসমূহৰ ঠায়ে ঠায়ে বিস্তৃত আলোচনাও আগবঢ়াইছে। শেষত সকলোবোৰ দিশ চালি-জাৰি চাই ক'ব পাৰি যে কিছু ক্ষেত্ৰত গোহাঞিবৰুৱাৰ ‘অসমৰ বুৰঞ্জী’ত কিছু আসোঁৱাহ থাকিলেও অসমৰ বুৰঞ্জী সাহিত্যত তেখেতৰ এইখন গ্ৰন্থৰ এক সুকীয়া আৰু নিজস্ব মৰ্যাদা আছে।


প্ৰসংগ টীকা

১) গোহাঞিবৰুৱা, পদ্মনাথ : অসমৰ বুৰঞ্জী, পৃষ্ঠা.৬ ২) গোহাঞিবৰুৱা, পদ্মনাথ :‌ অসমৰ বুৰঞ্জী, পৃষ্ঠা.১ ৩) গোহাঞিবৰুৱা, পদ্মনাথ : অসমৰ বুৰঞ্জী, পৃষ্ঠা.২ ৪) গোহাঞিবৰুৱা, পদ্মনাথ: অসমৰ বুৰঞ্জী, পৃষ্ঠা.৫ ৫) গোহাঞিবৰুৱা, পদ্মনাথ: অসমৰ বুৰঞ্জী, পৃষ্ঠা.৬ ৬) গগৈ, লীলা : পদ্মনাথ গোহাঞিবৰুৱা, পৃষ্ঠা.৩৩৯ ৭) গগৈ,লীলা: পদ্মনাথ গোহাঞিবৰুৱা, পৃষ্ঠা.৩৪০


সহায়ক গ্ৰন্থপঞ্জী

মুখ্য উৎস: ১) গোহাঞিবৰুৱা, পদ্মনাথ: অসমৰ বুৰঞ্জী;

প্ৰকাশক: অসম প্ৰকাশন পৰিষদ, গুৱাহাটী; 

প্ৰকাশ: তৃতীয় প্ৰকাশ,২০০৪ চন

গৌণ উৎস ১) শইকীয়া, চন্দ্ৰপ্ৰসাদ(সম্পা): পদ্মনাথ গোহাঞিবৰুৱা; প্ৰকাশক: অসম প্ৰকাশন পৰিষদ, গুৱাহাটী; প্ৰকাশ: প্ৰথম প্ৰকাশ, ১৯৭১ চন

 অন্যান্য 

১) https://muktosinta.org/padnmanath_gohainbaruah/